প্ৰতিটো গ্ৰহি নিৰ্দিষ্ট সময়ৰ অন্তৰালত অৱস্থান সলনি কৰে৷ তাৰমাজতেই বিভিন্ন গ্ৰহই কেতিয়াবা বক্ৰীদশাত আৰু কেতিয়াবা মাৰ্গী চলনেৰে গতি কৰে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ অৱস্থান পৰিবৰ্তনৰ প্ৰভাৱ পৰে ১২ ৰাশিৰ জীৱনত৷ বৰ্তমান বুধে কৰ্কট ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ১৮ জুলাইত কৰ্কট ৰাশিত উলোটা পথেৰে আহিবলৈ আৰম্ভ কৰিব বুধে৷ চলিত বছৰৰ ১১ আগষ্ট পৰ্যন্ত কৰ্কট ৰাশিত প্ৰতিগামী হৈ থাকিব বুধে৷ বুধৰ বক্ৰী দশাত তিনি ৰাশিৰ ভাগ্যলৈ বিৰাট সাল সলনি আহিব পাৰে৷ এই তিনি ৰাশি কি কি?
বৃশ্চিক ৰাশি
বুধৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ সুদিন ঘূৰিব৷ জীৱনৰ সকলো ক্ষেত্ৰত উন্নতিৰ সুযোগ আহিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ সমাজত সন্মান, প্ৰতিপত্তি বাঢ়িব৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগিতা পাব৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে৷
ধনু ৰাশি
বুধৰ বক্ৰী দশাত ধনু ৰাশিৰ জাতক জাতিকাই নিজৰ ব্যৱহাৰ আৰু ব্যক্তিত্বত ইতিবাচক পৰিবৰ্তন আনিব৷ যুক্তিসহকাৰে নিজৰ মতামত অন্যৰ সন্মুখত তুলি ধৰিব পাৰিব৷ কেৰিয়াৰত বৃহৎ সাফল্য লাভৰ যোগ আছে৷ পৰিয়ালত শান্তি বৰ্তি থাকিব৷ প্ৰিয়জনৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷
কুম্ভ ৰাশি
বুধৰ ওলোটা গতিৰ ফলত কুম্ভ ৰাশিৰ কঁপাল ফুলিব৷ বহু দিনৰ অসম্পূৰ্ণ কাম শেষ কৰিব পাৰিব৷ আৰ্থিক উন্নতিৰ পথ প্ৰশস্ত হব৷ চাকৰিত উন্নতিৰ সুযোগ আহিব পাৰে৷ নতুন চাকৰি লাভৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব৷ ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰিব পাৰে৷ সন্তানৰ শুভ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















