৪৭ বছৰ বয়সত বিয়াত বহিব দক্ষিণৰ ছুপাৰষ্টাৰ বিশাল, কইনা ১২ বছৰে সৰু
তামিল অভিনেতা বিশাল কৃষ্ণ ৰেড্ডীয়ে বিবাহৰ কথা ঘোষণা কৰিছে। ৪৭ বছৰীয়া অভিনেতাগৰাকীয়ে বিবাহৰ বাবে সন্মতি প্ৰকাশ কৰিছে। বিয়াৰ দিনো ঘোষণা কৰিছে বিশালে।
অভিনেতা বিশালৰ হব লগা পত্নী বিশালৰ তুলনাত ১২ বছৰ সৰু হোৱাৰ বাবে এই সন্দৰ্ভত বহু চৰ্চা চলিছে। অভিনেতাজনে ৩৫ বছৰীয়া অভিনেত্ৰী ছাই ধনশিকাৰ সৈতে বিবাহ বহিবলৈ ওলাইছে।
শেহতীয়াকৈ চেন্নাইত অনুষ্ঠিত ‘যোগী দা’ চিনেমাখনৰ সংবাদমেলৰ সময়ত দুয়োজনে আনুষ্ঠানিকভাৱে সম্পৰ্ক ঘোষণা কৰাৰ লগতে এই ভাল খবৰটো সকলোৰে সৈতে শ্বেয়াৰ কৰে।
ধনশিকাই কয় যে তেওঁলোকে যোৱা ১৫ বছৰ ধৰি চিনাকি, যদিও শেহতীয়াকৈ ডেটিং আৰম্ভ কৰিছে। লগতে বিয়াৰ তাৰিখ সন্দৰ্ভত কয় যে, অহা ২৯ আগষ্টত আমাৰ বিয়া।
এই বিবাহ সন্দৰ্ভত বিশালে নিজকে ধন্য বুলি কৈ কয়, ‘ভগৱানে সদায় সকলোতকৈ শ্ৰেষ্ঠ খিনি শেষত দিয়ে – আৰু মোৰ বাবে সেইটোৱেই হৈছে ধনশিকা।’
উল্লেখ্য যে ২৯ আগষ্টত বিয়াৰ কথা শ্বেয়াৰ কৰাৰ লগতে অভিনেতা বিশালে এই কথাও শ্বেয়াৰ কৰে যে, এই দিনটো আৰু এটা কাৰণত বিশেষ এই দিনটো ধনশিকাৰ জন্মদিন। যাৰ অৰ্থ নিজৰ জন্মদিনটোৱেই বিয়াৰো দিন হ’ব অভিনেত্ৰী ধনশিকাৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















