প্ৰকৃতিৰ ধ্বংসলীলা, ৪০০ কোটিৰ ক্ষতি, ২১ নিহত, ৩৪ সন্ধানহীন, ২৪৫ টা পথ বন্ধ
প্ৰকৃতিয়ে তাণ্ডৱ লীলা চলাই আছে হিমাচল প্ৰদেশত। বাৰিষা নমাৰ লগে লগে পাহাৰীয়া ৰাজ্যখনত বৰষুণ আৰু ডাাৱৰ বিস্ফোৰণে ধ্বংসলীলা কঢ়িয়াই আনিছে। বাৰিষাৰ সমান্তৰালকৈ প্রকৃতিয়ে ৰাজ্যখনত বিধ্বংসী ৰূপ ধাৰণ কৰিছে৷
ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনে ৰাজ্যত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ২০ জুনৰ পৰা অহা ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত প্ৰায় ৪০৭.০২ কোটি টকাৰ প্ৰশাসনিক লোকচান হৈছে ৰাজ্যখনত।
বৰ্তমানলৈকে হিমাচলৰ এই প্ৰাকৃতিক দুৰ্যোগত ২১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন লোক আহত হৈছে। একে সময়তে এতিয়াও বিভিন্ন ঠাইত ডাৱৰ বিস্ফোৰণৰ ফলত ৩৪ জন লোক নিৰুদ্দেশ হৈ আছে।
ভূমিস্খলনৰ ফলত ৰাজ্যৰ প্ৰায় ২৪৫টা পথ বন্ধ হৈ আছে। ৯১৮টা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ আৰু ৬৮৩টা পানী যোগান আঁচনিৰো ক্ষতিসাধন হৈছে।
ৰাজ্যৰ বহু অঞ্চলত এনডিআৰএফ-এছডিআৰএফ আৰু প্ৰশাসনৰ দলে সাহায্য আৰু উদ্ধাৰৰ কাম কৰি আছে। একে সময়তে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত শিমলা, কুল্লু, চাম্বা, মাণ্ডী আৰু কাংগৰা জিলাত ক্ষন্তেকীয়া বানপানীৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এক সতৰ্কবাণী জাৰি কৰা হৈছে।
অহা ৮ জুলাইলৈকে ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















