মাজ আকাশৰ পৰা নিখোঁজ হৈছিল এখন যাত্ৰীবাহী বিমান৷ অৱশেষত আলাস্কাৰ বৰফৰ স্তূপৰ মাজত পোৱা গৈছে সেই বিমানৰ ধ্বংসাৱশেষ৷ ৯ জন যাত্ৰী আৰু এজন পাইলটক লৈ উৰা মাৰিছিল বিমানখন৷ সেই হেৰুওৱা বিমানৰ সন্ধান অৱশেষত লাভ কৰিলে আমেৰিকাৰ উপকূল ৰক্ষী বাহিনীয়ে৷ ১০ জনৰ কোনো এজনো বাছি থকা নাই বুলিও জনাইছে সেনাৰ দলটোৱে৷ বিমানৰ ধ্বংসস্তূপৰ পৰা দেহ উদ্ধাৰৰ কাম অব্যাহত ৰখাৰ খবৰ প্ৰকাশ কৰিছে আন্তৰাষ্ট্ৰীয় এক সংবাদমাধ্যমে৷
বৃহস্পতিবাৰে দুপৰীয়া ১০ জন যাত্ৰীক লৈ আকাশলৈ উৰা মাৰিছিল Bering Air Passanger বিমানখন৷ ইয়ুনালাকলিটৰ পৰা নোমলৈ গৈছিল বিমানখন৷ আকাশলৈ উৰা মৰাৰ পাছতেই হঠাৎ বিপত্তিয়ে দেখা দিয়ে৷ মাটিৰ পৰা ক্ৰমশ উচ্চতা বাঢ়িছিল বিমানখনৰ একেলগে কমি গৈ আছিল গতিও৷ ইয়াৰপাছতেই বিমানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ যায়৷ সেয়া সেই বিমানেই শেষত আলাস্কাত ভাঙি পৰিছে বুলি জনা গৈছে৷
https://x.com/USCGAlaska/status/1888023010877260283
বিমানখন বিচাৰি লগে লগেই আৰম্ভ হৈছিল অভিযান৷ কিন্তু ঘন কুঁৱলী, তীব্ৰ ঠাণ্ডা আৰু তুষাৰপাতৰ বাবে ব্যাহত হয় উদ্ধাৰকাৰ্য৷ আমেৰিকাৰ উপকূলৰক্ষী বাহিনীয়ে আকাশীপথেৰে নজৰদাৰী চলায়৷ ইয়াৰপাছতেই নেশ্ব্যনেল গাৰ্ড আৰু উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰে বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে৷
আলাস্কাৰ নোম চহৰৰ ৫৫ কিঃমিঃ দক্ষিণ পূবত বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছে৷ Bering Air Passanger Cessna 208B Grand Caravan বিমানখনত যাত্ৰা কৰা প্ৰায়সংখ্যক যাত্ৰীয়েই প্ৰাপ্তবয়স্ক আছিল৷ বিমানৰ ধ্বংসাৱশেষৰ অংশ পোৱাৰ পাছতেই উদ্ধাৰ হৈছে তিনিজনৰ দেহ৷ বাকী ৭গৰাকীৰ দেহ বাতৰি প্ৰকাশৰ সময়লৈকে উদ্ধাৰ হোৱা নাই৷ আমেৰিকাৰ উপকূলৰক্ষী বাহিনীয়ে জনাইছে যে বিমানখনত যাত্ৰা কৰা প্ৰত্যেকজনৰেই মৃত্যু হৈছে৷ তেওঁলোকৰ পৰিয়ালকো ইতিমধ্যে খবৰ দিয়া হৈছে৷
এই ঘটনাত শোক প্ৰকাশ কৰিছে আলাস্কাৰ গভৰ্নৰ মাইক ডানলেভিয়ে৷ এই দুৰ্ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক বুলি জনাইছে তেওঁ৷ এই ঘটনাত দেশৰ বিমান পৰিবহন ব্যৱস্থাত কিছু খেলিমেলি থকাৰো অভিযোগ উঠিছে৷ কাৰণ বিগত সপ্তাহতেই দুখন বিমান দুৰ্ঘটনাত পতিত হৈছে৷ আনকি কিছুদিন পূৰ্বে তাতেই মাজ আকাশত যাত্ৰীবাহী বিমানৰ সৈতে সেনাৰ হেলিকপ্টাৰ ধাক্কা লগা ঘটনাও ঘটিছে৷ তাতেই ৬৭ জনৰ মৃত্যু হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















