ভাৰত বনাম ইংলেণ্ডৰ তৃতীয় মেচত সালসলনি, হাৰ্ডিক বাহিৰ, ২ অন্য খেলুৱৈ দলত
বৰ্তমান ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ৰ খেল চলি আছে। দুয়োটা দলৰ মাজত পাঁচখনীয়া মেচৰ টি-২০ ছিৰিজ অনুষ্ঠিত হৈছে, য’ত ভাৰতে ইতিমধ্যে দুখন মেচৰ অন্তত ২-০ত অগ্ৰগতি লাভ কৰিছে।
শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ’ব ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত। ইতিমধ্যে দুয়োটা দল উপস্থিত হৈছে ৰাজকোটত। ০-২ত পিছ পৰি থকা ইংলেণ্ডৰ বাবে কাইলৈ অনুষ্ঠিত হব লগা মেচত জয়ী হোৱাটো অতি জৰুৰী, আনহাতে ভাৰতে শৃংখলাটো জয় কৰিবলৈ পৰৱৰ্তী তিনিখন মেচৰ ভিতৰত মাত্ৰ এখন খেলতে জয়লাভ কৰিব লাগিব। এনে পৰিস্থিতিত দলটোৱে এই মেচখনৰ প্লেইং এলেভেনত কিছু পৰিৱৰ্তন কৰিব পাৰে।
ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু তাৰ পিছত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে দলৰ অংশ। গতিকে টি-২০ শৃংখলাৰ বাকী থকা মেচবোৰত দলটোৱে তেওঁক জিৰণি দিয়াৰ সম্ভাৱনা আছে।
ইয়াৰ উপৰিও ভাৰতীয় দলত আন অল ৰাউণ্ডাৰ শিৱম ডুবেক অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁ পাণ্ডিয়াৰ ঠাইত প্লেইং এঘাৰত স্থান লাভ কৰিব পাৰে।
দ্বিতীয়খন মেচত ভাৰতে চাৰিজন স্পিনাৰ খেলিছিল যদিও ৰাজকোটত অতিৰিক্ত স্পিনাৰৰ প্ৰয়োজন নহ’ব। এনে পৰিস্থিতিত দলটোৱে ৰবি বিষ্ণয়ৰ ঠাইত মহম্মদ শ্বামীক দলত অন্তৰ্ভুক্ত কৰিব পাৰে।
তৃতীয় টি-২০ মেচৰ বাবে ভাৰতৰ সম্ভাৱ্য একাদশ : সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), তিলক ভাৰ্মা, শিৱম ডুবে, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, মহম্মদ শ্বামী, অৰ্শদীপ সিং, বৰুণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ