অসম লাইভ ২৪ঃ Youtube। নৱপ্ৰজন্মৰ এটা পৰিচিত মাধ্যম। অনলাইন ভিডিঅ’ চাব পৰা বা আপলোড কৰিব পৰা জনপ্ৰিয় মঞ্চ হ’ল এই youtube। মোবাইলটো হাতত লৈ ভিডিঅ’ চাবলৈ মন গ’লেই আমি ইউটিউব খুলি লওঁ। কিয়নো বা-বাতৰিৰ পৰা মনোৰঞ্জলৈকে সকলো ধৰণৰ ভিডিঅ’ সহজতে পাব পৰা যায় ইউটিউবত। ঘৰৰ কণমানিটোৰ পৰা বৃদ্ধজনলৈকে ইউটিউবৰ ভিডিঅ’ চাই আনন্দ লয়। পৃথিৱীৰ প্ৰায় ২০০ কোটি লোকে ইউটিউব ব্যৱহাৰ কৰে। আৰু ভাৰতৰ ২৬.৫ কোটি লোকে ব্যৱহাৰ কৰে ইউটিউব। ইউটিউবৰ ভিডিঅ’ চাই কেৱল আনন্দ লোৱাই নহয় বিশ্বৰ বহু লোকে ইউটিউবৰ জৰিয়তে উপার্জন কৰি আত্মনির্ভৰশীলো হৈ উঠিছে। অসমতো এতিয়া বহু যুৱকে ইউটিউবৰ জৰিয়তে উপার্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াভাৱে অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই ইউটিউবত ১ মিলিয়ন subscriber লাভ কৰিবলৈ সক্ষম হয়। ইউটিউবত উত্তৰ-পূবৰ ভিতৰত ১ মিলিয়ন subscriber লাভ কৰা ডিম্পু বৰুৱাই প্ৰথম ইউটিউবাৰ। যাৰ বাবে ডিম্পুই ইউটিউবৰ পৰা লাভ কৰিছে Gold play button। ইউটিউবত ছার্ছ কৰিলেই লাখ লাখ ভিডিঅ’ পোৱা যায় যদিও সকলো ভিডিঅ’ই দর্শকৰ সঁহাৰি লাভ নকৰে। তাৰ মাজতে কিছুমান ভিডঅ’ই দর্শকৰ বিপুল সঁহাৰি পোৱা দেখা যায়। এতিয়া আহিছো ইউটিউবৰ এটা বিশেষ ভিডিঅ’ৰ কথালৈ। ভিডিঅ’টোৱে লাভ কৰিবলৈ সক্ষম হৈছে দর্শকৰ অনবদ্য সঁহাৰি। শিশুৰ গীত ‘বেবী শ্বার্ক’ (Baby shark) ভিডিঅ’টোৱে ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে। ইউটিউবত আটাইতকৈ বেছি লোকে চাইছে ভিডিঅ’টো। মুঠ ৭ বিলিয়ন অর্থাৎ ৭০০ কোটি বাৰ view হৈছে ভিডিঅ’টো। বিশ্বজুৰি শিশু, পিতৃ-মাতৃ আৰু শিক্ষকৰ বাবে আটাইতকৈ পছন্দৰ সংগীত হিচাপে চিহ্নিত হৈছে এই গীতটো।
ভিডিঅ’টোৰ লিংকঃ https://www.youtube.com/watch?v=XqZsoesa55w
দক্ষিণ কোৰিয়াত শিশুৰ বাবে প্ৰস্তুত কৰা গীতটো বিশ্বজুৰি ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো ইউটিউবত আপলোড কৰিছিল ২০১৬ চনৰ জুন মাহত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ