১৪৪ খন ছবিত একেটা চৰিত্ৰত অভিনয় কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড ভাৰতীয় অভিনেতাৰ
এজন অভিনেতাক তেতিয়াহে দক্ষ আৰু বহুমুখী বুলি গণ্য কৰা হয় যেতিয়া তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰৰ লগত খাপ খাব পাৰে। বিভিন্ন চৰিত্ৰত অভিনয় কৰি নিজৰ অভিনয় দক্ষতাৰে দৰ্শককো আপ্লুত কৰিব পাৰে। অনুৰাগী সকলৰো সেই তাৰকা প্ৰশংসাৰ পাত্ৰ হৈ পৰে।
পাছে এগৰাকী ভাৰতীয় অভিনেতাই এখন দুখন নহয় ১৪৪ খন চিনেমাত একেটা চৰিত্ৰতে অভিনয় কৰি সমগ্ৰ বিশ্বতে অভিলেখ গঢ়িছে। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নামো সন্নিবিষ্ট কৰিছে একেটা চৰিত্ৰতে ১৪৪ খন চিনেমা কৰি।
সেই অভিনেতাগৰাকী হৈছে জগদীশ ৰাজ খুড়ানা। জগদীশ খুড়ানাই এখন বা দুখন নহয় ১৪৪খন ভিন্ন ছবিত কেৱল আৰক্ষী বিষয়াৰে চৰিত্ৰত অভিনয় কৰি এই ৰেকৰ্ড গঢ়িছে। অমিতাভ বচ্চনৰ ব্লকবাষ্টাৰ ছবি ‘ডন’তো আৰক্ষী বিষয়া হিচাপে অভিনয় কৰিছিল জগদীশ খুড়ানাই।
কেৱল এগৰাকী আৰক্ষী বিষয়াৰে চৰিত্ৰত অভিনয় কৰি এই অভিলেখ গঢ়া জগদীশে হয়তো কেতিয়াও ভৱা নাছিল এনে এক ৰেকৰ্ড হব পাৰে বুলি। পাছে আজি পৰ্যন্ত এই ৰেকৰ্ডৰ কাষো চাপিব পৰা নাই অন্য কোনো অভিনেতাই।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ধাৰণ কৰা এই অভিনেতাজনে ৮০ আৰু ৯০ৰ দশকত অভিনয় কৰি ইমানেই জনপ্ৰিয়তা আৰু খ্যাতি লাভ কৰিছিল যে অনুৰাগীসকলে তেওঁক আৰক্ষীৰ চৰিত্ৰৰ বাবে স্বাভাৱিকভাৱে উপযুক্ত বুলি গণ্য কৰিছিল। কেৱল এয়াই নহয়, জগদীশে নিজাকৈ স্থায়ী ভাৱে চিলাই লৈছিল আৰক্ষীৰ ইউনিফৰ্মো।
জগদীশ ৰাজৰ কেৰিয়াৰ দীঘলীয়া আছিল। তেওঁ প্ৰায় ২৫০খন ছবিত কাম কৰিছিল , যাৰ ভিতৰত ১৪৪খন ছবিত তেওঁ কেৱল আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰিছিল।
জগদীশ ৰাজৰ কন্যা অনিতা ৰাজেও নিজৰ অভিনয়েৰে দৰ্শকক মোহিত কৰিছিল। অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে অনিতাৰ যুটি আছিল ছুপাৰ হিট। অভিনয় জীৱনৰ সময়ছোৱাত প্ৰায় ৪৬ খন ছবিত কাম কৰি অনিতা ৰাজে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















