ফোন পে, গুগল পে, পেটি এম নহয় এইবাৰ আহিছে স্মাইল পে৷ স্মাইল পে প্ৰযুক্তিয়ে পেমেণ্ট কৰাৰ ধৰণ সম্পূৰ্ণৰূপে সলনি কৰি দিছে। এতিয়া নগদ ধনৰ প্ৰয়োজন নাই, কাৰ্ডৰো প্ৰয়োজন নাই, মোবাইলৰো প্ৰয়োজন নাই। ফেডাৰেল বেংকে আৰম্ভ কৰা এই নতুন সুবিধাৰ জৰিয়তে কেৱল মুখখন দেখুৱাই পেমেণ্ট কৰিব পাৰিব আপুনি।
এই প্ৰযুক্তিত গ্ৰাহকৰ মুখখন স্কেন কৰিলে কেইছেকেণ্ডমানৰ ভিতৰতে পেমেণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ইয়াক নিৰাপদ আৰু নিৰ্ভৰযোগ্য বুলি অভিহিত কৰিছে ফেডাৰেল বেংকে৷ ফেডাৰেল বেংকৰ দাবী, এই প্ৰযুক্তি UIDAIৰ ভীম আধাৰ পেত যেনেতৈ ফেচ স্কেন কৰা হয় তেনেকৈয়ে হয় এয়া স্মাইল পে৷ ফলত ইয়াক ব্যৱহাৰ কৰাটো অতি সহজ আৰু নিৰাপদ।
এই নতুন পেমেণ্ট প্ৰক্ৰিয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ই কেৱল গ্ৰাহকৰ বাবেই নহয়, ব্যৱসায়ীসকলৰ বাবেও সময় ৰাহী কৰে, যাৰ ফলত শাৰীত থিয় হৈ ধন সংগ্ৰহ কৰাৰ প্ৰয়োজন নাই৷ এই প্ৰযুক্তিয়ে ভৱিষ্যতৰ ডিজিটেল পেমেণ্ট প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ উঠিব পাৰে।
স্মাইল পে কি?
UIDAIৰ ভীম আধাৰ পেত প্ৰমাণীকৰণ প্ৰযুক্তিৰ আধাৰত ভাৰতত আৰম্ভ হোৱা প্ৰথমটো পেমেণ্ট চিষ্টেম হৈছে স্মাইল পে৷ এই পে ব্যৱহাৰ কৰা গ্ৰাহকে কেৱল মুখখন স্কেন কৰি নগদ ধন, কাৰ্ড বা মোবাইল অবিহনে পেমেণ্ট কৰিব পাৰিব। এই প্ৰযুক্তিৰ বাবে পেমেণ্টৰ বাবে মুখখন স্কীন কৰিলেই হয়৷ যাৰ ফলত পেমেণ্ট প্ৰক্ৰিয়াটো কেইছেকেণ্ডমানৰ ভিতৰতে সম্পূৰ্ণ হয়।
Smile Pay য়ে কেনেকৈ কাম কৰে?
- ফেচিয়েল স্কেনিং: গ্ৰাহকৰ মুখখন বিশেষ কেমেৰাৰ সহায়ত স্কেন কৰা হয়।
- মুখৰ প্ৰমাণীকৰণ: এই স্কেনিং UIDAIৰ মুখ প্ৰমাণীকৰণ ব্যৱস্থাৰ সৈতে সংযুক্ত, যিয়ে গ্ৰাহকৰ পৰিচয় পৰীক্ষা কৰে।
- পেমেণ্ট নিশ্চিতকৰণ: মুখ চিনাক্তকৰণ কৰাৰ লগে লগে আপোনাৰ বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে পেমেণ্ট হ’ব।
Smile Pay ৰ সুবিধা
- গ্ৰাহকৰ বাবে সহজ হ’বঃ নগদ ধন, কাৰ্ড বা মোবাইলৰ প্ৰয়োজন নাই, যাৰ ফলত পেমেণ্ট প্ৰক্ৰিয়াটো অতি সহজ হৈ পৰিছে।
- দ্ৰুত আৰু ফলপ্ৰসূঃ পেমেণ্ট কাউণ্টাৰত শাৰী পাতি থিয় হোৱাটো এতিয়া অতীত হৈ পৰিব। ব্যৱসায়ীসকলৰো বিলিং দ্ৰুত আৰু সহজ হৈ পৰিব৷
- নিৰাপদ পেমেণ্টঃ মুখৰ প্ৰমাণীকৰণ প্ৰযুক্তিৰ জৰিয়তে কৰা পেমেণ্ট প্ৰক্ৰিয়া অত্যন্ত সুৰক্ষিত। আপোনাৰ মুখখনেই আপোনাৰ পাছৱৰ্ড, যাৰ ফলত প্ৰৱঞ্চনাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়৷
- বিশ্বাসযোগ্য প্ৰযুক্তিঃ ফেডাৰেল বেংকে আগবঢ়োৱা এই ব্যৱস্থা UIDAIৰ সেৱাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, যাৰ ফলত ইয়াক আৰু অধিক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য কৰি তোলা হৈছে।
- সুবিধাজনক লেনদেনঃ এতিয়া লেনদেনৰ বাবে কোনো ডিভাইচৰ প্ৰয়োজন নহ’ব, পেমেণ্ট কেৱল মুখ চিনাক্তকৰণৰ দ্বাৰাই কৰা হ’ব।
ভৱিষ্যতৰ পেমেণ্ট প্ৰক্ৰিয়া
Smile Pay ৰ দৰে প্ৰযুক্তিয়ে অন্য প্ৰযুক্তিক তল পেলাব৷ ইয়াৰ ফলত ধনৰ লেনদেন সহজ হ’ব৷ ফেডাৰেল বেংকে অনা এই পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকে এক নতুন আৰু নিৰৱচ্ছিন্ন অভিজ্ঞতা লাভ কৰিব৷ যিয়ে ভৱিষ্যতৰ ডিজিটেল পেমেণ্ট ব্যৱস্থাক আৰু অধিক আগুৱাই নিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ