মঙলবাৰে কলকাতাত ২২ গজত নামিব ৰিংকু সিং৷ ইডেন গাৰ্ডেন্সত তেওঁলোকৰ প্ৰতিপক্ষ লক্ষ্ণৌ ছুপাৰ জয়েন্টছ৷ শেষ মেচত ছন্দ উভতি আহিছে কলকাতাৰ বেটাৰ ৰিংকু সিঙৰ৷ এইবাৰ ভাল ইনিংছ খেলিছে ভেংকটেশ আয়াৰ, অঙ্গকৃষ ৰঘুবংশী, অজিংক ৰাহানাই৷ শেষত ২২ গজত নামি ১৮ বলত ৩২ ৰানৰ ইনিংছ খেলিছে ৰিংকু সিঙে৷ লক্ষ্ণৌৰ বিৰুদ্ধে জয়ৰ ধাৰা বজাই ৰখাই লক্ষ্য কে কে আৰৰ৷ মেচৰ পূৰ্বে প্ৰেক্টিছ ছেচনত দুই দলৰ ক্ৰিকেটাৰসকলক দেখা গৈছে ইডেন গাৰ্ডেনছত৷
ইডেনত প্ৰেক্টিছ মেচ খেলি থকাৰ সময়তেই ৰিংকু সিঙৰ হাতৰ টাটুৰ চৰ্চা চলিছে৷ বিগত দুটা আই পি এলত দুৰ্দান্ত খেলৰ বাবে শিৰোনামত উঠিছে ৰিংকু সিং৷ তেওঁৰ দুখন হাততেই আছে দুটা টাটু৷ সোঁহাতৰ টাটুত আছে এখন ঘড়ী৷ তাতেই লিখা আছে ২ বাজি ২০ মিনিট৷ আনখন হাতৰ টাটুত লিখা আছে গডছ প্লেন৷ দেওবাৰে নাইটছ বাইট নামৰ এক অনুষ্ঠানত ৰিংকুৱে জনাইছে টাটুৰ আঁৰত থকা গল্প৷
ৰিংকুৱে কয়, ‘২০১৮ চনত ৮০ লাখ টকাত কে কে আৰে মোক দলত লৈছিল৷ সেই অৰ্থৰ পৰিমান অন্যৰ বাবে কম হলেও মোৰ পৰিয়ালৰ বাবে সেই অৰ্থ বহুত৷ ইয়াৰ পূৰ্বে মোৰ হাতত ৮০টকা অৰ্থ থকাটোও বহুত৷ সেই ধনেৰেই মোৰ জীৱন সলনি হৈছিল৷ সলনি হৈছিল মোৰ পৰিয়ালৰ জীৱনো৷ ভণ্টীক বিয়া দিয়াও সহজ হৈছিল৷ কেৱল সেয়াই নহয় সেই টকাৰে ঘৰো ক্ৰয় কৰিছো৷’
এই কাহিনীৰ বৰ্ণনা দিয়াৰ মাজতেই ৰিংকুৱে দিছে তেওঁৰ হাতৰ টাটুত থকা ২ বাজি ২০ মিনিটৰ বৰ্ণনা৷ এই বিষয়ে ৰিংকুৱে কয়, ‘কলকাতাই যেতিয়া মোক নিলাম কৰি দলত লৈছিল তেতিয়া সময় আছিল ঠিক ২ বাজি ২০ মিনিটৰ পৰা ২ বাজি ২১ মিনিট৷ ঠিক সেই মুহূৰ্ততেই মোৰ জীৱন সলনি হৈ যায়৷ সেয়ে এই সময় মোৰ বাবে আজীৱন স্মৰণীয়৷’
উল্লেখ কৰা প্ৰয়োজন যে কেকেআৰে ক্ৰয় কৰাৰ পাছৰে পৰাই সলনি হৈছে ৰিংকুৰ ক্ৰিকেট কেৰিয়াৰো৷ তেওঁ সুযোগ লাভ কৰিছে ভাৰতীয় দলতো৷ এইবাৰৰ আই পি এলত তেওঁক ১৩ কোটি টকাৰ ৰিটেইন কৰিছে কেকেআৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















