৬ বলত ৬টা ছয়, কিন্তু ৫ ৰানৰ বাবে প্ৰথমটো শতকৰ পৰা বঞ্চিত ৰিয়ান
৬, ৬, ৬, ৬, ৬, ৬, একেৰাহে ৬ টা ৬ কোবাই অসম সন্তান ৰিয়ান পৰাগে আজি ক্ৰিকেট ফিল্ডত দেখুৱালে দুৰ্দান্ত প্ৰদৰ্শন। একেৰাহে ৬ টা বলত ৬ কোবাই দেখুৱালে নিজৰ দক্ষতা। প্ৰদৰ্শন অতিকে সুন্দৰ হলেও ভাগ্যই নিদিলে লগ। মাথো ৫ ৰানৰ পৰা শতক বঞ্চিত হৈ ৰ’ল ৰিয়ান।
মাথো ৪৫ টা বলত ৯৫ ৰান কৰে ৰিয়ানে। ৰিয়ানৰ এই ইনিংছত আছিল ৬ টা চাৰি আৰু ৮ টা ছয়। ৰিয়ানৰ আজিৰ এই ইনিংছ এক প্ৰকাৰৰ ৰেকৰ্ড।
কাৰণ ৬ টা বলত একেৰাহে ৬ টা ৬ কোবোৱা সাধাৰণ কথা নহয়। ক্ৰিকেট ইতিহাসত এই কৃতিত্ব এতিয়ালৈকে কেৱল ১৪ গৰাকী লোকেহে কৰিব পাৰিছে, ৰিয়ান এই তালিকাত ১৫ নম্বৰ স্থানত। ভাৰতীয় খেলুৱৈৰ ভিতৰত ৫ নম্বৰত ৰিয়ান।
ভাৰতৰ এই কেইগৰাকী খেলুৱৈৱে কৰিছে ৬টা বলত ৬
ৰবি শাস্ত্ৰী (ৰঞ্জি ট্ৰফী)
যুৱৰাজ সিং (টি-২০ বিশ্বকাপ)
ৰুতুৰাজ গাইকৱাদ (বিজয় হাজাৰে ট্ৰফী)
প্ৰিয়ংশ আৰ্য্য (দিল্লী প্ৰিমিয়াৰ লীগ)
ৰিয়ান পৰাগ (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ)
ৰিয়ানৰ এই দৰ্শনীয় ইনিংছৰ পাছতো যুঁজ দিয়ো পৰাস্ত হয় ৰাজস্থান দল। কলকাতা দলৰ হাতত ১ ৰানত পৰাজয় বৰণ ৰিয়ানৰ ৰাজস্থান দলৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















