খেতিয়কৰ ঘৰত জন্মান্ধ হিচাপে জন্ম হৈয়ো পিছ পৰি নাথাকি থিয় কৰাই দিলে ৫০ কোটি টকাৰ ব্যৱসায়
মধ্যবিত্ত পৰিয়াল এটিত জন্ম হোৱা এগাৰকী যুৱক, তাতে আকৌ জন্মৰে পৰা অন্ধ। জন্মৰ পাছতে পৰিয়ালৰ লোকে মাৰি পেলোৱাৰো কথা কৈছিল । হাজাৰ হলেও পিতৃ-মাতৃৰ বাবে মৰমৰ সন্তান।
বহু কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰি পঢ়াই শুনাই ডাঙৰ কৰে সেই অন্ধ ল’ৰাটোক। যি ডাঙৰ হৈ বৰ্তমানে থিয় কৰাইছে নিজৰ ব্যৱসায়। যাৰ নেট ৱৰ্থ ৫০ কোটি টকা। লগতে কৰ্ম সংস্থাপন দিছে হাজাৰৰো ওপৰ কৰ্মচাৰীক। সেই যুৱকৰ নাম হৈছে শ্ৰীকান্ত ভেল্লা।
জন্মৰে পৰা অন্ধ হৈয়ো শ্ৰীকান্তে এম আই টিৰ পৰা গ্ৰেজুৱেট হিচাপে ডিগ্ৰী লাভ কৰে, আৰু এনেদৰে ডিগ্ৰী লাভ কৰা বিশ্বৰ ভিতৰতে প্ৰথম। ডিগ্ৰী লাভৰ পাছতে বহু ঠাইৰ পৰা কৰ্মৰো অফাৰ লাভ কৰে। আমেৰিকাৰ পৰাও কোটি টকাৰ দৰমহাৰ চাকৰি লাভ কৰে।
কিন্তু ভাৰততে থাকি দেশৰ বাবেই কিবা এটা কৰাৰ মানসেৰে ভাৰততে আৰম্ভ কৰে ব্যৱসায়। যি বৰ্তমানে ৫০ কোটি টকাৰ ব্যৱসায় চলাই আছে।
সেই জন্মান্ধ শ্ৰীকান্ত ভেল্লাৰ ওপৰতে এতিয়া নিৰ্মাণ হৈছে বলীউডৰ ছবি। ছবিখনত মুখ্য নাম ভুমিকাত অভিনয় কৰিছে ৰাজকুমাৰ ৰাও। অহা ১০ মে তাৰিখে সমগ্ৰ দেশতে মুক্তি লাভ কৰিব ছবি খনে। ছবিখনৰ নাম ‘শ্ৰীকান্ত আ ৰহা হ্যে ছবকী আঁখে খোলনে’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ