অনিয়মিত জীৱনযাপনৰ বাবেই ডায়বেটিছ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ অস্বাস্থ্যকৰ খোৱা বোৱা, মানসিক চাপ, অনিদ্ৰাৰ দৰে বিষয়সমূহেই ডায়বেটিছৰ আশংকা বঢ়াই তোলে৷ টাইপ-১ ডায়বেটিছত প্ৰতি পদে পদে ছুগাৰ টেষ্ট কৰাই থাকিব লাগে৷ টাইপ-২ ডায়বেটিছতো কিন্তু নিয়মিত ছুগাৰ টেষ্ট কৰি থকাটো জৰুৰী৷
কিন্তু ছুগাৰ পৰীক্ষা কৰাৰ সঠিক সময় বহুতেই নাজানে৷ সঠিক সময়ত ৰক্ত শৰ্কৰাৰ মাত্ৰা পৰীক্ষা নকৰিলে কিন্তু সঠিক ফলো আপুনি লাভ নকৰিব৷ নিয়মিত ছুগাৰ লেবেল পৰীক্ষা কৰিলে শাৰীৰিক জটিলতাৰ পৰা আপুনি ৰক্ষা পাব৷ ডায়বেটিছত যেনেকৈ লাইফষ্টাইলক লৈ সচেতন থাকিব লাগে তেনেকৈ সঠিক সময়ত ছুগাৰ লেভেল পৰীক্ষা কৰাটো দৰকাৰ৷
দিনৰ কোন সময়ত ছুগাৰ লেবেল পৰীক্ষা কৰিব?
পুৱাই টোপনিৰ পৰা উঠি প্ৰথমে তেজ পৰীক্ষা কৰাওক৷ যদি ছুগাৰ পৰীক্ষা কৰে তেন্তে ১০ ঘণ্টা পূৰ্বে শেষবাৰ খাদ্য গ্ৰহণ কৰক৷ ইয়াক ফাষ্টিং ব্লাড ছুগাৰ বুলি কোৱা হয়৷
পুৱাই পানী খোৱাৰ ২ঘণ্টা পাছত আকৌ ছুগাৰ লেভেল টেষ্ট কৰক৷
লাঞ্চৰ পূৰ্বেও ছুগাৰ লেভেল পৰীক্ষা কৰা দৰকাৰ৷ দুপৰীয়া খাদ্য খোৱাৰ ৩০ মিনিট পূৰ্বে ছুগাৰ টেষ্ট কৰক৷
লাঞ্চৰ ১ ঘণ্টা পাছত আকৌ ছুগাৰ লেভেল পৰীক্ষা কৰক৷
ডিনাৰ কৰাৰ পূৰ্বে ছুগাৰ লেভেল পৰীক্ষা কৰা দৰকাৰ৷
টোপনী যোৱাৰ পূৰ্বে ছুগাৰ লেভেল পৰীক্ষা কৰক৷
এই ছুগাৰ টেষ্ট আপুনি ঘৰত বহি কৰিব পাৰে৷ খাদ্য খোৱাৰ পূৰ্বে আৰু খাদ্য খোৱাৰ পাছত ৰক্ত শৰ্কৰাৰ মাত্ৰা পৃথক হৈ পৰে৷ প্ৰতিবাৰে পৰীক্ষা কৰিলে ফল যে একেই হ’ব তেনে নহয়৷ এনেকৈয়ে ৱাৰ্কআউট কৰাৰ পূৰ্বে আৰু ৱাৰ্কআউট কৰাৰ পাছত দেহত ছুগাৰ লেভেল উঠানমা কৰে৷ এইক্ষেত্ৰত সচেতন থাকক আৰু শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰি থাকক৷
Disclaimer: এই প্ৰতিবেদন আপুনি কেৱল তথ্যৰ বাবেহে পঢ়ক, কোনো ঔষধ সেৱনৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ