পহেলগামৰ আক্ৰমণৰ পাছতেই অমৰনাথ যাত্ৰাক লৈ ব্যক্তিৰ মাজত কিছু সংশয়ে দেখা দিছে। ৩ জুলাইৰ পৰা আৰম্ভ হবলগীয়া অমৰনাথ যাত্ৰালৈ যাব নে? নিৰাপত্তাবেষ্টনী কেনেকুৱা ইত্যাদি নানান প্ৰশ্ন বিভিন্নজনৰ মনত।
শ্ৰী অমৰনাথ শ্ৰাইন বৰ্ডে জনাইছে যে ৩ জুলাইৰ পৰা আৰম্ভ হব যাত্ৰা আৰু এই যাত্ৰা শেষ হব ৯ আগষ্টত। বৰ্ডে জনোৱা অনুসৰি ৩৮৮০ মিটাৰ ওখ অমৰনাথ গুহাৰ উদ্দেশ্যে যাত্ৰা কৰিবলৈ এইবাৰো দুটা পথেই থাকিব। এটা দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ পহেলগাম হৈ ৪৮ কিঃমিঃল দীৰ্ঘ পথ। আনটো মধ্য কাশ্মীৰৰ গান্দেৰবাল জিলা হৈ। এই পথ আনটো পথতকৈ ১৪ কিঃমিঃ চুটি যদিও কিছু কণ্টকময় এই পথ।
কেন্দ্ৰই ইতিমধ্যেই জনাইছে যে অমৰনাথ যাত্ৰাৰ বাবে ৫৮০ কোম্পানী অৰ্ধসামৰিক বাহিনীৰ জোৱানক নিৰাপত্তাৰ বাবে নিযুক্ত কৰা হব। তাৰ মাজত ৪২৪ টা কোম্পানী কেন্দ্ৰীয়শাসিত অঞ্চললৈ পঠোৱা হৈছে। অপাৰেছন সেন্দূৰৰ সময়ত কেন্দ্ৰীয়শাসিত অঞ্চললৈ স্থানান্তৰিত কোম্পানীসমূহক স্থানান্তৰিত কৰা হব। স্বৰাষ্ট্ৰ মন্ত্ৰণালয়ে চি এপি এফ বাহিনীক অবিলম্বে কেন্দ্ৰীয়শাসিত অঞ্চললৈ যাবৰ বাবে নিৰ্দেশ দিছে। চিআৰ পিএফ, বিএছ এফ, চিআইএছএফ, আই টি বি পি আৰু এছ এছ বি এই পাঁচটা চি এপি এফৰ কোম্পানী তৈয়াৰ কৰা হৈছে। এই কোম্পানীসমূহৰ প্ৰতিটোতে প্ৰায় ৭০-৭৫ জন জোৱান আছে। জুনৰ দ্বিতীয় সপ্তাহৰ মাজত এই বাহিনীক জম্মু-কাশ্মীৰলৈ লৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে চি আৰ পি এফৰ ডিজি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে চলিত সপ্তাহৰ আৰম্ভণিতেই কাশ্মীৰৰ অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল। বৈঠকত বি এছ এফৰ ডিজি দলজিৎ সিং চৌধুৰীও আছিল। অমৰনাথ যাত্ৰাৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে জম্মু কাশ্মীৰলৈ যায়। সমগ্ৰ পৰিস্থিতি পৰ্যালোচনাও কৰে। তীৰ্থযাত্ৰীসকলে যাতে কোনো সমস্যাত নপৰে তাৰ বাবে সম্পূৰ্ণ নিৰাপত্তা নিশ্চিত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।
অমৰনাথ যাত্ৰাত পূৰ্বেও একাধিকবাৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছে। আৰু এইবাৰ পহেলগাম আক্ৰমণৰ পাছত সেই সম্ভাৱনা আৰু বাঢ়ি যোৱাৰ কেন্দ্ৰই অধিক সতৰ্কতাৰে এই যাত্ৰা আৰম্ভ কৰাৰ নিৰ্দেশ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















