নাম সলনি হ’ব কেৰালাৰ ! বিধানসভাত দাখিল নতুন প্ৰস্তাৱ
প্ৰায় এবছৰ পূৰ্বে কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ নাম কেৰালাম (Keralam) লৈ সলনি কৰাৰ প্ৰস্তাৱ গৃহীত কৰিছিল। আজি সোমবাৰে ২৪ জুন তাৰিখে এই প্ৰস্তাৱ পুনৰ সৰু সৰু সংশোধনীৰে গৃহীত হয়। দৰাচলতে কেন্দ্রই পুৰণি প্রস্তাৱটো ঘূৰাই দি তাৰ কিছু সালসলনি বিচাৰিছিল, তাৰ পাছত সদনে আজি নতুন প্রস্তাৱটো গৃহীত কৰে৷
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে উত্থাপন কৰা প্ৰস্তাৱটোত সংবিধানৰ প্ৰথম অনুসূচীত ৰাজ্যখনৰ নাম আনুষ্ঠানিকভাৱে ‘কেৰালাম’লৈ সলনি কৰাৰ বাবে সংবিধানৰ ৩ নং দফাৰ অধীনত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি দাবী জনায়।
আই ইউ এম এলৰ বিধায়ক এন ছামছুদ্দিনে প্ৰস্তাৱটোৰ সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াই থকাৰ সময়তে অধিক স্পষ্টতা আনিবলৈ শব্দাংশ পুনৰ সংগঠিত কৰাৰ পৰামৰ্শ দিয়ে। অৱশ্যে সদনে এই সংশোধনীও নাকচ কৰে।
বিগত বৰ্ষৰ ৯ আগষ্টত আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ নাম সলনি কৰাৰ দাবীত এক প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয়। এই প্ৰস্তাৱত কেন্দ্ৰক সংবিধানৰ প্ৰথম অনুসূচীত ৰাজ্যখনৰ নাম ‘কেৰালাম’লৈ সলনি কৰিবলৈ কোৱা হয়।
একেদৰে প্ৰস্তাৱটোত কেন্দ্ৰক অষ্টম অনুসূচীৰ অন্তৰ্গত সকলো ভাষাতে নাম সলনি কৰি ‘কেৰালাম’ কৰিবলৈ কোৱা হৈছিল। তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয় যে বিতং অনুসন্ধানৰ অন্তত দেখা গ’ল যে সংবিধানৰ প্ৰথম অনুসূচীতেই এনে সংশোধনৰ ব্যৱস্থা থাকিব লাগে। সেয়ে নতুন প্ৰস্তাৱ অনা হৈছে।
পাছে কিয় কেৰেলাৰ নাম কেৰালামলৈ সলনি কৰাৰ প্ৰস্তাৱ, তেওঁৰ প্ৰস্তাৱত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে মালয়ালমত ‘কেৰালাম’ নামটোৰ ব্যৱহাৰ সাধাৰণ কথা। অৱশ্যে চৰকাৰী ৰেকৰ্ডত ৰাজ্যখনক ‘কেৰালা’ বুলি অভিহিত কৰা হৈছে।
যাৰ বাবে এই পটভূমিতেই প্ৰস্তাৱ দাখিল কৰা হৈছিল। তেওঁ কয় যে মালয়ালম ভাষী জনগোষ্ঠীসমূহৰ বাবে এক ঐক্যবদ্ধ কেৰালা সৃষ্টিৰ প্ৰয়োজনীয়তা জাতীয় স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰাই স্পষ্টভাৱে উন্মোচিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ