• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৌৰৱ

নগাঁৱত গৌৰৱ। প্ৰদ্যুতৰ কি হ’ব?

2 years ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

4 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

4 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

4 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

5 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

5 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

6 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

6 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

6 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

6 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

7 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

7 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নগাঁৱত গৌৰৱ। প্ৰদ্যুতৰ কি হ’ব?

editor by editor
February 21, 2024
in অসম, ৰাজনীতি
0
গৌৰৱ
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এনেয়ে মৰিছো ঋষিৰ শাপত৷ তাতে আকৌ দিছে ধানৰ ভাপত৷ সম্প্ৰতি অসম প্ৰদেশ কংগ্ৰেছৰ অৱস্থা এনেকুৱাই হৈছে৷ সাধাৰণ নেতা-কৰ্মীক বাদেই দিলো, খোদ বিধায়কে অগপ অথবা বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে৷ তেনে সময়তেই আন এক ঘটনাচক্ৰই জোঁকাৰি গৈছে প্ৰদেশ কংগ্ৰেছক৷ বিশেষকৈ লোকসভাৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ লৈছে দলৰ ভিতৰচ’ৰাত৷ ধুবুৰীত ৰকিবুল হুছেইনে নিজকে স্বয়ম্ভূ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ লগে লগে নামনিৰ কংগ্ৰেছী বিধায়ক-নেতাসকল একগোট হৈ তীব্ৰ ক্ষোভ উজাৰিছে৷ ধুবুৰীৰ কেইবাজনো স্থানীয় যোগ্য প্ৰাৰ্থী থকা সত্ত্বেও ৰকিবুল হুছেইনে সমষ্টিটো নিৰ্বাচন কৰাৰ পাছত যেন কদোৰ বাহত জুই লাগিছে৷ ৰকিবুলৰ দৰে এতিয়া নগাঁৱত জুই লগাইছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে৷

ৰাজ্যৰ কংগ্ৰেছীসকলৰ মনত প’ষ্টাৰ বয়ৰূপে স্থান পোৱা গৌৰৱ গগৈয়ে মন মেলিছে নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ৷ বাস্তৱিকতে কংগ্ৰেছৰ প’ষ্টাৰ বয় গৌৰৱে নিজৰ জয়ক লৈয়ে সন্দিহান হৈ পৰিছে৷ সেয়ে নকৈ গঠিত কাজিৰঙা অথবা যোৰহাটত প্ৰাৰ্থী হ’বলৈ অনিচ্ছুক গগৈ৷ কিয়নো, এই দুয়োটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছৰ প’ষ্টাৰ বয় যে পৰাজিত হ’ব সেয়া নিশ্চিত৷ যাৰ বাবে গৌৰৱৰ চকু নগাঁও লোকসভাত পৰিছে৷ দীৰ্ঘদিন ধৰি গেৰুৱা দলৰ দখলত থকা নগাঁও লোকসভা ২০১৯ৰ নিৰ্বাচনত পুনৰুদ্ধাৰ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে৷ নগাঁওবাসীৰ হৈ যথেষ্টখিনি কামো কৰিছিল বৰদলৈয়ে৷ কিন্তু, কংগ্ৰেছৰ লেং মৰা ৰাজনীতিৰ বলি হ’বলৈ ওলাইছে ৰাজ্যৰ ৰাজনীতিত ভদ্ৰ ৰাজনীতিক হিচাপে পৰিচিত প্ৰদ্যুৎ বৰদলৈ৷

কংগ্ৰেছৰ এটা শক্তিশালী লবীয়ে প্ৰদ্যুৎ বৰদলৈক টিকটৰ পৰা বঞ্চিত কৰিবলৈ উঠি-পৰি লাগিছে৷ এই লবীটোৰ ছত্ৰছায়াত থাকি গৌৰৱ গগৈয়ে প্ৰদ্যুৎ বৰদলৈৰ অজ্ঞাতে বুধবাৰৰে পৰা নগাঁও সংসদীয় সমষ্টিত আৰম্ভ কৰিছে কৰ্মীসভা৷ আজি ধিঙৰ গৰিয়া কাৱৈমাৰীত এখন কৰ্মীসভাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে৷ এই কৰ্মীসভাত এজন কংগ্ৰেছ নেতাই উদাত্ত ভাষণেৰে নগাঁৱত গৌৰৱ গগৈক বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰে৷ উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও লোকসভাত মুছলমান ভোটাৰৰ সংখ্যা জয় জয়-ময় ময় হৈ উঠিছে৷ সংসদত কোনোদিনে খিলঞ্জীয়া অসমীয়াৰ হৈ এটা মাত মাতি নোপোৱা কংগ্ৰেছৰ প’ষ্টাৰ বয় গৌৰৱ গগৈয়ে মুছলমান ভোটেৰে জয়ৰ সপোন দেখিবলৈ লৈছে৷ যাৰ বাবে নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ অজ্ঞাতে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে৷

নগাঁও কংগ্ৰেছত উলম্ব বিভাজন

একাংশই বিচাৰে প্ৰদ্যুৎ বৰদলৈক৷ আন এটা অংশই বিচাৰে গৌৰৱ গগৈক৷ বৰদলৈ আৰু গৌৰৱক লৈ ৰছী টনা খেলক লৈয়ে এতিয়া নগাঁও কংগ্ৰেছ দ্বিবিভক্ত হৈ হৈছে৷ ধুবুৰীৰ দৰে নগাঁৱতো প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈ উঠিছে৷ এই সংঘাতত ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল বাৰুকৈয়ে হতাশ হৈছে৷ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কথা শুনিবলৈ ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন আদিৰ সময় নাথাকিলে দলটো যে অনাগত দিনত আৰু বিপদত পৰিব সেয়াও কিন্তু ধুৰূপ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Congressgaurav gogoilok sabha election 2024nagaonpradyut bordoloi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

June 6, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
Next Post
অমিতাৰ বীজ

আপুনি অলাগতীয়াল বুলি পেলাই দিয়া অমিতাৰ বীজৰ মূল্য জানেনে? আছে অনেক ঔষধি গুণ

ঐশ্বৰ্য

ঐশ্বৰ্যক ৰাজনীতিলৈ টানি বিপদত ৰাহুল! উভতি ধৰিছে বলীউডৰ কণ্ঠশিল্পীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.