ক’চিং চেণ্টাৰত ভৰ্তি হ’বলৈ অৰ্থ নাছিল৷ মাতৃ অংগনবাড়ীৰ কৰ্মী৷ পিতৃয়েও ৰান্ধনী কাম কৰে৷ দুজনে মিলি যি উপাৰ্জন কৰে সেই ধনেৰে কোনোমতে সংসাৰ চলে৷ ফলত কন্যক ক’চিং চেণ্টাৰত ভৰ্তি কৰোৱাৰ সামৰ্থ নাছিল তেওঁলোকৰ৷ কিন্তু কন্যাই নিজকে এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে গঢ়িব খুজিছিল৷ ধন শিক্ষাত হেঙাৰ হৈ থিয় দিলেও পিছপৰি নৰ’ল কন্যা৷ কন্যাৰ সপোনে পৰিয়ালটোক চিন্তাত পেলালেও কন্যাই পিতৃ-মাতৃক আশ্বাস দিছিল, ছিভিল চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ক’চিং চেণ্টাৰৰ প্ৰয়োজন নাই৷ নিজেই পঢ়াশুনা কৰি ছিভিল চাৰ্ভিছ পাছ কৰিবই বুলি পিতৃ মাতৃক আশ্বাস দিছিল কন্যাই৷
তাৰপিছতেই আৰম্ভ হৈছিল যুঁজ৷ অৱশেষত সাফল্য৷ ইউটিউবৰ সহযোগিতাৰেই UPSC পাছ কৰিলে বিনি মুৰুলিয়ে৷ ওড়িশাৰ বোন্দাৰ আদিবাসী সম্প্ৰদায়ৰ তৰুণী বিনি৷ ইউটিউবত ভিডিঅ’ চায়েই ইণ্টাৰনেট যোগে জ্ঞান আহৰণ কৰিয়েই ছিভিল চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হৈছে বিনি৷ শনিবাৰে সন্ধিয়া UPSC পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে৷ বিনিৰ ৰেংক ৫৯৬৷ বোন্দা সম্প্ৰদায়ৰ পৰা বিনিয়েই প্ৰথম ইমান উচ্চপদৰ চাকৰি পাইছে৷
দ্যা ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এক সাক্ষাৎকাৰত বিনিয়ে কয়, ‘জানিছিলো মোৰ পিতৃ মাতৃয়ে ক’চিঙৰ বাবে ধন জোগাৰ কৰিব নোৱাৰে৷ কিন্তু অৰ্থাভাৱক মোৰ সপোনৰ পথত বাধা হ’বলৈ দিব খোজা নাছিলো৷ সেয়ে ইউটিউব চায়েই পঢ়াশুনা আৰম্ভ কৰিলো৷ ইণ্টাৰনেট চাই পৰীক্ষাৰ বাবে ষ্টাডি মেটেৰিয়েল জোগাৰ কৰিলো৷’ বিনিৰ এই সাফল্যত এতিয়া আনন্দিত হৈছে পিতৃ-মাতৃও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















