চলিত মাহত সন্তানৰ পিতৃ-মাতৃ হ’ব দীপিকা পাডুকন আৰু ৰণবীৰ সিং৷ ২০১৮ চনত বিয়া কৰাইছিল তেওঁলোকে৷

এইবাৰ তেওঁলোকৰ সংসাৰলৈ আহিব নতুন সদস্য৷ বৰ্তমান প্ৰেগনেন্সিৰ শেষ পৰ্যায়ত আছে দীপিকা৷

সেয়ে বাঢ়িছে সাৱধানতাও৷ আৰনি ৰণবীৰেও ডন-৩ ৰ কাম এৰি মুম্বাইলৈ উভতি আহিছে৷

পত্নীৰ দায়িত্ব যাতে সুচাৰুৰূপে ল’ব পাৰে তাৰবাবেই এই সিদ্ধান্ত লৈছে ৰণবীৰে৷

শুকুৰবাৰে ৰণবীৰ দীপিকা মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰলৈ গৈছে৷ ভাইৰেল ভিডিঅ’ত দেখা অনুসৰি ভাৰতীয় সাজসজ্জা অৰ্থাৎ দীপিকাই শাড়ী পিন্ধি বিশেষ মন্দিৰলৈ গৈছে৷ বেবী বাম্প ফুটি উঠিছে শাৰীৰ মাজতো৷ কাষে কাষে যাত্ৰা কৰিছে পাঞ্জাৱী পৰিহিত ৰণবীৰো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















