কি ক্ৰয় কৰিব এইবাৰ অক্ষয় তৃতীয়াত, ৰাশি অনুযায়ী জানক শুভ-অশুভ কাৰক
ধনতেৰাছৰ দৰে অক্ষয় তৃতীয়াও বজাৰ কৰাৰ বাবে অতি শুভ দিন বুলি বিশ্বাস কৰা হয়। হিন্দুসকলৰ বাবে এই দিনটোৰ বিশেষ তাৎপৰ্য আছে। যিকোনো শুভ কামৰ বাবে অক্ষয় তৃতীয়া শুভ। এই দিনটোত যি কাম কৰা হয়, চিৰন্তন শুভ ফল পোৱা বুলি মনা হয়। অক্ষয় তৃতীয়াৰ কোনো শুভ কাম কৰিবলৈ নিৰ্দিষ্ট শুভ সময় নাই, কাৰণ এই গোটেই দিনটো অতি শুভ।
চলিত বৰ্ষৰ ৩০ এপ্ৰিলত অক্ষয় তৃতীয়া উদযাপন কৰা হ’ব। এই দিনটোত বহুতে সোণ বা ৰূপৰ গহনা ক্ৰয় কৰে। অৱশ্যে এই বিশেষ দিনটোত সোণ-ৰূপৰ বাহিৰেও আন বহু বস্তু ক্ৰয় কৰিব পৰা যায়।
মেষ ৰাশি
মেষ ৰাশিৰ লোকে অক্ষয় ত্ৰিতীয়াৰ দিনা সোণ কিনিব পাৰিব। লগতে তামৰ বাচন বা অন্য ৰন্ধন বাচনো কিনিব পাৰে।
বৃষ ৰাশি
৩০ এপ্ৰিলৰ অক্ষয় তৃতীয়াত বৃষ ৰাশিৰ লোকে চাউল, বাজৰা, তৰকাৰী, বা ৰূপ কিনিব পাৰে।
মিথুন ৰাশি
দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ মিথুন ৰাশি জাতক জাতিকা সকলৰ এই দিনটোত ধনীয়া, সেউজীয়া ৰঙৰ কাপোৰ আৰু যিকোনো ইলেক্ট্ৰনিক গেজেট ক্ৰয় কৰিব পাৰে।
কৰ্কট
কৰ্কট ৰাশিৰ লোকে যদি অক্ষয় তৃতীয়াত গোমতী চক্ৰ, ৰূপ, বা তীখাৰ সামগ্ৰী ক্ৰয় কৰে তেন্তে তেওঁলোকে শুভ ফল লাভ কৰিব।
সিংহ ৰাশি
সিংহ ৰাশিৰ অধীনত জন্ম হ’লে অক্ষয় তৃতীয়া তামৰ পাত্ৰ কিনক। এই দিনটোত শ্ৰীযন্ত্ৰ ক্ৰয় কৰাটোও শুভ।
কন্যা ৰাশি
অক্ষয় তৃতীয়াৰ দিনা কন্যা সন্তানে ঘৰলৈ তুলসী গছ আনিব লাগে। ফলত দেৱী লক্ষ্মী ঘৰত বাস কৰিব।
তুলা ৰাশি
অক্ষয় তৃতীয়াত চিৰন্তন লাভ কৰিবলৈ তুলা ৰাশিৰ লোকে দক্ষিণমুখী শংখৰ খোলা, সোণৰ গহনা, বা গেজেট কিনিব পাৰে।
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ এই দিনটোত সোণ, গুড় বা যৱ ক্ৰয় কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক লাভ হব।
ধনু ৰাশি
ধনু ৰাশি হলে অক্ষয় তৃতিয়ত তাম বা পিতলৰ বাচন কিনিব। ঘৰলৈ লাড্ডু গোপালৰ প্ৰতিমূৰ্তিও লৈ আহিব পাৰে।
মকৰ ৰাশি
মকৰ ৰাশি জাতক জাতিকা সকলৰ এই দিনটোত ৰূপৰ গহনা কিনিব লাগে।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ লোকক অক্ষয় তৃতীয়াৰ দিনা ক’লা তিল ক্ৰয় কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
মীন ৰাশি
অক্ষয় তৃতীয়াত মীন ৰাশিৰ লোকে যৱ, হালধী বা সোণৰ গহনা কিনিব লাগে। ফলত দেৱী লক্ষ্মী সন্তুষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















