ইলেক্ট্ৰিক বিলক লৈ মধ্যবিত্তৰ প্ৰতিদিনেই আপত্তি৷ ১০০০টকা আহিলেই আমাৰ মূৰৰ কামূৰণি উঠে৷ কিন্তু জানেনে বলীউডৰ তাৰকাসকলে মাহে প্ৰতি কিমান টকা ইলেক্ট্ৰিক বিল দিয়ে? শুনিলে চকু কপালত উঠিব আপোনাৰ৷
বিকি-কেটৰীনাৰ মুম্বাইৰ এটা ৪ বিএইছকে ফ্লেটত বিয়াৰ পাছত সংসাৰ পাতিছে বিকি কৌশল আৰু কেটৰিণা কাইফে৷ সূত্ৰই জনাইছে যে সেই ফ্লেটত মাহে প্ৰতি ৮-১০ লাখ টকাৰ বিল আহে৷ ছলমান খান মানেই ৰাজকীয় এক জীৱন৷ কেটৰীনা আৰু বিকিতকৈয়ো বেছি ইলেক্ট্ৰিক বিল দিয়ে ছলমান খানে৷ তেওঁ মাহিলী ২৩ৰ পৰা ২৫লাখ টকা বিল দিয়ে৷
ছেইফ আলি খান আৰু কৰিণাইয়ো বলীউডৰ হটেষ্ট কাপল ছেইফ আলি খান আৰু কৰিণা কাপুৰ খান৷ বলীউড লাইফৰ এক ৰিপৰ্টে জনাইছে যে তেওঁলোকৰ বিল আহে ৩০ৰ পৰা ৩২ লাখ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















