চাকৰিয়েই হওক বা ব্যৱসায়, ভৱিষ্যতৰ বাবে ধন সংৰক্ষণ কৰাটো খুবেই জৰুৰী৷ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিলেও মুদ্ৰাস্ফীতিৰ কথাটোও মূৰত ৰখা জৰুৰী৷ অৱসৰী জীৱন যাতে নিৰ্বিঘ্নে পাৰ হয় তাৰবাবেই এই বিনিয়োগৰ প্ৰয়োজন৷ বিনিয়োগ কৰাৰ বাবে বহুতেই নিৰাপদ মাধ্যম হিচাপে এতিয়া বাচি লয় SIPক৷ SIPত ভাল ৰিটাৰ্ণো পোৱা যায়৷
বিনিয়োগ এক্সপাৰ্ট বা বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদি মোটা টকা ৰিটাৰ্ণ হিচাপে পোৱা যায়৷ বৰ্তমান বজাৰত বহুধৰণৰ বিনিয়োগ বিকল্প আছে৷ চৰকাৰী স্কিম, বণ্ড, ফিক্সড ডিপজিটত গেৰেণ্টিযুক্ত ৰিটাৰ্ণ থাকে৷ কিন্তু এইসমূহত ৰিটাৰ্ণ SIPতকৈ কম৷ সেয়ে আজিকালি বিনিয়োগৰ অন্যতম জনপ্ৰিয় মাধ্যমেই হৈছে SIP বা চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন৷ প্ৰকৃততে ইয়াৰ মাধ্যমেৰে নিয়মিতভাৱে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা সম্ভৱ৷ এইক্ষেত্ৰত অৱশ্যে কিছু ভয়ো থাকে বিনিয়োগকাৰীৰ৷ কাৰণ এয়া শ্বেয়াৰ বজাৰৰ সৈতে যুক্ত৷ ৰিটাৰ্ণৰ নিশ্চিত সীমা অৱশ্যে ইয়াত নাথাকে৷ কিন্তু SIPত বিনিয়োগ কৰি বৰ্তমানলৈকে কাৰো লোকচান হোৱা নাই৷
ধৰা হ’ল বৰ্তমান এজন ব্যক্তিৰ বয়স ৩০ বছৰ৷ তেওঁ ৫০ বছৰ বয়সত ২ কোটি টকাৰ ফাণ্ড গঢ়ি তুলিব খুজিছে৷ সেইক্ষেত্ৰত বিনিয়োগৰ এই লক্ষ্যমাত্ৰা অৰ্জন কৰাৰ বাবে তেওঁ SIPৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত নিয়মিত কিমান টকা বিনিয়োগ কৰিব লাগিব? মিউচুৱেল ফাণ্ডত ৰিটাৰ্ণৰ কোনো সীমা নাই৷ তথাপিও ৰিটাৰ্ণ ১২ শতাংশ হিচাপে ধৰি এই হিচাপ কৰা হৈছে৷
SIP কেলকুলেটৰ অনুসৰি ৩০ বছৰ বয়সীয়া কোনোৱে যদি ১২ শতাংশ ৰিটাৰ্ণৰ হিচাপত পৰবৰ্তী ২০ বছৰৰ বাবে SIP কৰে তেন্তে প্ৰতিমাহে অন্তত ২০১০০ টকা বিনিয়োগ কৰিব পাৰে৷ ২০ বছৰৰ পাছত অৰ্থাৎ নিজৰ বয়স ৫০ বছৰ হোৱাৰ সময়ত তেওঁৰ মুঠ ফাণ্ড হ’ব ২ কোটি ৮২ হাজাৰ ৮৭৩ টকা৷ কিন্তু কেনেকৈ? হিচাপ অনুসৰি আগন্তুক ২০ বছৰত সেই ব্যক্তিৰ মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ৪৮ লাখ ২৪ হাজাৰ টকা৷ আৰু এই পৰিমাণৰ অৰ্থৰ পৰা ৰিটাৰ্ণ হিচাপে পাব ১ কোটি ৫২ লাখ ৫৮ হাজাৰ ৮৭৩ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ