জাৰ্মানীৰ বাভাৰিা ষ্টেটৰ এখন সৰু চহৰ হৈছে হাৰ্জোজেনৰাখ৷ অৰাখ নদীৰ তীৰৰ এই সৰু চহৰখনতেই দুইগৰাকী ডাছলাৰ ভাতৃৰ জন্ম৷ ৰুডলফ আৰু এডলফ৷ ৰুডলফ আৰু এডলফৰ প্ৰতিদ্বন্দিতাই জন্ম দিছিল বিখ্যাত দুটা ব্ৰেণ্ড পুমা আৰু এডিডাছৰ৷ এই দুই ব্ৰেণ্ডৰ আৱিষ্কাৰৰ পাছতেই সলনি হৈ গৈছিল ক্ৰীড়াপণ্যৰ জগতখনো৷ ১৮৯৮ চনত জন্ম হৈছিল ৰুডলফৰ৷ ৰুডলফল জন্মৰ দুবছৰ পাছত ১৯০০ চনত জন্ম হয় এডলফৰ৷ ৰুডলফ আৰু এডলফৰ পিতৃও দুবছৰৰ ব্যৱধানত দুটাকৈ লৰা সন্তান লাভ কৰি খুবেি সুখী৷ পিতৃয়ে সপোন দেখিছিল তেওঁৰ ডাঙৰ সন্তান ৰুডলফক পুলিছ অফিচাৰ কৰিব৷ সৰুটো সন্তান এডলফক নিজৰ পেছাটোতেই অৰ্থাৎ কেক নিৰ্মাতা হিচাপে গঢ় দিয়াৰ পৰিকল্পনা কৰিছিল পিতৃয়ে৷
কিন্তু এডিৰ সপোন পৃথক আছিল৷ এডিয়ে নিজকে এথলিট হিচাপে গঢ়িব খুজিছিল৷ বিভিন্ন খেলাধূলাত তেওঁ অংশও লৈছিল৷ খেলত অংশ লৈ এডলফে বুজি উঠিছিল খেলুৱৈসকলৰ বাবে উপযুক্ত জোতা বজাৰত পাবলৈ নাই৷ ভাল জোতা তৈয়াৰ হ’লে খেলুৱৈসকলৰ পাৰ্ফৰমেন্স ভাল হ’ব৷ এই ধৰণৰ চিন্তাভাৱনা কৰি থকাৰ মাজতেই আৰম্ভ হ’ব প্রথম বিশ্বযুদ্ধ৷ এডিক যুদ্ধলৈ পঠিয়াই জাৰ্মান চৰকাৰে৷ যুদ্ধক্ষেত্ৰৰ পৰা উভতি আহি এডলফে ঘৰৰ শৌচালয়কেই জোতা নিৰ্মাণৰ কাৰখানা হিচাপে গঢ়ি তোলে৷ এডলফক সহায় কৰে কাৰ্ল জেকে৷ প্ৰথম বিশ্বযুদ্ধৰ পাছতেই অন্যান্য দেশৰ সমান্তৰালকৈ জাৰ্মানীতো অৰ্থনৈতিক সংকটে দেখা দিয়ে৷ ঘৰে ঘৰে দাৰিদ্ৰতা৷ এডলফৰ পৰিয়ালকো দাৰিদ্ৰতাই চুই গ’ল৷ জোতা তৈয়াৰ কৰিবৰ বাবে কেঁচামাল কিনাৰো ক্ষমতা হেৰাল এডলফৰ৷ অৰ্থাৎ ব্যৱসায় সপোনতেই শেষ৷
এডলফে নিজৰ সপোনটোক এনেকৈ বাদ দিব নোৱাৰিলে৷ প্রথম বিশ্বযুদ্ধত অংশগ্ৰহণকাৰী সেনাবাহিনীয়ে পেলাই থৈ যোৱা হেলমেট, পানী ভৰোৱা থৈলীৰে জোতা তৈয়াৰ কৰা আৰম্ভ কৰে এডিয়ে৷ জোতা তৈয়াৰৰ বাবে যি যন্ত্ৰ লাগে সেই যন্ত্ৰপাতিসমূহ চলাবলৈ বিদ্যুতৰ প্ৰয়োজন৷ এডলফৰ ঘৰত তেতিয়া বিদ্যুতো নাছিল৷ চাইকেলৰ সৈতে যন্ত্ৰৰ সংযোগ কৰি এডিয়ে যন্ত্ৰ চলাইছিল৷ চাইকেলৰ পেডেল ঘূৰালেই যন্ত্ৰ ঘূৰে৷ দুবছৰ পাছত এডিৰ এই কাৰখানাত ভাতৃ ৰুডলফেও যোগ দিয়ে৷ দুজনে মিলি তৈয়াৰ কৰে জোতা প্ৰস্তুতকাৰী সংস্থা জেব্ৰুডাৰ ডাছলাৰ স্কুহফাব্ৰিক৷ এডিয়ে কাৰখানাত জোতা তৈয়াৰৰ কামবোৰ চাইছিল৷ ৰুডলফে মাৰ্কেটিঙৰ দিশটো চাইছিল৷ ১৯২৫ চনত এডলফে তৈয়াৰ কৰি উলিয়াই ফুটবল খেলিবৰ বাবে খেলুৱৈয়ে পিন্ধিব পৰা বিশেষ বুট৷ এই বুটৰ তলৰফালে আছিল নেল ষ্টেড৷ ফুটবলাৰৰ পাছত ট্ৰাক চালকৰ বাবে এডলফে তৈয়াৰ কৰে বিশেষ জোতা৷ সেই জোতাৰ তলফালে লগোৱা হৈছিল স্পাইক৷
লাহে লাহে এডলফৰ জোতাৰ জনপ্ৰিয়তা বৃদ্ধি পাব ধৰিলে৷ সংস্থাৰটোৰ কামো বাঢ়িল৷ ধীৰে ধীৰে প্ৰচুৰ কৰ্মী নিয়োগ কৰিবলৈ ধৰিলে এডলফৰ সংস্থাই৷ দিনে ৫০ জোৰকৈ জোতা তৈয়াৰ কৰিবলৈ ল’লে এডলফে৷ ১৯২৮ চনত আমষ্ট্ৰাডাম অলিম্পিকত এডিৰ সংস্থাই তৈয়াৰ কৰা জোতা লোৱা হ’ল৷ দৌৰবিদ লিনা ৰাডকে এডলফৰ জোতা পিন্ধি দৌৰিয়েই স্বৰ্ণপদক জয় কৰিলে৷ ৮০০ মিটাৰ দৌৰত সোনৰ পদক লাভ কৰিবলৈ সক্ষম হ’ল লিনাই৷ লিনাই নিজেই প্ৰকাশ কৰিলে যে দৌৰবিদসকলৰ বাবে ভাল জোতা এযোৰৰ প্ৰয়োজনীয়তা কিমান৷
১৯৩২ চনত লছ এঞ্জেলছ আৰু ১৯৩৬ চনত বাৰ্লিন অলিম্পিক্সত প্ৰতিযোগীসকলৰ প্ৰথম পছন্দ হৈ পৰে এডিৰ সংস্থাৰ জোতা৷ ১৯৩৬ চনত আমেৰিকাৰ ট্ৰেক এণ্ড ফিল্ড তাৰকা জেছ ৱেষ্টেও এই জোতা পিন্ধিয়েই ৪টাকৈ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ তাৰপাছতেই জেব্ৰুডাৰ ডাছলাৰ স্কুহফেব্ৰিক সংস্থাৰ জোতা বিক্ৰি অভাৱনীয় হাৰত বাঢ়িবলৈ ধৰে৷
আকৌ পৃথিৱীত আৰম্ভ হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ৷ সেইবাৰ আকৌ এডলফ নহয় ৰুডলফে যুদ্ধলৈ যাবলৈ বাধ্য হ’ল৷ জোতাৰ ব্যৱসায় তেতিয়া এডলফে অকলেই সামৰিবলগীয়া হয়৷ চৰম আৰ্থিক সংকট আকৌ আহিল৷ চৰম আৰ্থিক সংকটৰ মাজত জোতা তৈয়াৰ কৰিবলৈ বন্ধ নকৰিলে এডিয়ে৷
১৯৪৩ চনত জাৰ্মানীৰ প্ৰায় সমস্ত কলকাৰখানা বন্ধ হৈ পৰে৷ তেতিয়াও কিন্তু খেলুৱৈসকলৰ বাবে জোতা তৈয়াৰৰ কাম বন্ধ নকৰিলে এডিৰ সংস্থাই৷ আৰ্থিক সংকট কিন্তু কমক চাৰি বাঢ়িয়েই থাকিল৷ ১৯৪৪ৰ পৰা ১৯৪৫ চনলৈ সেই কাৰখানাৰ উৎপাদন বন্ধ কৰিবলৈ বাধ্য হৈ পৰে এডি৷ এডলফ আৰু ৰুডলফে তেতিয়ালৈকে যুঁটীয়াভাৱেই পৰিয়ালৰ সৈতে একেলগে আছিল৷ এডলফ আৰু ৰুডলফৰ পত্নী সন্তানো সকলো একেলগে আছিল৷ দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়ত এডৰ চহৰতো লেথাৰিকৈ বোমাবৰ্ষণ হৈ আছিল৷ পৰিয়ালক লৈ তেতিয়া শিবিৰলৈ আশ্ৰয়ৰ বাবে যাবলৈ বাধ্য হৈ পৰিল এডলফ৷ ৰুডলফৰ পৰিয়াল আগতেই সেই শিবিৰ পাইছিলগৈ৷ মুখ বাগৰি অহা খবৰ অনুসৰি এডলফে সেই শিবিৰত প্ৰৱেশ কৰি এটা বিশেষ মন্তব্য কৰিছিল৷ এডিয়ে কৈছিল, ‘এইবোৰেই মোৰ ব্যৱসায় শেষ কৰি পেলাইছে৷’
এডিয়ে যুদ্ধবিমানক লক্ষ্য কৰি এইকথা ক’লেও ৰুডলফৰ পৰিয়ালে ভাৱি লৈছিল যে তেওঁলোকক উদ্দেশ্যিয়েই এডিয়ে এই কথা কৈছে৷ এই বাক্যশাৰীয়েই দুই ভাতৃৰ মাজত দূৰত্ব বঢ়াই তোলে৷ ৰুডলফে আৰু এডিৰ সৈতে একেলগে ব্যৱসায় কৰিব নুখুজিলে৷ যুদ্ধ এদিন দুদিনকৈ ক্ষাম কাটিল৷ জাৰ্মানীৰ সেই সৰু চহৰলৈকো লাহে লাহে শান্তিৰ বাতাবৰণ ঘূৰি আহিল৷ এডিয়ে আকৌ সপোনৰ ব্যৱসায়টো চলাবলৈ মন মেলিলে৷ সেইবাৰ এডিয়ে আৰু যুটীয়াভাৱে কাম কৰিব নুখুজিলে৷ তাৰ সলনি তেওঁ নিজৰ সংস্থাটোৰ এটা বিশেষ নাম ৰাখিলে৷ এডিয়ে তেওঁৰ জোতা নিৰ্মাণকাৰী কাৰখানাৰ নাম দিলে ‘এডিডাছ’৷ ৰুডলফেও যুদ্ধৰ পৰা উভতি আহি নিজাকৈ এটা জোতা নিৰ্মাণকাৰী সংস্থা গঢ়ি তুলিলে৷ সেই সংস্থাৰ নাম দিলে ‘ৰুডা’৷ পাছলৈ এই নাম সলনি কৰি ‘পুমা’ কৰা হ’ল৷
পূৰ্বতে যুঁটীয়াভাৱে থাকোতে কাম কৰা একাংশ লোকে পুমাত যোগ দিলে আৰু আন একাংশই যোগ দিলে এডিডাছত৷ কাৰখানাৰ ওপৰিও সৰু চহৰখনকো দুভাগত ভগাই লয় দুই ভাতৃয়ে৷ নদীৰ এটা পাৰে এডলফ আনটো পাৰে ৰুডলফ৷ দুই ভাতৃৰ কাৰখানাক কেন্দ্ৰ কৰিয়েই লাহে লাহে গঢ়ি উঠিল বেকাৰী, পানশ্বপ আদি৷ এডলফ আৰু ৰুডলফৰ শত্ৰুতা কিন্তু কমি নগ’ল৷ দুয়োৰে শত্ৰুতা এনে পৰ্যায়ত আছিল যে এডিডাছত কাম কৰা কৰ্মচাৰীয়ে পুমাৰ নাম ল’ব নোৱাৰিছিল আৰু পুমাৰ কৰ্মচাৰীয়ে এডিডাছৰ৷ ৰুডলফ আৰু এডলফ দুয়োৱে জীৱন্ত কালতেই কৈ গৈছিল যে মৃত্যুৰ পাছত একেটা কবৰত যাতে দুয়োকে সমাধিস্ত কৰা নহয়৷ তেওঁলোকৰ কথা ৰাখিয়েই দুয়োকে মৃত্যুৰ পাছত বেলেগ বেলেগ কবৰস্থানত কবৰ দিয়া হৈছিল৷
১৯৮৭ চনত এডলফৰ সন্তান হৰ্ষ্ট ডাছলাৰ এডিডাছে বিশেষ কোম্পানীটো ফৰাছী উদ্যোগপতি বাৰ্নাৰ্ড টাপিকক বিক্ৰি কৰি দিয়ে৷ পুমাৰো ৭২ শতাংশ শ্বেয়াৰ এটা ছুইছ সংস্থাক বিক্ৰি কৰে ৰুডলফৰ সন্তান জাৰ্ডে৷ ইয়াৰপাছতেই দুই সংস্থাৰ মালিকানা আৰু ৰুড, এডিৰ পৰিয়ালৰ হাতত নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ