• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশলৈ পঠিয়াই পাহৰিলে দেশে, মহাকাশৰ পৰা পৃথিৱীলৈ উভতাই আনিব নুখুজিলে পঠিওৱা দেশেও, তাৰপিছত…

মহাকাশলৈ পঠিয়াই পাহৰিলে দেশে, মহাকাশৰ পৰা পৃথিৱীলৈ উভতাই আনিব নুখুজিলে পঠিওৱা দেশেও, তাৰপিছত…

2 years ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

34 minutes ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

1 hour ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

12 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

13 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

13 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

14 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

14 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

15 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

16 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

17 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

17 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশলৈ পঠিয়াই পাহৰিলে দেশে, মহাকাশৰ পৰা পৃথিৱীলৈ উভতাই আনিব নুখুজিলে পঠিওৱা দেশেও, তাৰপিছত…

হাজাৰ হাজাৰবাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিছে, কমি গৈছে বয়স, মহাকাশৰ পৰা পৃথিৱীলৈ আহি দেখিছিল নিজৰ দেশেই হেৰাই গ’ল পৃথিৱীৰ মানচিত্ৰৰ পৰা, কিন্তু কেনেকৈ?

editor by editor
May 15, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
মহাকাশলৈ পঠিয়াই পাহৰিলে দেশে, মহাকাশৰ পৰা পৃথিৱীলৈ উভতাই আনিব নুখুজিলে পঠিওৱা দেশেও, তাৰপিছত…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁক মহাকাশলৈ পঠিওৱা হৈছিল বিশেষ কামৰ বাবে। সেই দায়িত্ব সফলভাৱে পালন কৰাৰ পাছত কিন্তু তেওঁ দেশলৈ উভতি আহিব নোৱাৰিলে। কাৰণ মহাকাশত থকাৰ সময়ত তেওঁৰ দেশেই মুছ খাই গৈছিল পৃথিৱীৰ মানচিত্ৰৰ পৰা। মহাকাশত দেশ হেৰুওৱা মহাকাশচাৰীজনৰ নাম সেৰগেই ক্ৰিকালেভ। ছোভিয়েটৰ এই মহাকাশছাৰীজনেই বিশ্ব প্ৰথম চাৰিজন মহাকাশচাৰীৰ মাজত এজন। যিয়ে সকলোতকৈ বেছি সময় ধৰি মহাকাশত আছিল। ছেৰগেই সকলো মিলি মুঠ ৬বাৰ মহাকাশ অভিযানলৈ গৈছিল।

মহাকাশত মুঠ ৮০৩ দিন ৯ঘণ্টা ৩৯ মিনিট আছিল ছেৰগেই। তেওঁৰ বাহিৰে অইন ৩জন মহাকাশচাৰীৰ এই ৰেকৰ্ড আছে। ছেৰগেইৰ নাম ইতিহাসৰ পৃষ্ঠাত লিখা থকাৰ কাৰণ কিন্তু বেলেগ। তেওঁৰ বিশেষ সাফল্যৰ বাবেই মহাকাশচাৰী সকলৰ ৰেকৰ্ডৰ ভিতৰত তেওঁৰ পৃথক ৰেকৰ্ড আছে।

ছেৰগেই এনে এজন মহাকাশচাৰী যিয়ে দীৰ্ঘ সময় প্ৰায় ১ বছৰ ধৰি মহাকাশত আছিল। প্ৰায় ৩১১ দিন ধৰি মহাকাশত আছিল। অৱশ্যে তেওঁৰ মহাকাশত কাম শেষ হৈছিল চাৰি মাহৰ ভিতৰতেই। কাম শেষ কৰিয়েই তেওঁ উভতি অহাৰো কথা আছিল। ১৯৯১ চনৰ ১৯ মেত মহাকাশত ভৰি দিছিল ছেৰগেই। লগত আছিল আৰু দুজন মহাকাশচাৰী। মহাকাশলৈ তেওঁলোকক কঢ়িয়াই নিয়া যানখনৰ নাম আছিল সয়ুজ-টি এম। অভিযানৰ নাম আছিল সয়ূজ-টিএম১২। লক্ষ্য আছিল, তিনিগৰাকী মহাকাশচাৰীক মহাকাশ ষ্টেচন মিৰত উপস্থিত কৰাই দিয়া। তাৰপৰাই মহাকাশৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিব মহাকাশচাৰীকেইজনে।

মিৰ আছিল ছোভিয়েট পৰিচালিত বিশ্বৰ প্ৰথম আধুনিক প্ৰযুক্তি সম্পন্ন মহাকাশ ষ্টেচন। তাত থাকিয়েই মহাকাশচাৰীৰ গৱেষণা সংক্ৰান্তিয় কাম কৰিব পাৰিব। তাত কিছু প্ৰযুক্তিগত দায়িত্ব পালনৰ বাবে পঠিওৱা হৈছিল ছেৰগেইক। অভিযানত তেওঁ অংশ লৈছিল ফ্লাইট ইঞ্জিনীয়াৰ হিচাপে। মহাকাশত এই অভিযান আছিল তেওঁৰ দ্বিতীয় অভিযান।

১৪৪ দিনৰ এই অভিযান শেষ হৈছিল ১৯৯১ চনৰ ১০ অক্টোবৰত। কিন্তু তিনিজন মহাকাশচাৰীৰ দুজন উভতি আহিলেও ছেৰগেই উভতি আহিব নোৱাৰিলে। তেওঁক কোৱা হয় যে পৰবৰ্তী অভিযানৰ বাবে মিৰতেই কিছুদিন থাকক। পৰবৰ্তী অভিযানৰ নাম আছিল সয়ুজ টি এম ১৩। এই অভিযানত অৱশ্যে কোনো ফ্লাইট ইঞ্জিনীয়াৰ নাছিল। সম্ভৱত ছেৰগেইৰ ভৰষাতেই এজন কমাণ্ডাৰ আৰু দুই গৱেষকক পঠিয়াই দিয়া হৈছিল মহাকাশ ষ্টেচনলৈ। অৱশ্যে মিৰত তেওঁলোক বেছিদিন থাকিব নোৱাৰিলে। সেই সময়ত ছোভিয়েটত ৰাজনৈতিক অস্থিৰতাই দেখা দিছিল।

১৯৯১ চনৰ ৪অক্টোবৰত মিৰত উপস্থিত হৈছিল সয়ূজ-টিএম১৩। দুই মহাকাশচাৰী পৃথিৱীলৈ উভতি আহে মাত্ৰ ছদিনৰ ভিতৰতেই। তাৰপিছতেই সলনি হৈ যায় ছোভিয়েট ইউনিয়নৰ ইতিহাস। ২৬ অক্টোবৰ ছোভিয়েট ইউনিয়নৰ পৰা নিজকে মুক্ত বুলি ঘোষণা কৰে কাজাখাস্তানে।

কাজাখাস্তান পৃথক হৈ যোৱাত বিপদত পৰে মহাকাশ ষ্টেচনত থকা ছেৰগেই। কাৰণ ভৌগোলিক হিচাপে তেওঁ তেতিয়া কাজাখাস্তানৰ বাসিন্দা। কিন্তু যি চৰকাৰৰ হৈ তেওঁ মহাকাশ অভিযান চলাবলৈ গৈছে সেই চৰকাৰ ছোভিয়েট ইউনিয়নৰ। ছেৰগেই দেশলৈ উভতি আহিলে কোন দেশলৈ আহিব? ছেৰগেই উভতি অহাক কেন্দ্ৰ কৰি আৰম্ভ হ’ল বাদ-বিবাদ। ইয়াৰোপৰি ছোভিয়েট ইউনিয়নৰ মহাকাশ গৱেষণা কেন্দ্ৰটো আছিল কাজাখাস্তানৰ সীমাৰ নিচেই কাষত। ফলত জটিলতা আৰু বৃদ্ধি পাব ধৰিলে। ইফালে ছোভিয়েট দেশৰ ভিতৰতো নানান সমস্যাই দেখা দিছিল। কিন্তু ছেৰগেই মহাকাশৰ পৰা এইসমূহ সমস্যাৰ ভূ পোৱা নাছিল। মহাকাশত থাকি ইমানবোৰ খবৰ লাভ কৰাটো সম্ভৱো নাছিল।

হঠাৎ ছেৰগেইৰ সৈতে যোগাযোগ বন্ধ হৈ পৰিছিল মহাকাশ কেন্দ্ৰৰো। ছেৰগেই ক্ৰমাগত চেষ্টা চলাইছিল পৃথিৱীৰ সৈতে যোগাযোগ স্থাপনৰ বাবে। মিৰত তেতিয়া ছেৰগেইৰ সৈতে আছিল আৰু এজন মহাকাশচাৰী। তেওঁ সয়ুজ টি এম১৩ ৰ কমাণ্ডাৰ আলেক্সাণ্ডাৰ ভলকভ। ছেৰগেৰ মহাকাশত থকা সময় হৈছিলগৈ তেতিয়ালৈকে ৫মাহ।  পৃথিৱীক তেতিয়ালৈকে তেওঁ ৩০০০ পাৰ ঘূৰি পেলাইছিল। মহাকাশ অভিযানৰ প্ৰভাৱ তেওঁৰ শৰীৰত পৰিবলৈ আৰম্ভ কৰিছিল। দুজনেই তেতিয়া অপেক্ষা কৰিছিল পৰবৰ্তী অভিযানৰ বাবে মহাকাশলৈ যাব লগা মহাকাশচাৰীৰ বাবে। যাতে তেওঁলোকে সেই মহাকাশচাৰীসকলৰ সৈতে পৃথিৱীলৈ উভতি আহিব পাৰে।

ইফালে ছোভিয়েটত তেতিয়া পৰিবেশ খুবেই বেয়া। ১৯৯১ চনৰ ২৬ ডিচেম্বৰত পৃথিৱীৰ মানচিত্ৰৰ পৰা চিৰকালৰ বাবে মুছি দিয়া হয় ছোভিয়েট ইউনিয়নক। জন্ম হয় একাধিক দেশৰ। কেৱল ছোভিয়েট ইউনিয়নৰ শেষ নাগৰিক হিচাপে মহাকাশত থাকি যায় ছেৰগেই। মাহৰ পাছত মাহ পাৰ হয়। ছেৰগেইৰ অপেক্ষাহে শেষ নহয়। দেশৰ অস্থিৰ পৰিস্থিতিৰ মাজত মহাকাশচাৰীসকলৰ কথা প্ৰায় পাহৰি যায় সকলো লোকেই। বুকুত কান্দোন সামৰি ৰৈ থাকিল কেৱল ছেৰগেইৰ পৰিয়াল। কিন্তু চৰকাৰৰ পক্ষপাত অবিহনে মহাকাশচাৰীসকলক উভতাই অনা সম্ভৱ নহয় সেই কথা পৰিয়ালৰ লোকেও বুজি উঠিছিল।

মহাকাশত অস্থিৰ হৈ উঠা ছেৰগেইয়ে অৱশ্যে ইমান খবৰ লাভ কৰা নাছিল। প্ৰাণপণে তেওঁ চেষ্টা কৰিছিল উভতি অহাৰ বাবে। মহাকাশচাৰী হোৱাৰ পূৰ্বে ছেৰগেই আছিল এজন অভিযন্তা। বেতাৰ তৰংগক লৈ তেওঁ গৱেষণাও কৰিছিল। মহাকাশ ষ্টেচনৰ পৰা এটা পেকেট ৰেডিয়োৰ সাহায্যত তেওঁ পৃথিৱীলৈ সংকেত পঠিয়াই। তেওঁক উদ্ধাৰৰ কথা কৈ সহায় বিচাৰিছিল। অৱশেষত সেই চেষ্টা ফলপ্ৰসূ হয়। বেছ কেইবামান পাছত তেওঁ বেতাৰৰ সংকেত পায় এগৰাকী এমেচাৰ মহিলা ৰেডিঅ’ অপাৰেটৰৰ কাষত।

মিৰত থকা অৱস্থাত শেষ কেইবামাহ সেই অপাৰেটৰৰ সৈতে নিয়মিত দিনে এবাৰ যোগাযোগ কৰিছিল ছেৰগেই। ব্যক্তিগত বিষয়ৰ পৰা আৰম্ভ কৰি দেশৰ ৰাজনৈতিক পৰিস্থিতি সকলোবোৰক লৈ আলোচনা কৰিছিল। ইয়াৰোপৰি দেশলৈ তেওঁ আহিব বিচাৰে সেই কথাও সদায়ে এবাৰ সোঁৱৰাইছিল। এই পৰিস্থিতিৰ মাজত ১৯৯২ চনৰ মাৰ্চত ছেৰগেইৰ কথা মনত পৰে প্ৰশাসনৰ। তাৰপিছতেই তেওঁলোকে তাৎক্ষণিকভাৱে মহাকাশযান পঠিয়াই ছেৰগেইক উভতাই আনে পৃথিৱীলৈ। তেতিয়ালৈকে ছেৰগেই মহাকাশত কটাইছিল প্ৰায় ৩১১ দিন। ৩১১ দিন তাত থাকি তেওঁ শৰীৰ একেবাৰে ভাঙি পৰিছিল। মধ্যাকৰ্ষণহীন মহাকাশ ষ্টেচনত ১০মাহ থকা, উচ্চ ভৰবেগত পৃথিৱীক কেন্দ্ৰ কৰি ৫০০০ পাক ঘোৰা এই সকলোবোৰেই তেওঁৰ শৰীৰ আৰু মনক প্ৰভাৱিত কৰিছিল। দুৰ্বল হৈ পৰিছিল পেশী। দূৰ্বল হৈ পৰিছিল হাঁড়ো। মানসিকভাৱেও তেওঁ বিধ্বস্ত হৈ পৰিছিল। দীৰ্ঘদিন ধৰি মহাকাশত থকাৰ বাবে ছেৰগেইৰ বয়সৰ চকাও কিছু পিছুৱাই হৈছিল। পৰীক্ষাত দেখা গৈছিল যে তেওঁৰ বয়স ০.০২ ছেকেণ্ড পিছুৱাই গৈছে।

মহাকাশত এই অভিজ্ঞতা লাভ কৰাৰ পাছত ছেৰগেই অৱশ্যে থমকি নৰল। দীৰ্ঘ দিন শাৰিৰীক-মানসিক চিকিৎসা চলাৰ পাছত ধীৰে ধীৰে তেওঁ সুস্থ হ’ব ধৰে। ১৯৯২ চনৰ মাৰ্চ মাহত তেওঁ মহাকাশৰ পৰা উভতি আহিছিল। তাৰপাছতেই সেই বছৰৰে অক্টোবৰত নাছাই ঘোষণা কৰে যে তেওঁলোকে এজন অভিজ্ঞ মহাকাশচাৰীক মহাকাশলৈ পঠিয়াব খোজে। তেওঁ আন কোনো নহয়। তেওঁ হৈছে ছেৰগেই।

১৯৯৩ চনৰ এপ্ৰিলৰ পৰা নতুনকৈ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে ছেৰগেই। ১৯৯৩ চনৰ ছেপ্টেম্বৰতেই তেওঁ মহাকাশলৈ যাত্ৰা কৰে। তাৰপিছত মুঠ তিনিটা মহাকাশ অভিযানত তেওঁ অংশ লৈছিল। নাচাৰ আন্তৰ্জাতিক মহাকাশ ষ্টেচনত পদাৰ্পণ কৰা প্ৰথম দুই মহাকাশচাৰীৰ মাজত তেওঁয়ো এজন। তাৰপাছতেই ছেৰগেইক ৰাছিয়াৰ ইউৰি গাগৰিন মহাকাশ কেন্দ্ৰৰ মুখ্য হিচাপে নিযুক্তি দিয়া হয়। ৰাছিয়া আৰু ছোভিয়েট ইউনিয়নৰ নায়কৰ মৰ্যাদাও তেওঁ লাভ কৰে। তেওঁক লৈ পাছলৈ তথ্য়চিত্ৰ, বাণিজ্যিক চিনেমাও নিৰ্মাণ হৈছে। অস্কাৰৰ মঞ্চত মনোনয়ন পাইছিল তেওঁৰ কাহিনীক লৈ তৈয়াৰ হোৱা ছবিয়ে। প্ৰকৃততে ছেৰগেই দেখুৱাই দিছে যে মূৰ ঠাণ্ডা কৰি সিদ্ধান্ত ল’লে যিকোনো জটিল যুদ্ধ জয় কৰা সম্ভৱ। বৰ্তমান সেই ছেৰগেই দেশৰ লৈ আৰু এক গুৰুত্বপূৰ্ণ কাম কৰিবলৈ আগবাঢ়িছে। জানুৱাৰী মাহৰ শেষত ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনে জনাইছে যে তেওঁলোকৰ দেশৰ সৈতে অন্যান্য দেশৰ মহাকাশ গৱেষণা সংক্ৰান্তিয় বন্ধন গঢ়িবলৈ তেওঁ দূত হিচাপে বিভিন্ন দেশলৈ যাত্ৰা কৰিব। ৬৫ বছৰীয়া এইগৰাকী অভিজ্ঞ মহাকাশচাৰী এতিয়া নতুন কামক লৈ খুবেই ব্যস্ত বুলিও প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে
অসম

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

June 22, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

June 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026 - Updated on June 22, 2026
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী
বাণিজ্য

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

June 21, 2026
Next Post
হঠাৎ বুকুৰ বিষ, হাস্পতালত ভৰ্তী ৰাখী স্বাৱন্ত, গুৰুতৰ ৰোগত আক্ৰান্ত ৰাখী?

হঠাৎ বুকুৰ বিষ, হাস্পতালত ভৰ্তী ৰাখী স্বাৱন্ত, গুৰুতৰ ৰোগত আক্ৰান্ত ৰাখী?

১১ বছৰীয়া পুত্ৰৰ সৈতে চিকিৎসক মাতৃৰ এনে কাণ্ড, ভিডিঅ’ দেখিলে বুকু কঁপি উঠিব আপোনাৰো

১১ বছৰীয়া পুত্ৰৰ সৈতে চিকিৎসক মাতৃৰ এনে কাণ্ড, ভিডিঅ' দেখিলে বুকু কঁপি উঠিব আপোনাৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.