• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিনত ১৫ ঘণ্টা কামেই কৰে! দৰমহা নোলোৱাকৈয়ে হাজাৰ কোটিৰ মালিক কেনেকৈ হ’ল ৰামদেৱৰ ঘনিষ্ঠ বালকৃষ্ণ?

দিনত ১৫ ঘণ্টা কামেই কৰে! দৰমহা নোলোৱাকৈয়ে হাজাৰ কোটিৰ মালিক কেনেকৈ হ’ল ৰামদেৱৰ ঘনিষ্ঠ বালকৃষ্ণ?

3 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

2 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

3 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

3 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

4 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

4 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

6 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

7 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

8 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিনত ১৫ ঘণ্টা কামেই কৰে! দৰমহা নোলোৱাকৈয়ে হাজাৰ কোটিৰ মালিক কেনেকৈ হ’ল ৰামদেৱৰ ঘনিষ্ঠ বালকৃষ্ণ?

editor by editor
January 12, 2024
in জীৱনশৈলী, ভাৰত, লেখা, শিক্ষা
0
দিনত ১৫ ঘণ্টা কামেই কৰে! দৰমহা নোলোৱাকৈয়ে হাজাৰ কোটিৰ মালিক কেনেকৈ হ’ল ৰামদেৱৰ ঘনিষ্ঠ বালকৃষ্ণ?
0
SHARES
643
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ সৰু ডাঙৰ প্ৰায় সকলো চহৰতেই পতঞ্জলীৰ এখনকৈ হ’লেও বিপনী আছে। পতঞ্জলীৰ কথা আহিলেই পোনতেই আমাৰ মনত পৰে ৰামদেৱৰ কথা। কিন্তু আমি বহুতেই নাজানো যে ‘পতঞ্জলী’ৰ আঁৰত ৰামদেৱৰ ওপৰিও আছে অন্য এজন ব্যক্তি। তেওঁ আচাৰ্য বালকৃষ্ণ। বালাকৃষ্ণ এই আয়ুৰ্বেদ সংস্থাৰ চেয়াৰমেন আৰু চিইঅ’। যোগগুৰু ৰামদেৱৰ তেওঁ অতি বিশ্বস্ত। দিনত প্ৰায় ১৫ঘণ্টা সময়েই কামত ব্যস্ত হৈ থাকে বালকৃষ্ণ। দিনৰ প্ৰায়খিনি সময়েই তেওঁ এই সংস্থাটোৰ হৈ কাম কৰে তাৰপাছতো সংস্থাৰ পৰা কিন্তু এটকাও দৰমহা নলয় বালকৃষ্ণই। বেতন অবিহনেও কিন্তু কোটি কোটি টকাৰ মালিক বালকৃষ্ণ।

১৯৭২চনৰ ৪ আগষ্টত জন্ম বালকৃষ্ণৰ। তেওঁৰ জন্ম হৈছিল নেপালত। নেপালৰ পৰা ভাৰতলৈ আহিছিল বালকৃষ্ণৰ পৰিয়াল। ভাৰতলৈ কেতিয়া আহিছিল বালকৃষ্ণ সেই লৈ কিন্তু বহু দ্বিমত আছে। হাৰিয়ানাৰ খানপুৰৰ গুৰুকুলত ৰামদেৱৰ সৈতে দেখা হৈছিল বালকৃষ্ণৰ। তাতেই বালকৃষ্ণৰ সৈতে পোনতে পৰিচয়, তাৰপিছতেই ঘনিষ্ঠতা। ১৯৯৫ চনত ৰামদেৱ, বালাকৃষ্ণ আৰু আচাৰ্য কৰ্মবীৰে মিলি আৰম্ভ কৰে যোগ মন্দিৰ ট্ৰাষ্টৰ। হৰিদ্বাৰৰ কৃপালু বাগ আশ্ৰমতেই এই ট্ৰাষ্ট আৰম্ভ হৈছিল। ২০০৬ চনত আয়ুৰ্বেদ সংস্থা ‘পতঞ্জলী’ পোনতে আৰম্ভ কৰে ৰামদেৱ, বালকৃষ্ণ আৰু আচাৰ্য কৰ্মবীৰে। সূত্ৰৰ ৰিপৰ্ট অনুসৰি ভক্তৰ অনুদান আৰু ঋণ লৈ এই সংস্থা আৰম্ভ কৰে তিনিওগৰাকীয়ে। ইয়াৰোপৰি এই সংস্থাত কিন্তু ৰামদেৱৰ কোনো অংশীদাৰিত্ব নাই। তেওঁ কেৱল এই সংস্থাটোৰ ব্ৰেণ্ড এম্বেছাডৰহে।

‘পতঞ্জলী’ৰ প্ৰধান মানুহ হৈছে বালাকৃষ্ণহে। বালাকৃষ্ণ পেছাত এগৰাকী আয়ুৰ্বেদ চিকিৎসকহে। প্ৰচাৰত তেওঁ আহিব নোখোজে বাবেই প্ৰচাৰৰ বাবে তেওঁ আনিছিল ৰামদেৱক। কেতিয়াবাহে তেওঁ প্ৰচাৰৰ বাবে কেমেৰাৰ সন্মুখলৈ আহে। পতঞ্জলীৰ কামকাজতেই তেওঁ দিনে ৰাতিয়ে ব্ৰতি থাকিলেও এই সংস্থাৰ পৰা কিন্তু এটকাও দৰমহা নলয় বালকৃষ্ণনে। দৰমহা অবিহনেও বালকৃষ্ণৰ সম্পত্তি দেখিহে চকু কঁপালত উঠিছে বহুজনৰ। এক সূত্ৰই প্ৰকাশ কৰামতে বালকৃষ্ণ প্ৰায় ৩৬০কোটি ডলাৰৰ মালিক। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান হৈছে ২৯হাজাৰ কোটি।

উল্লেখ্য যে পতঞ্জলীত বালকৃষ্ণৰ শ্বেয়াৰ আছে। সংস্থাত তেওঁৰ ৯৪শতাংশ শ্বেয়াৰ আছে। পতঞ্জলীকে ধৰি ৩৪টা সংস্থা চলাই আছে বালকৃষ্ণই। পতঞ্জলীৰ মাৰ্কেটিম আৰু বিজ্ঞাপন কৌশলো নিৰ্ধাৰণ কৰে বালকৃষ্ণই। কৰ্মী নিয়োগৰ পৰা পণ্য বিক্ৰিলৈ সকলোবোৰ বালকৃষ্ণই চকু ৰাখে। তেওঁ মাৰ্কেটিঙৰ ক্ষেত্ৰটো বিশেষ পদ্ধতি বাচি লৈছে। বালকৃষ্ণৰ ‘পতঞ্জলী’য়ে তৈয়াৰ কৰা পণ্যসমূহৰ সৈতে ভাৰতৰ সংস্কৃতিৰ কথাবোৰক সাঙুৰি বিজ্ঞাপন প্ৰচাৰ হয়। মূলত ভেষজ উপাদানৰ পৰা ‘পতঞ্জলী’ৰ সামগ্ৰীসমূহ তৈয়াৰ হয়। পতঞ্জলীৰ ইউএছপি তৈয়াৰ কৰাৰ নেপথ্যত আছে বালকৃষ্ণ। ২০১২ চনত এই সংস্থাৰ মুঠ আয় আছিল ৫কোটি ৬০লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ৪০০কোটি। ২০১৫ চনত ‘পতঞ্জলী’ৰ মুঠ আয় আছিল ৬৩কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ৫হাজাৰ কোটি। ২০১৯-২০২০ বৰ্ষত পতঞ্জলীৰ আয় বৃদ্ধি হৈ হয়গৈ ৯০২২কোটি টকা। আমাজন, বিগ বাস্কেটৰ দৰে ই-কমাৰ্ছ কোম্পানীৰ সৈতেও চুক্তিবদ্ধ হৈছে পতঞ্জলী। পতঞ্জলীৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত অত্যাধুনিক সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে কোম্পানীটোৰ চিইঅ’ বালকৃষ্ণই।

২০১৯ চনত এটা তেল প্ৰস্তুতকাৰী সংস্থাও অধিগ্ৰহণ কৰিছে বালকৃষ্ণই। ব্যৱসায়ত সফল বালকৃষ্ণৰ প্ৰচাৰ বাঢ়িবলৈ ধৰোতেই কিন্তু তেওঁৰ সৈতে যুক্ত হৈ পৰিছে বিতৰ্কও। ২০১১ চনত তেওঁৰ বিৰুদ্ধে অভিযোগ আহিছিল যে পাছপৰ্ট বনোৱাৰ বাবে তেওঁ ভুৱা নথিৰ আশ্ৰয় লৈছিল। অভিযোগমতে বালকৃষ্ণৰ হাইস্কুল আৰু নন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ পৰা ওলোৱা সকলো নথিয়েই ভুৱা। তেওঁ উল্লেখ কৰা বিদ্যালয়, বিশ্ববিদ্যালয়ত বালকৃষ্ণই শিক্ষাগ্ৰহণ কৰাৰ কোনো প্ৰমাণেই নাই। বিশ্ববিদ্যালয়ৰ নথিতো তেওঁৰ নাম উল্লেখ নাই। ইয়াৰোপৰি বালকৃষ্ণৰ নাগৰিকত্বক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে চিবিআইয়ে। নাগৰিকত্বৰ প্ৰমাণ দাঙি ধৰিবলৈকো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জাননী প্ৰদান কৰিছিল বালকৃষ্ণক। বিগত দুবছৰে কিন্তু এই প্ৰমাণ দাঙি ধৰা নাই বালকৃষ্ণই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

August 21, 2026
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!
বাণিজ্য

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

August 21, 2026
Next Post
তেওঁ কৰ্মফল ভুগিছে, হীৰেন গোহাঁই সচাঁকৈ ২নম্বৰী মাল…

তেওঁ কৰ্মফল ভুগিছে, হীৰেন গোহাঁই সচাঁকৈ ২নম্বৰী মাল...

২০২৪ত এই তিনিটা ৰাশিৰ লোকৰ হাতলৈ আহিব ধন লগতে জীৱনলৈ নামিব সুখ-শান্তি…

২০২৪ত এই তিনিটা ৰাশিৰ লোকৰ হাতলৈ আহিব ধন লগতে জীৱনলৈ নামিব সুখ-শান্তি…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.