মাহেকীয়া হোৱাৰ আগতে আৰু মাহেকীয়াৰ সময়ত বহু মহিলাৰ মুড ছুই হয়। এই পৰিৱৰ্তনবোৰ মূলতঃ হৰম’নৰ পৰিৱৰ্তনৰ ফল। বিশেষজ্ঞসকলৰ মতে, প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰম (PMS) এই অৱস্থাৰ অন্যতম কাৰণ। ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ উঠা-নমাৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক আছে।
মুড ছুইঙৰ পৰা হাত সাৰিবলৈ কি কৰিব?
- মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। ধ্যান বা গান শুনি মানসিক চাপ কমাব পাৰি।
- ডিহাইড্ৰেচনে শৰীৰত ক্লান্তি আৰু খিংখিঙীয়া ভাৱ বৃদ্ধি কৰে। দিনটোত কমেও ৮–১০ গিলাচ পানী খাব লাগে
- যোগাসন, খোজ কঢ়া বা ষ্ট্ৰেচিং কৰিলে এণ্ড’ৰ্ফিন হৰম’ন বৃদ্ধি পায় আৰু আপোনাৰ মেজাজ হৈ থাকে।
- প্ৰতিদিনে ৭-৮ ঘণ্টা টোপনি গ’লে হৰম’নৰ ভাৰসাম্য ৰক্ষা হয় আৰু মেজাজ নিয়ন্ত্ৰণত থাকে।
- সুষম খাদ্য গ্ৰহণ কৰক। চেনি আৰু অতিৰিক্ত কেফেইন পৰিহাৰ কৰক।
- পৰ্যাপ্ত পৰিমাণে মেগনেছিয়াম আৰু ভিটামিন বি ৬ সেৱন কৰিব লাগে।
- কিন্তু গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















