ৰাহুল গান্ধীৰ বিৰুদ্ধে গিৰিৰাজ সিঙৰ ডাঙৰ অভিযোগ- ‘গৃহযুদ্ধ কৰাব বিচাৰে ৰাহুলে’
কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা গিৰিৰাজ সিঙে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে। আজি দেওবাৰ ৩ নৱেম্বৰ তাৰিখে গিৰিৰাজে সিঙে দাবী কৰে যে উত্তৰ প্ৰদেশৰ ৰায়ে বৰেলীৰ কংগ্ৰেছী সাংসদগৰাকীয়ে দেশত গৃহযুদ্ধৰ সৃষ্টি কৰিব বিচাৰিছে।
সেই উদ্দেশ্যে ৰাহুল গান্ধীয়ে নতুন নতুন পৰিকল্পনা কৰি সেই পৰিকল্পনা মতে কামো কৰি আগবাঢ়ি আছে। আনকি তেওঁ ৱাকফ ব’ৰ্ডক ভূমি মাফিয়া বুলিও অভিহিত কৰিছিল।
গিৰিৰাজ সিঙে কয় যে যেতিয়া বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছিল তেতিয়া কংগ্ৰেছ নেতা ছলমান খুৰশ্বিদে কৈছিল যে ভাৰততো বাংলাদেশৰ দৰে পৰিস্থিতি হ’ব, কিন্তু কংগ্ৰেছৰ কুকৰ্মৰ সপোন পূৰণ নহ’ব কাৰণ ভাৰতৰ যুৱক-যুৱতীসকল এতিয়া সজাগ হৈ উঠিছে।
ৱাকফক লক্ষ্য কৰি গিৰিৰাজে সিঙে কয়, “ৱাকফ ব’ৰ্ড এটা লেণ্ড মাফিয়া। বছৰ বছৰ ধৰি বিহাৰৰ ফাটুহাত হিন্দুসকলে বসবাস কৰি আহিছে আৰু ই ৱাকফ ভূমি বুলি দাবী কৰা হৈছে। সংসদৰ পৰা সমগ্ৰ দেশলৈকে ৱাকফ বৰ্ডৰ মাটিত আছে বুলি কেতিয়া কব নাজানে। “কংগ্ৰেছে ৱাকফ ব’ৰ্ডৰ অধীনত গৃহযুদ্ধৰ ষড়যন্ত্ৰ কৰিছে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















