ডিজিটেল ডেস্কঃ এটা পুৱাৰ যেতিয়া সুন্দৰ আৰম্ভণি হয়, তেতিয়া দিনটো ভালে যায়। গতিকে এটা দিন আৰম্ভ কৰোতে সদায়েই সাৱধান হওক। পুৱা চাহকাপৰ সৈতে যদিহে আপুনি নাখাব লগীয়া কিছু বস্তু সেৱন কৰে তেতিয়া আপোনাৰ সমগ্ৰ দিনটোৱেই অশান্তিকৰভাৱে পাৰ হব। এতিয়া জানো আহক, ৰাতিপুৱা চাহৰ সৈতে কি কি বস্তু আমি কেতিয়াও খাব নালাগে।
১. পিয়াজঃ বিশেষজ্ঞসকলে কয় যে ৰাতিপুৱা কোনো খাদ্যৰ সৈতে কেঁচা পিয়াজ খালে তাৰ সৈতে ভুলতো চাহ সেৱন নকৰিব।। চাহ-পিঁয়াজ একেলগে খালে গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি পায়।
২. কণীঃ চিকিতসকসকলৰ মতে ৰাতিপুৱাৰ চাহৰ লগত কণী নাখাব। বিশেষজ্ঞসকলে কৈছে যে চাহ খোৱাৰ কিছু সময়ৰ পিছতহে ব্ৰেকফাষ্টত কণী খাব লাগে, কিন্তু চাহ আৰু কণী একেলগে খোৱাতো ক্ষতিকাৰক।
৩. চালাডঃ ব্ৰেকফাষ্টত আপুনিও হয়তো চালাড খাই ভাল পায়, কিন্তু এয়া খুবেই অপকাৰী। ব্ৰেকফাষ্টত চালাডৰ সৈতে চাহ খোৱাটো শৰীৰৰ বাবে অতিকৈ অপকাৰী।
৪. চাহঃ গৰম হওক বা ঠাণ্ডা হওক যেনেকৈয়ে পাই তেনেকৈয়ে বহুতে চাহ খাই ভাল পায়। কিন্তু বিশেষজ্ঞসকলে কয় যে চাহ কেতিয়াও ঠাণ্ডা হ’লে সেৱন কৰিব নালাগে, ই শৰীৰৰ বহু ক্ষতি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ