সদ্য বজাৰলৈ আহিছে আইফোনৰ ১৬ ছিৰিজ৷ সেই নতুন ২৬টা আইফোন ১৬ প্ৰ মেক্স লৈ ভাৰতলৈ আহিছে এগৰাকী মহিলা৷ মোবাইল ফোন সৰবৰাহৰ চেষ্টাৰ অভিযোগত দিল্লী বিমানবন্দৰত ধৰা পৰিছে এগৰাকী মহিলা৷ নিজৰ ভেনিটি বেগৰ ভিতৰত আধুনিক এই ফোনকেইটা টিছু পেপাৰৰ মাজত লুকুৱাই আনিছিল মহিলাগৰাকীয়ে৷ কিন্তু তাতো শেষ ৰক্ষা নহ’ল৷ ছিকিউৰিটি চেকিঙৰ সময়ত তেওঁ ধৰা পৰে৷ গোপন সূত্ৰৰ খবৰ অনুসৰি দিল্লী আন্তৰ্জাতিক বিমানবন্দৰত তালাচি চলাই নিৰাপত্তা কৰ্মীয়ে৷ বুধবাৰে হংকঙৰ পৰা দিল্লীলৈ আহিছিল এইগৰাকী মহিলা৷ তাতেই তেওঁৰ তালাচি লয় নিৰাপত্তাৰক্ষীয়ে৷
ভাৰতসহ নানান দেশত পঠিয়াবলৈকে ২৬টা ১৬ প্ৰ মেক্স আইফোন লৈ আহিছিল মহিলাগৰাকীয়ে৷ প্ৰাথমিকভাৱে অনুমান এয়াই৷ জনা গৈছে যে এই ফোনকেইটাৰ মুঠ বজাৰমূল্য হ’ব ৩৭ লাখ টকা৷ নিৰাপত্তাৰক্ষীয়ে লোৱা তালাচিৰ অন্তত পোৱা খবৰ অনুসৰি মহিলাগৰাকীৰ সৈতে যুক্ত হৈ আছে কেইবাটাও বিদেশী চক্ৰ৷ ফোনৰ বজাৰত এতিয়া সকলোতকৈ বেছি জনপ্ৰিয় হৈ আছে এতিয়া আইফোন ১৬ প্ৰ’ মেক্স৷ এই ফোন কিনিবলৈ দেশৰ নানান চহৰত দীঘল লাইন লাগিছে গ্ৰাহকৰ৷ বিক্ৰীৰ হাৰ ৰকেটগতিত বৃদ্ধি পাইছে৷ এই ফোন কিনিবলৈ দেশৰ নানান চহৰত দীঘলীয়া লাইন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ