অসম লাইভ২৪ঃ এই পৰাজয়ৰ যন্ত্ৰণা ইমান সহজে জানো পাহৰিব পাৰি। বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছে টীম ইণ্ডিয়া। দেওবাৰে বিশ্বকাপৰ ফাইনেলৰ কেইবাটাও দিন পাৰ হ’ল যদিও এতিয়াও দেশত এই পৰাজয়ৰেই চৰ্চা চলি আছে। পৰাজয়ৰ যন্ত্ৰণা বুকুত থাকিলেও সময় জানো ৰৈ থাকিব। সময় বাগৰিবই এই আমোঘ নিয়মৰ সূত্ৰ ধৰিয়েই বিশ্বকাপ জয়ৰ পাছত কিমান ধন লাভ কৰিলে অষ্ট্ৰেলিয়াই? ৰানাৰ্ছ আপ হৈ ভাৰতে কিমান ধন লাভ কৰিলে সেই হিচাপ ভাইৰেল হৈছে।
আইচিচিৰ এক সূত্ৰই প্ৰকাশ কৰামতে এইবাৰৰ বিশ্বকাপত সকলোতকৈ বেছি ধন লাভ কৰিছে অষ্ট্ৰেলিয়াই। ৰানাৰ্ছ আপ হৈ ৰোহিতৰ দলেও যথেষ্ট ধন লাভ কৰিছে। বিশ্বকাপত অংশ লোৱা ১০টা দলে কিমান ধন লাভ কৰিছে?
১) বিশ্বকাপৰ চেম্পিয়ন দল অষ্ট্ৰেলিয়াই ভাৰতীয় মুদ্ৰাত ৩৩কোটি টকা লাভ কৰিছে বুলি জনাইছে আইচিচিয়ে। ফলত অষ্ট্ৰেলিয়াই ২০২৩ৰ এদিনীয়া বিশ্বকাপত চেম্পিয়ন হিচাপে প্ৰায় ৩৩ কোটি লাভ কৰিছে অষ্ট্ৰেলিয়াই।
২) গ্ৰুপ লিগৰ প্ৰতিখন মেচত জয়ী হোৱাৰ বাবেও ৩৩ লাখ টকা লাভ কৰিছে অষ্ট্ৰেলিয়াই। এই হিচাপ প্ৰতিটো দলৰ বাবেই প্ৰযোজ্য। এইবাৰৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ মুঠ আয় ৩৫.১০কোটি টকা।
৩) বিশ্বকাপৰ ৰানাৰ্ছ দল হিচাপে টীম ইণ্ডিয়াই লাভ কৰিছে ১৬কোটি টকা।
৪) গ্ৰুপ লীগৰ ৮খন মেচত ভাৰত জয়ী হৈছিল। ফলত এইবাৰৰ বিশ্বকাপৰ পৰা ভাৰতীয় দলে মুঠ ১৮.৯৭ কোটি লাভ কৰিছে।
৫) বিশ্বকাপৰ দুই ছেমিফাইনেলিষ্ট দল হিচাপে নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই ৬কোটি টকা লাভ কৰিছে। ইয়াৰ সৈতে যুক্ত হৈছে গ্ৰুপ লীগ জয় কৰা মেচৰ হিচাপ।
৬) কোনো দলে যদি লীগ পৰ্যায়ৰ ৯খন মেচৰ এখনতো জয়লাভ কৰা নাই তেন্তে কেৱল পাৰ্টিশ্বন ফি’হে আইচিচিয়ে দিছে। আইচিচিয়ে এই দলসমূহক প্ৰায় ৮৬লাখ টকা প্ৰদান কৰিছে। ছেমিফাইনেলত নুঠা আটাইকেইটা দলেই এই ধন লাভ কৰিছে।
৭) এইবাৰৰ বিশ্বকাপত নেদাৰলেণ্ড, বাংলাদেশ আৰু শ্ৰীলংকাই সৰ্বনিম্ন দুখন মেচ জয় কৰিছে। লীগ পৰ্যায়ৰ এখন মেচ জয় কৰাৰ বাবে আইচিচিয়ে তেওঁলোকক ৪০হাজাৰ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত ৩৩লাখ টকা আগবঢ়াইছে। এই হিচাপত এই তিনিখন দেশে এইবাৰৰ বিশ্বকাপত প্ৰায় ১কোটি ৪৬লাখ ৭০হাজাৰকৈ ধন লাভ কৰিছে।
৮) এই হিচাপত এইবাৰৰ বিশ্বকাপত ৪খন মেচ জয় কৰা পাকিস্তান আৰু আফগানিস্তানে লাভ কৰিছে ২কোটি ১৫লাখ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ