ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অসমত কি কি নীতি নিয়ম মানি চলা হ’ব সেই বিষয়ে সংবাদমেল যোগে বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ দিনা ৰাহুল গান্ধীক ৰোড শ্ব’ কেনছেল কৰিবলৈ কৈ মুখ্যমন্ত্ৰীয়ে ক’লে কেইবাটাও কথা।
‘আমি আৱতৰীয়া দেৱালী নকৰো, যথাসম্ভৱ যি পাৰে কৰিব। সন্ধিয়া চাকি এগছ জ্বলাব পাৰে। আইমাতৃসকলে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পাছত অলপ নাম কীৰ্তন কৰিবলৈ চেষ্টা কৰিব। মুঠতে ৪টা অনুৰোধ আছে। শিক্ষানুষ্ঠানসমূহ অৰ্ধছুটী দিয়া হ’ব। অন্যান্য কাৰ্যালয় ৪বজাৰ পাছত খুলিব। ব্যক্তিগত খণ্ডৰ সকলেও প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত অলপ সময় বন্ধ দিলে আমি ভালপাম।
ইছলাম ধৰ্মাৱলম্বী লোক বা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকেও যাতে স্পেছিয়েল প্ৰে এটা কৰে সেই বিষয়েও অনুৰোধ জনাম। ইছলাম ধৰ্মাৱলম্বীসকলেও এবাৰ দোৱা প্ৰাৰ্থনা কৰি দিব কাৰণ এয়া ভাৰতীয় সভ্যতাৰ বিজয়। এয়া ধৰ্মৰ বিজয় নহয়। বাবৰ এক অপশক্তিয়ে, নিজৰ ধৰ্মৰো তেওঁ প্ৰতিষ্ঠাতা নহয়। ভাৰতৰ জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে এই দিনটোত প্ৰাৰ্থনা কৰক। কাইলৈ হয়তো বহুতে আৱতৰীয়া দিপাৱলী পালন কৰিবলৈ আহিব, সেয়ে মই জিলা আয়ুক্তক নিৰ্দেশ দিছো যাতে স্পৰ্শকাতৰ এলেকাত আৰক্ষীৰ পেট্ৰলিং থাকে। ছেনচিটিভ এলেকাৰ ৰাইজে সমদল নকৰিব। কংগ্ৰেছে কাইলৈ মৰিগাওঁ, জাগীৰোড আদিত ৰাহুলে ৰোড শ্ব’ নকৰাই ভাল। কাৰণ এই এলেকাত এটা ধৰ্মৰ মানুহ এই ৰেলীলৈ ওলাই আহিলে পৰিবেশ বিঘ্নিত হ’ব। কাইলৈ হিন্দু মানুহৰ মনবোৰ বেয়া হৈ থাকিব সেয়ে তেওঁ কাইলৈ এই শ্ব’ কেনছেল কৰিবলৈকে মই ৰিকুৱেষ্ট কৰিম। এদিন ৰেষ্ট লওক। অসমৰ অক্সিজেন লওক। বটদ্ৰৱাক ৰাম মন্দিৰৰ মাজলৈ প্লীজ লৈ নাহিব। কাইলৈ দিনটো ৰৈ দিলে অসমৰ মানুহ কৃতজ্ঞ হ’ব।
নেশ্ব্যনেল মিডিয়াৰ আগত অসমৰ পৃথক ৰূপ এটা দেখুৱাই নিদিলে আমি ভালপাম। আপুনি কিয় নেলীৰ দৰে ছেনছিটিভ এলেকাত যাব লাগে? কিয় এইবোৰ এলেকাত গৈ দুৰ্যোগ চপাই ল’ব লাগে। কিবা এটা হ’লে নেশ্ব্যনেল মিডিয়াই ৰাম মন্দিৰৰ প্ৰগ্ৰাম এৰি এই নিউজ চলাবলৈ বাধ্য হৈ পৰিব। অসম এতিয়া চেলিব্ৰেছন মুডত আছে। ৰাহুল গান্ধী ভুটানৰ ৰজা নেকি? মই মহিলাক ফৰ্ম দিছো কংগ্ৰেছীৰ প্ৰবলেম। ৰাহুল আহিব বুলি চৰকাৰী প্ৰগ্ৰাম বন্ধ কৰি দিম নেকি? আৰে ভাই এতিয়া মই ৰাহুলৰ মিটিঙৰ বাবেও মানুহ যোগান ধৰিব লাগিব। এতিয়া মই সকলোবোৰ কামাণ্ডোক তাত নমাই দিব লাগিব। চেলিব্ৰেছনৰ সময়ত এইবোৰ ভাল লাগে নেকি? মোৰেই মূৰটো গৰম কৰিবলৈ তাত গৈছে। মই কিমান কৰিম আৰু, সহায় কৰাৰো এটা লিমিট আছে। মোৰ কালি বেলেগ কাম আছিল, কালিৰ দিনটোতেই মৰিগাওঁ, নেলী যাবলৈ কিহে পাইছে? ভগৱানে কৰক একো নহয়, আছামৰ মানুহ মেছিবৰ্ড, তথাপিও মইতো ৰিক্স ল’ব নোৱাৰো। মই সেয়ে ৰিকুৱেষ্ট কৰিছো, কিন্তু মোকেই গালি দি দিয়ে। মূৰত কথাটো মাথাত সোমোৱাই নাছিল কালি নেশ্ব্যনেল নিউজ দেখিহে কথাটো ভাৱিছো। তেওঁলোকে হেডলাইন দিছে, মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে আনফালে শংকৰদেৱৰ জন্মস্থানত ৰাহুল। আমিতো তেওঁক সত্ৰলৈ মতা নাই। আৰে আহিবলৈ বহুত সময় আছে, আহক, আমিতো বেয়া নাপাও। মই তেওঁৰ মিটিঙত মানুহ আহিলে বেয়া নাপাও। গুৱাহাটী পাৰ হ’লেতো মানুহে মানুহ পাব এতিয়াই ইমান খৰধৰ কিয়?
মুছলমান সমাজক আমি বহুত দিছো। গিৰীয়েকে বাধা নিদিলে মুছলমান মহিলাই আমাকেই ভোট দিব। এই চৰকাৰে মুছলমান মহিলাৰ কাৰণেই বেছি কাম কৰিছে। গাৰ্লছ কলেজ খোলা, বাল্য বিবাহ বন্ধ কৰা আদিতো আমিয়ে কৰিছো। মই মিঞা ক’লে বেয়া পাই, শ্বেৰমানে মোক নিজেই মিঞা বুলি ক’বলৈ কয়। মিঞা মাতৃ আৰু ছোৱালী মোৰেই পাৰ্টনাৰ। মোক চুমা দিয়াৰ পৰা আশীৰ্বাদলৈকে সকলো দিয়ে। মেডিকেল কলেজ থকাৰ বাবে মই গুৱাহাটীৰ এটা ৰাস্তা সলাবলৈ কৈছো। নেশ্ব্যনেল হাইৱেৰে যাওক। হাইৱে গুৱাহাটীৰ বাহিৰত নেকি? কংগ্ৰেছৰ ভালৰ কাৰণে মই সিঁহতক অলপ এডভাইছ দিছো। এনেকৈ কৰিলে আৰু ভোট নাপাব। মইতো পুলিছ লগাই তামাচা নকৰো ডাইৰেক্ট কেছ ৰেজিষ্টাৰ কৰিম। দেওবাৰ হ’লে মই যাব দিলো হয়। কংগ্ৰেছে ইমান দিন হিমন্ত বিশ্ব শৰ্মাক ভয় কৰিছিল এতিয়া মোৰ বাচ্ছাকো ভয় কৰে। মোৰ বাচ্ছা দুটাতো ৰাজনীতিত নাহে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ