গুৱাহাটীত গ্ৰেপ্তাৰ ADRE পৰীক্ষাৰ্থী।
নুনমাটি আৰক্ষীৰ জালত ছাব্বিৰ হুছেইন নামৰ এজন পৰীক্ষাৰ্থী।
নুনমাটিৰ SR একাডেমী পৰীক্ষা কেন্দ্ৰৰ পৰা গ্ৰেপ্তাৰ পৰীক্ষাৰ্থীজনক।
পৰীক্ষাকেন্দ্ৰলৈ মোবাইল ফোন নিয়াৰ অভিযোগ পৰীক্ষাৰ্থীজনৰ বিৰুদ্ধে।
দেওবাৰ হৈ যোৱা ADRE পৰীক্ষা কেন্দ্ৰত মোবাইল সহ গ্ৰেপ্তাৰ পৰীক্ষৰ্থী।
অসৎ উপায় অৱলম্বন কৰি মোবাইল ফোন লৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে তেজপুৰৰ যুৱক ছাব্বিৰ৷
ছাব্বিৰে পৰীক্ষাকেন্দ্ৰত প্ৰশ্নৰ উত্তৰ লিখি আছিল। এনেতে মোবাইলটো বাজি যোৱাত পৰীক্ষা নিয়ন্ত্ৰকৰ সন্দেহ হয়৷
তাৰপিছতেই পকেটত তালাচী চলাই এটা মোবাইল ফোন জব্দ কৰে।
পৰীক্ষা নিয়ন্ত্ৰকে ছাব্বিৰক নুনমাটি আৰক্ষীক গতাই দিয়ে।
ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ