পেৰিচ পেৰাঅলিম্পিকৰ পৰা প্ৰথম পদক আহিল সোণ৷ তাৰপাছতেই ৰূপ, তাৰপাছতেই ব্ৰঞ্জ৷ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ এছ এইছ ৱান ইভেণ্টত সোণ জয় কৰিছে অৱনী লেখাৰাই৷ পেৰা অলিম্পিকত নতুন ৰেকৰ্ড গঢ়িলে অৱনীয়ে৷ এই ইভেণ্টত ব্ৰঞ্জ লাভ কৰিলে মোনা আগৰৱালাই৷ বিগত অলিম্পিকত ভাৰতৰ হৈ কোনোৱে সোন জয় কৰা নাছিল৷ নিখুত লক্ষ্যভেদ কৰি সোণ জয় কৰিলে অৱনীয়ে৷
টকিঅ’ পেৰাঅলিম্পিকত সোন জয় কৰিছিল অৱনীয়ে৷ এইবাৰো তেওঁক লৈ সেয়ে প্ৰত্যাশা আছিল৷ পেৰিছে হতাশ নকৰিলে৷ ফাইনেলত অৱনীয়ে ২৪৯.৭ স্কোৰ কৰি সোন লাভ কৰিছে৷ ৰূপ পাইছে দক্ষিণ কোৰিয়াৰ উনৰি লিয়ে৷ তেওঁৰ স্কোৰ আছিল ২৪৬.৮৷ অৰ্থাৎ প্ৰায় ৩ পয়েণ্ট বেছি লাভ কৰি সোন জিকিছে অৱনীয়ে৷ শ্বুটিংৰ ক্ষেত্ৰত যি বেছি ব্যৱধান নহয়৷ এই ইভেণ্টত ২২৮.৭ স্কোৰ কৰি ব্ৰঞ্জ জিকিছে মোনাই৷ ফাইনেলত উঠিছিল ভাৰতৰ দুগৰাকী শ্বুটাৰ৷ দুজনেই দেশক পদক দিলে৷ শুকুৰবাৰে যোগ্যতা অৰ্জন পৰ্বত দ্বিতীয় হৈ ফাইনেলত উঠিছিল অৱনী৷ মোনা ফাইনেলত উঠিছিল পঞ্চম হৈ৷
জয়পুৰৰ বাসিন্দা ২২ বছৰীয়া তৰুণীক লৈ পদকৰ আশা আছিল৷ বিগত টকিঅ’ পেৰাঅলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলৰ এছ এইচ ৱান ইভেণ্টত সোন জিকাৰ ওপৰিও ৫০ মিটাৰ ৰাইফলত থ্ৰি পজিছন এছ এইছ ৱান ইভেণ্টত ব্ৰঞ্জ পাইছিল৷ ২০২২ চনত ফ্ৰান্সত আয়োজিত পেৰা শ্বুটিং বিশ্বকাপত এই দুই ইভেণ্টত সোণ জয় কৰিছিল অৱনীয়ে৷
ব্ৰঞ্জজয়ী মোনাও ৰাজস্থানৰ শ্বুটাৰ৷ বিগত বৰ্ষত বিশ্বকাপত সোণ জিকি পেৰিছ পেৰাঅলিম্পিকৰ কোটা জয় কৰিছিল মোনাই৷ তেওঁৰ পৰা পদকৰ আশাও কৰিছিল৷ তেওঁ প্ৰত্যাশা পূৰণ কৰিলে৷ সাফল্যৰ বাবে দুজন পদকজয়ীক সামাজিকমাধ্যমত অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ অভিনন্দন জনাইছে অভিনৱ বিন্দ্ৰাইয়ো৷ অৱনী আৰু মোনাৰ সাফল্যৰে পেৰিছ পেৰা অলিম্পিকৰ পদকৰ তালিকাত প্ৰথম ১০ত স্থান পাইছে ভাৰতে৷ এটা সোন, এটা ব্ৰঞ্জৰ পদক লৈ তালিকাত ন নম্বৰত আছে ভাৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















