অসম লাইভ ২৪ঃ অৱশেষত পৰাজয় স্বীকাৰ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সদ্যসমাপ্ত নির্বাচনত জ’ বাইডেনৰ হাতত পৰাজিত হোৱা ড’নাল্ড ট্ৰাম্পে স্বীকাৰ কৰি লোৱা নাছিল পৰাজয়। হোৱাইট হাউছ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল পৰাজিত ট্ৰাম্পে। নিৰ্বাচনৰ ভোট গণনাক লৈ অসন্তুষ্ট ট্ৰাম্পে আদালতৰো কাষ চাপিছিল। ট্ৰাম্পৰ সমর্থকসকলে ৱাশ্বিংটনত প্ৰতিবাদী কার্যসূচী ৰূপায়ণ কৰিছিল। কিন্তু এই সকলো ক্ষোভ-বিক্ষোভৰ পৰিসমাপ্তি ঘটিল। অৱশেষত পৰাজয় স্বীকাৰ কৰি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউচ এৰিবলৈ সাজু হৈছে। আমেৰিকাৰ দায়িত্ব নতুন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ হাতত অর্পণ কৰিবলৈ সাজু হৈছে ড’নাল্ড ট্ৰাম্প।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ