অসম লাইভ ২৪ঃ ১৪ জুন সমগ্ৰ দেশকে স্তম্ভিত কৰি বিভিন্ন মিডিয়াত প্ৰকাশিত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ব্ৰেকিং নিউজ আৰু তাৰ পাছৰ পৰা গুগলত বৃদ্ধি পাইছে আত্মহত্যা কৰাৰ কৌশল বিচাৰি সর্বাধিক লোকৰ চার্ছ। নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটউট অৱ মেডিকেল চায়েন্সৰ গৱেষকে কৰা এক সমীক্ষাত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। গৱেষণাত পোহৰলৈ আহিছে আৰু কিছু চাঞ্চল্যকৰ তথ্য। ভাৰতসহ বিশ্বৰ বিভিন্ন প্ৰান্তত দহটি মৃত্যু উপায়ৰ ভিতৰত শীর্ষত আছে ‘চেল্ফ হার্ম’ অর্থাৎ নিজৰ ক্ষতি। ২০১৮ চনত ‘দ্য লানচেট পাব্লিক হেল্থ জার্ণেল’ত প্ৰকাশিত ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচার্ছৰ এটা গৱেষণাত কোৱা হৈছিল ২০১৬চনত সমগ্ৰ দেশত আত্মহত্যা কৰি মৃত্যু হৈছে ২,৩০,৩১৪ জনৰ। নিজৰ হাতেৰে নিজৰ জীৱন শেষ কৰি দিয়াৰ প্ৰৱণতা আটাইতকৈ বেছি কমবয়সীয়া লোকৰ মাজত। ২০১৬চনত ভাৰতত আটাইতকৈ বেছি আত্মহত্যাৰ পথ বাছি লৈছিল ১৫ৰ পৰা ৩৯ বছৰীয়া লোকে। ভাৰতত প্ৰতিদিনে ৩৮১ জন আত্মঘাটী হৈছে। শীর্ষত আছে মহাৰাষ্ট্ৰ। এইমছৰ মনোৰোগ বিভাগৰ অধ্যাপক আৰু এই গৱেষণাৰ প্ৰধান ডাঃ ৰাজেশ সাগৰে জনাইছে ইণ্টাৰনেটত আত্মহত্যা কৰাৰ বিভিন্ন পন্থা বিচাৰি গুগলত চার্ছ কৰাৰ প্ৰৱণতা বাঢ়িছে সমগ্ৰ দেশত। ইয়াৰ পৰা প্ৰমাণিত হয় Werther Effect কেনেকৈ প্ৰভাৱ পেলাইছে। ৫৮ শতাংশ প্ৰবন্ধত উত্তেজনাপ্ৰৱণ ভাষা ব্যৱহাৰ কৰা হয়, ৫৯.৫ শতাংশ প্ৰতিবেদনত ছুইচাইডৰ স্থানৰ বিস্তাৰিত বিৱৰণ দিয়া হয়। Werther Effect হ’ল কোনো এটা আত্মহত্যা ঘটনাৰ বিস্তাৰিত মিডিয়া কভাৰেজ প্ৰতিদিনে দেখি আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পোৱাকে Werther Effect বুলি কোৱা হয়। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত প্ৰকাশ পোৱা এই সমীক্ষাত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















