• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১০০ বছৰীয়া পুৰণি শিৱ মন্দিৰক লৈয়েই থাইলেণ্ড-কম্বোডিয়াৰ যুদ্ধ? এই শিৱমন্দিৰ প্ৰকৃততে কোন দেশত অৱস্থিত?

১১০০ বছৰীয়া পুৰণি শিৱ মন্দিৰক লৈয়েই থাইলেণ্ড-কম্বোডিয়াৰ যুদ্ধ? এই শিৱমন্দিৰ প্ৰকৃততে কোন দেশত অৱস্থিত?

10 months ago
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

32 minutes ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

1 hour ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

2 hours ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

3 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

4 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

4 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

5 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

8 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

9 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

9 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

10 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১১০০ বছৰীয়া পুৰণি শিৱ মন্দিৰক লৈয়েই থাইলেণ্ড-কম্বোডিয়াৰ যুদ্ধ? এই শিৱমন্দিৰ প্ৰকৃততে কোন দেশত অৱস্থিত?

১১০০ বছৰীয়া পুৰণি শিৱ মন্দিৰক লৈয়েই থাইলেণ্ড-কম্বোডিয়াৰ যুদ্ধ? এই শিৱমন্দিৰ প্ৰকৃততে কোন দেশত অৱস্থিত?

editor by editor
July 25, 2025
in জীৱনশৈলী, ভাৰত
0
১১০০ বছৰীয়া পুৰণি শিৱ মন্দিৰক লৈয়েই থাইলেণ্ড-কম্বোডিয়াৰ যুদ্ধ? এই শিৱমন্দিৰ প্ৰকৃততে কোন দেশত অৱস্থিত?
0
SHARES
331
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত প্ৰায় ৮০০ কিঃমিঃ দীৰ্ঘ সীমান্তত উত্তেজনাময় পৰিবেশ৷ দুই দেশৰ মাজত হিংসা বিয়পি পৰিছে৷ কমপক্ষেও ১৫ জন লোক নিহত হৈছে আৰু নিহতসকলৰ বেছিভাগেই সাধাৰণ নাগৰিক৷ নতুনকৈ সংঘাতৰ ফলত থাইলেণ্ড সীমান্তৰ ওপৰিও চাৰিখন প্ৰদেশৰ পৰা এক লাখতকৈ বেছি মানুহক আঁতৰাই নিয়া হৈছে বুলি প্ৰকাশ কৰিছে আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমে৷ উভয় পক্ষই এটাই আনটোক দোষাৰোপো কৰিছে৷ অৱশ্যে এই অঞ্চলত উত্তেজনা প্ৰথম নহয়৷ বিৰোধৰ কাৰণসমূহৰ মাজত আছে একাদশ শতাব্দীৰ প্ৰেহ বিহাৰ মন্দিৰ৷

প্ৰেহ বিহাৰ মন্দিৰ থাইলেণ্ড কম্বোডিয়া সীমান্তৰ ডাংৰেক পৰ্বতমালাৰ ওপৰত অৱস্থিত এটা হিন্দু মন্দিৰ যি ভগৱান শিৱৰ উদ্দেশ্যে নিবেদিত৷ মন্দিৰটো কম্বোডিয়াৰ প্ৰেহ বিহাৰ প্ৰদেশ আৰু থাইলেণ্ডৰ ছিচাকেট প্ৰদেশৰ মাজত অৱস্থিত৷ মন্দিৰক উভয় দেশেই নিজৰ বুলি দাবী কৰে৷ বিষয়টো ১৯০৭ চনৰ কম্বোডিয়াৰ ফৰাচি ঔপনিবেশিক শাসনামলত অঁকা এটা মানচিত্ৰৰ সৈতে জড়িত৷ কম্বোডিয়া মন্দিৰ আৰু ইয়াৰ আশেপাশে থকা এলেকা তেওঁলোকৰ নিজৰ বুলি জাহিৰ কৰাৰ বাবে এই মানচিত্ৰ ব্যৱহাৰ কৰি আহিছে৷ কিন্তু থাইলেণ্ডৰ দাবীস মানচিত্ৰটো অস্পষ্ট আৰু কেতিয়াবা আনুষ্ঠানিকভাৱে গৃহীত হোৱা নাই৷

১৯৬২ চনত কম্বোডিয়া বিষয়টোক আন্তৰ্জাতিক বিচাৰ আদালতত লৈ যায়৷ আদালত কম্বোডিয়াৰ পক্ষে ৰায় দিছে৷ আদালতে ঘোষণা কৰিছে যে মন্দিৰটো কম্বোডিয়াৰ ভূখণ্ডৰ মাজত অৱস্থিত৷ কিন্তু থাইলেণ্ডে যুক্তি দিয়ে যে মন্দিৰৰ চাৰিওপাশৰ প্ৰায় ৪.৬ বৰ্গকিলোমিটাৰ এলেকা অমীমাংসিত ৰৈ গৈছে৷

২০০৮ চনত কম্বোডিয়াই সফলভাৱে মন্দিৰভাগক ইউনেস্কোৰ ৱাৰ্ল্ড হেৰিটেজ চাইট হিচাপে তালিকাভুক্ত কৰে৷ এই পদক্ষেপে থাইলেণ্ডক ক্ষুদ্ধ কৰিছে আৰু উত্তেজনা আকৌ বৃদ্ধি পাইছে৷ ২০১১ চনত দুই দেশৰ মাজত এই মন্দিৰক লৈ মাৰাত্মক সংঘৰ্ষ হৈছিল৷ এই সংঘৰ্ষত ১৫জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল৷ গৃহহীন হৈছিল হাজাৰ হাজাৰ লোক৷

২০১৩ চনত কেৱল মন্দিৰৰ ওপৰতেই নহয়, আশেপাশে থকা মাটিৰ ওপৰতো কম্বোডিয়াৰ সাৰ্বভৌমত্ব পুনৰ্ব্যক্ত কৰা হয়৷ আদালতে হিংসা ৰোধ কৰাৰ বাবে স্থানটোৰ চাৰিওফালে এক সামৰিক নিৰস্ত্ৰীকৰণ অঞ্চল তৈয়াৰৰ প্ৰস্তাৱো দিছিল৷ তেতিয়াই এচোচিয়েটেড প্ৰেছৰ মতে সেই সিদ্ধান্ত কেতিয়াও বাস্তবায়িত নহল৷ থাইলেণ্ডে পাছত আদালতৰ এক্ৰিয়াৰ প্ৰত্যাখ্যান কৰে৷ ফলত এই সমস্যা এতিয়াও অমীমাংসিতেই আছে৷

প্ৰেহ বিহাৰ মন্দিৰৰ উৎপত্তিস্থল নৱম শতাব্দীতে৷ যদিও বৰ্তমান যি মূল কাঠামোটো আছে সেয়া মূলত একাদশ শতাব্দীত খেমাৰ সাম্ৰাজ্যৰ সময়ত নিৰ্মিত হৈছিল৷ ইতিহাস অনুসৰি ৰাজা সূৰ্যবৰ্মণে প্ৰথম ইয়াৰ নিৰ্মাণ আৰম্ভ কৰিছিল আৰু সূৰ্যবৰ্মণ দ্বিতীয়ই এই মন্দিৰৰ সম্প্ৰসাৰণৰ কাম কৰিছিল৷

ভগৱান শিৱৰ উদ্দেশ্যে উৎসৰ্গীকৃত এই মন্দিৰ ধ্ৰুপদী খেমাৰ স্থাপত্যৰ এক অসাধাৰণ উদাহৰণ৷ দ্যা ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে প্ৰধান মন্দিৰ মুয়েন থম, বেলেপাথৰ দি নিৰ্মিত আৰু ইয়াত এটা শিৱলিংগ আৰু লাইব্ৰেৰী আছে৷ বৃহত্তৰ কমপ্লেক্সত ভ্ৰমণকাৰীসকলক আশ্ৰয় দিয়াৰ বাবে নিৰ্মিত মহাযান বৌদ্ধ স্থান প্ৰাসাদ আৰু স্থানীয় সম্প্ৰদায়ৰ সেৱা প্ৰদানকাৰী এক হাস্পতালো আছে৷ ২০১৮ চনত ভাৰত কম্বোডিয়াৰ মৌ স্বাক্ষৰত ভগৱান শিৱ মন্দিৰৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ সহায়তাৰ কথা আলোচনা হৈছে৷

এই মন্দিৰ কম্বোডিয়া আৰু থাইলেণ্ড উভয়ৰ বাবেই গুৰুত্বপূৰ্ণ৷ কম্বোডিয়াৰ হাতত আছে এই মন্দিৰৰ সমৃদ্ধ ইতিহাস আৰু খেমাৰ সংস্কৃতিৰ প্ৰতীক৷ ইয়াক দেশৰ অন্যতম আধ্যাত্মিকভাৱে গুৰুত্বপূৰ্ণ স্থান হিচাপেও ধৰা হয়৷ থাইলেণ্ডৰ বাবে আকৌ এই মন্দিৰৰ মাটি থাইলেণ্ডৰ৷ তেওঁলোকৰ ধাৰণা যে এই মন্দিৰ এৰি দলেই থাই ভূখণ্ড আৰু গৰ্বৰ ক্ষতি হব৷

কম্বোডিয়া আৰু থাইলেণ্ডৰ এই মন্দিৰক লৈ তৰ্ক বিতৰ্ক চলি থকাৰ কাৰণেই হৈছে অস্পষ্ট সীমনা৷ যদিও উভয় দেশে বহুকেইখন চুক্তি স্বাক্ষৰ কৰিছে তথাপিও তেওঁলোকে এতিয়াও সীমান্ত কত বিশেষকৈ মন্দিৰৰ মাটিক লৈ দুই দেশেই বাদ বিবাদ কৰি আছে৷ বহুবাৰ আলোচনা আৰু বৈঠক হৈছে কিন্তু কোনোপক্ষই এই মন্দিৰ এৰিবলৈ ৰাজী নহয়৷ যাৰবাবে এই সংঘাত আজিও চলি আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!
ভাৰত

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

May 8, 2026
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!
জীৱনশৈলী

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

May 8, 2026
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

May 8, 2026
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!
ভাৰত

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

May 8, 2026
Next Post
SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

উৰা বাতৰি বিয়পি মন্দিৰৰ ভক্তৰ মাজত হাহাকাৰ, ৭ জনে হেৰুৱালে প্ৰাণ, ২৮ আহত

উৰা বাতৰি বিয়পি মন্দিৰৰ ভক্তৰ মাজত হাহাকাৰ, ৭ জনে হেৰুৱালে প্ৰাণ, ২৮ আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.