অসম লাইভ২৪ঃ চকু ৰঙা পৰি ফুলি উঠিছে, চকু মেলিবলৈকো অসুবিধা পাইছে। চকুত কলা চছমা পিন্ধি বহুতেই এতিয়া ভিৰ কৰিছে ঔষধৰ দোকানত। চকুৰ এই ৰোগবিধৰ নাম কনকাঙ্কটিভাইটিছ। এই ৰোগৰ প্ৰতিকাৰৰ বাবে বহুতেই দোকানৰ পৰা নিজাববীয়াকৈ ক্ৰয় কৰিছে চকুৰ ঔষধ। চিকিৎসকৰ মতে এতিয়া কেৱল ঔষধ দিয়েই এই ৰোগ ভাল হয় যদিও কেইটামান ঘৰুৱা উপায় অৱলম্বন কৰি সঁকাহ পাব পাৰি।
এই ৰোগত আক্ৰান্ত হ’লে দ্ৰুতভাৱে ঠিক কৰিবলৈ কি কি পন্থা ল’ব?
১) চকুযুৰি মাজে মাজে পৰিস্কাৰ পানীৰে ধুই থাকিব।
২) ঠাণ্ডা পানীত কপাহ তিঁয়াই চকুযুৰি লাহে লাহে মোহাৰি থাকিব। চকুত হাত লগাওঁতে হাত ভালকৈ ধুই ল’ব।
৩) ঘনাই চকু মোহাৰি নাথাকিব। এই সময়ত চকু মোহাৰিবলৈ তিতা কঁপাহী কাপোৰ নাইবা তিয়াই লোৱা কঁপাহ ব্যৱহাৰ কৰিব।
৪) কটনৰ ৰুমাল হাতত ৰাখক। চকুৰ পৰা ওলোৱা পানী ৰুমালেৰে মোহাৰিব। কিন্তু ৰুমালখন পৰিষ্কাৰ হোৱাটোত নজৰ দিব।
৫) কনজাংকটিভাইটিছ হ’লে সূৰ্যৰ পোহৰৰ পৰা চকুযুৰি আঁতৰাই ৰাখক।বাহিৰলৈ ওলাওতে ক’লা চছমা পৰিধান কৰাটো জৰুৰী।
৬) টিভি, মোবাইল, লেপটপ এই সময়ত ব্যৱহাৰ নকৰিব।
৭) চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো আইড্ৰপ ব্যৱহাৰ নকৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ