ভাইৰেল পোষ্ট, ব্ৰিটেইনৰ মুঠ জন্মগত বিসংগতিৰ ৩৩ শতাংশই পাকিস্তানী, কাৰণ…
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা এনে ভিডিঅ’, যি ভিডিঅ’ দেখি এতিয়া বহুতেই মাত মাতিছে ইয়াৰ সপক্ষে। টমী ৰবিনছন নামৰ এগৰাকী উগ্ৰ সোঁপন্থী কৰ্মীৰ ভাইৰেল পোষ্ট এটাত উল্লেখ কৰিছে যে, ব্ৰিটেইনত জন্মগত বিসংগতি লৈ জন্ম হোৱাৰ ভিতৰত ৩৩ শতাংশই পাকিস্তানী মূলৰ। ইয়াৰ মূলতে কাজিন বিবাহ(সম্পৰ্কীয় লোকৰ মাজত বিবাহ)।
যাৰ বাবে এতিয়া পোষ্টটোৰ জৰিয়তে ৰবিনছনে বিতৰ্কিত পৰিসংখ্যাৰ উদ্ধৃতি দি ব্ৰিটেইনত কাজিন বিবাহৰ ওপৰত দেশজুৰি নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান জানইছে। যি পোষ্টে অনলাইনত সমৰ্থন পোৱাৰ লগতে তীব্ৰ সমালোচনাৰো সন্মুখিন হৈছে।
ভাইৰেল ভিডিঅ’টোত টমী ৰবিনছনে দাবী কৰিছে যে, ব্ৰেডফোৰ্ডৰ ৭৬% পাকিস্তানীয়ে তেওঁলোকৰ প্ৰথম সম্পৰ্কীয় ভগ্নীক বিবাহ কৰায়। যিয়ে বৰ্তমানে ব্ৰিটেইনৰ মুঠ জনসংখ্যাৰ ৩ শতাংশ অধীগ্ৰহণ কৰি আছ, লগতে জন্মগত বিসংগতিৰ ৩৩ শতাংশ।
লগতে ইয়াকো কয় যে, এই পৰিসংখ্যাই ব্ৰিটেইনৰ স্বাস্থ্য সেৱাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। সাংস্কৃতিক ক্ষেত্ৰতো ই ক্ষতিকাৰক। সেয়ে ৰবিনছনে কয়- কাজিন বিবাহ কেতিয়াও শুদ্ধ নহয়। ইয়াক অনতিপলমে ব্ৰিটেইন চৰকাৰে নিষিদ্ধ কৰা উচিত।
এই পোষ্ট ভাইৰেল হোৱাৰ পাছতে বহু লোকেই সমৰ্থন কৰি কৈছে- এই বিবাহে জিনীয় প্ৰভাৱ পেলায়। তাৰ বিপৰীতে ইয়াৰ বিৰুধিতা কৰি একাংশই কৈছে এয়া কেৱল বৰ্ণ বৈষম্য অনাৰ বাবে কৌশল।
কিন্তু টমী ৰবিনছনৰ দাবী , সম্পৰ্কীয় লোকৰ মাজতে বিবাহে ভৱিষ্যত বেয়াৰ ফালে লৈ যায়। তেঁওলোকৰ সন্মান বিকাৰগ্ৰস্থ ভাৱে জন্ম পায়। কাৰণ ই একে জিন কঢ়িয়াই আনে। এই বিবাহৰ ফল কেৱল জিনীয় বিকাৰ। যাৰ বাবেই এতিয়া ব্ৰিটেইনৰ মুঠ বিকাৰগ্ৰস্ত জন্মপোৱা শিশুৰ ৩৩ শতাংশই পাকিস্তানী মূলৰ লোকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















