অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰাৰ মাজত ব্ৰেকআপৰ গুঞ্জৰ বেছ কিছুদিন ধৰি বলীউডৰ হট টপিক হৈ আছে৷ ইয়াৰ পূৰ্বেও বহু অনুষ্ঠানত একেলগে দেখা গৈছে এই যুঁটিক৷ ইয়াৰপাছতেই বিগত প্ৰায় কেইমাহমান আকৌ পৃথকে পৃথকে দেখা গৈছে এই যুঁটিটোক৷ সম্প্ৰতি আম্বানীৰ বিয়াত অকলেই দেখা গৈছে অভিনেতা অৰ্জুনক৷ অৱশ্যে আম্বানী পৰিয়ালৰ বিবাহৰ অনুষ্ঠান চলি থকাৰ সময়ত মালাইকা বিদেশ ভ্ৰমণত আছে৷ বিদেশত ছুটি কটাবলৈ গৈ কেইবাখনো ছবিও সামাজিক মাধ্যমত পোষ্ট কৰিছে মালাইকাই৷ এই পোষ্টটোত অৱশ্যে কিছু ৰহস্যও আছে৷ মালাইকাক দেখা গৈছে এগৰাকী অন্য পুৰুষৰ সৈতে৷ মালাইকাই অৰ্জুনৰ সৈতে বিচ্ছেদৰ কথা নজনোৱাকৈয়ে কোন গোপন পুৰুষেৰে হলীডে কটাইছে বুলিও আৰম্ভ হৈছে চৰ্চা৷
মালাইকাৰ পোষ্টৰ পাছতেই অৰ্জুনেও ইনষ্টাগ্ৰামত লিখিছে কেইটামান বিশেষ বাক্য৷ বহুতেই অৰ্জুনৰ এই পোষ্ট দেখি কৈছে যে মালাইকাৰ সৈতে দূৰত্ব সহ্য হোৱা নাই অৰ্জুনৰ৷ মালাইকাক মিছ কৰিয়েই অৰ্জুনে এনে পোষ্ট লিখিছে৷ শুকুৰবাৰে ১৯ জুলাইত অৰ্জুনে ইনষ্টাগ্ৰাম ষ্টৰিজত লিখিছে, ‘পজিটিভ হোৱা মানেই এইটো নহয় যে সকলো ঠিক হৈ যাব৷ ইয়াৰ অৰ্থ এয়াই যে আপুনি ঠিকে থাকিব লাগিব, পৰিস্থিতি যিয়েই নহওক৷’ ইয়াৰ পূৰ্বেও অভিনেতাজনে জুন মাহত এনে এটি পোষ্ট লিখিছিল৷ তাত তেওঁ লিখিছিল, ‘জীৱনত আমাৰ দুটা বিকল্প আছে৷ হয়তো আমি অতীতত হেৰাই যোৱা, অন্যথা ভৱিষ্যতৰ কথা ভাৱি সন্মুখলৈ খোজ আগুৱাই দিয়া৷’
মালাইকাইয়ো লিখিছে বিশেষ পোষ্ট
কিছুদিন পূৰ্বে মালাইকাইয়ো এনে এক পোষ্ট শ্বেয়াৰ কৰিছিল৷ য’ত তেওঁ লিখিছিল, যেতিয়া মানুহে ক’ব আপুনি এই কাম কৰিব নোৱাৰিব, তেতিয়া সেই কাম কৰিবনে দুবাৰ ভাৱক আৰু সিদ্ধান্তও লওক৷’ অন্যহাতে দ্বিতীয় প’ষ্টত তেওঁ লিখিছিল, ‘পৃথিৱীৰ সকলোতকৈ ডাঙৰ সম্পদ হৈছে আমাৰ ভালপোৱা মানুহজন৷ আমাৰ সমৰ্থন৷ কোনো কথাতেই সেয়া পৰিবৰ্তন হোৱাটো আমি নিবিচাৰো৷ আমাৰ মাজত মাত্ৰ কেইজনমানৰহে জীৱনত এনে ধৰণৰ বিষয় সংপৃক্ত হৈ আছে৷’
মালাইকা আৰু অৰ্জুনৰ ব্ৰেকআপ
পিংকভিলা নামৰ পেজটোৱে প্ৰকাশ কৰা অনুসৰি দুমাহ পূৰ্বে বিচ্ছেদ হৈছে মালাইকা আৰু অৰ্জুনৰ৷ তেওঁলোকে যুটীয়াভাৱে এই সিদ্ধান্ত লৈছে৷ অৱশ্যে এতিয়ালৈকে দুয়োৱে বিষয়টো সঁচানে সেয়া স্পষ্ট কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ