অপাৰেছন সিন্দূৰৰ সাফল্যৰ দাবী কৰিছে ভাৰতীয় সেনাই৷ মঙলবাৰে পঞ্জাৱৰ আদমপুৰৰ বায়ুসেনাঘাঁটিত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সেনাবাহিনীৰ সকলো সদস্যক চেল্যুট জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ কেৱল সেয়াই নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধেও কেইবাটাও কথা কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ নতুন ভাৰতৰ সংজ্ঞা আৰু তিনি সূত্ৰৰ কথা কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে৷
ঘটনাক্ৰমে এই বায়ুসেনাঘাঁটিতেই ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণেৰে আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে৷ কিন্তু ভাৰতৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা আৰু বায়ুসেনাৰ তৎপৰতাত এই আক্ৰমণ প্ৰতিহত কৰা হৈছে৷ কেৱল আদমপুৰ বায়ুসেনাঘাঁটিতেই নহয়, কেইবাটাও বায়ুসেনাঘাঁটিত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে৷ সকলো আক্ৰমণেই ব্যৰ্থ হৈছে৷ পাকিস্তানৰ মাটিত প্ৰত্যাঘাত আৰু পাক আক্ৰমণক দক্ষতাৰে ৰখাই দিবলৈ সক্ষম হোৱা ভাৰতৰ তিনি বাহিনীক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰীয়ে৷
মোদীয়ে জনাইছে যে নতুন ভাৰতৰ জীৱন তিনি সূত্ৰৰে গঁথা৷ কি সেই সূত্ৰ তাৰো বাখ্যা কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, এক নম্বৰ সূত্ৰঃ সন্ত্ৰাসবাদী আক্ৰমণ হ’লে ভাৰতে চুপ হৈ নাথাকিব৷ নিজৰ চৰ্তৰে জৱাব দিব৷ দ্বিতীয় সূত্ৰঃ ভাৰতে কোনো নিউক্লিয়েৰ ব্লেকমেইল সহ্য নকৰে৷ তিনি নম্বৰ সূত্ৰঃ সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মদতদাতাসকলক পৃথককৈ নধৰে ভাৰতে৷
বক্তৃতাৰ প্ৰথমৰ পৰা শেষ পৰ্যন্ত মোদীয়ে ভাৰতীয় সেনাবাহিনীৰ কৃতিত্বকেই তুলি ধৰিছে৷ বায়ুসেনা, নৌসেনা আৰু স্থলসেনাৰ উদ্দেশ্যে মোদীৰ বক্তব্য, ‘অপাৰেছন সিন্দূৰৰ শব্দ শত্ৰুৰ কাণত পৰিছে৷ যিসকলে আমাৰ মাতৃ-ভগ্নীৰ সেন্দূৰ মোহাৰিছে তেওঁলোকক ঘৰত সোমাই আমি শেষ কৰিছো৷ সন্ত্ৰাসবাদী কাপুৰুষৰ দৰে লুকাই আছিল৷ কিন্তু আমাৰ সেনাবাহিনীয়ে ভিতৰত সোমাই সিঁহতক শেষ কৰি দিছে৷ আপোনালোক ভাৰতীয় সেনাবাহিনীয়ে তেওঁলোকক সন্মুখৰ পৰা জৱাব দিছে৷ সন্ত্ৰাসবাদীৰ ৯টা ঘাটি আপোনালোকে উৰুৱাই দিছে৷ ১০০ জনতকৈ বেছি সন্ত্ৰাসবাদীৰ জীৱন শেষ কৰা হৈছে৷’
কেৱল সন্ত্ৰাসবাদীয়ে নহয়, পাকিস্তান সেনাকো মোক্ষম জৱাব দিয়া হৈছে বুলি আদমপুৰৰ সেনাঘাঁটিৰ পৰা জনাইছে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, ‘আপোনালোকে পাকিস্তান সেনাক বুজাই দিছে, সন্ত্ৰাসবাদীয়ে য’ত বহি শান্তিৰ নিশ্বাস ল’ব তাতেই সোমাই ভাৰতীয় সেনাই সিঁহতক মাৰিব৷ আমাৰ ড্ৰোণ, ক্ষেপণাস্ত্ৰৰ চিন্তাই সিঁহতৰ টোপনি হৰিছে৷ অপাৰেছন সিন্দূৰে দেশৰ আত্মবিশ্বাস বঢ়াই তুলিছে৷ এক সুঁতাৰে বান্ধ খাইছে দেশবাসী৷ আপোনালোকে যি কৰিছে সেয়া অকল্পনীয়, অদ্ভুত, অভাৱনীয়৷’
কেৱল সন্ত্ৰাসবাদেই নহয়, পাকিস্তানৰ বিৰুদ্ধেও কেইবাটাও মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁৰ দাবী, ‘আমাৰ লক্ষ্য আছিল কেৱল সন্ত্ৰাসবাদৰ হেডকোৱাৰ্টাৰ ধ্বংস কৰা৷ কিন্তু পাকিস্তানে যাত্ৰীবাহী বিমানকো টাৰ্গেট কৰিছিল যদিও আমাৰ সেনাই তেনে কৰা নাই৷ পাকিস্তানৰ যাত্ৰীবাহী বিমানৰ কোনো ক্ষতি কৰা নাই ভাৰতীয় সেনাই৷ কেৱল শত্ৰুৰ ঘাঁটিতহে নিখুঁত আঘাত হানিছে৷ আমি নতুন ভাৰতত শান্তি বিচাৰো৷ কিন্তু কোনোৱে যদি আমাৰ মানৱিকতাত আঘাত কৰে তেন্তে ভাৰতেও যুদ্ধত নামিবলৈ ভয় নকৰে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















