বৰ্তমান কেতুৱে অৱস্থান কৰিছে সিংহ ৰাশিত৷ ১৭ আগষ্টত সূৰ্যই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত গোচৰ কৰিব৷ ১৮ বছৰ পাছত সিংহ ৰাশিত একেলগে থাকিব সূৰ্য আৰু কেতু৷ সূৰ্য আৰু কেতুৱে কাষলৈ আহিলে গ্ৰহণ যোগ গঠিত হয়৷ কিন্তু এই যোগ মুঠেও শুভ নহয়৷ সিংহ হৈছে সূৰ্যৰ নিজৰ ৰাশি৷ সিংহলৈ আহি জোৰ বাঢ়িব সূৰ্যৰ৷ ফলত কেতুৰ অশুভ প্ৰভাৱ খৰ্ব হ’ব৷ এই পৰিস্থিতিত সূৰ্য আৰু কেতুৰ যুঁটিত লাভৱান হব পাঁচ ৰাশিৰ জাতক৷ নানান দিশৰ পৰা অৰ্থলাভ কৰাৰ সুযোগ আহিব এওঁলোকৰ৷ জানি থওক এই তালিকাত কোন কোন ৰাশি আছে?
মেষ ৰাশি
মেষ ৰাশিৰ পঞ্চম ঘৰত যুঁটি গঠন কৰিব সিংহই৷ এই পৰিস্থিতিত প্ৰেম জীৱন খুবেই ভাল হব মেষ ৰাশিৰ জাতকৰ৷ যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বিবাহৰ যোগ আছে৷ প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ সমৰ্থন পাব৷ উচ্চশিক্ষাতো সাফল্য লাভৰ সম্ভাৱনা আছে৷ কেৰিয়াৰত উন্নতি কৰিব৷
সিংহ ৰাশি
সিংহ ৰাশিতেই কাষলৈ আহিব সূৰ্য আৰু কেতু৷ সেই কাৰণেই এই যুঁটি বেছ লাভজনক হব সিংহ ৰাশিৰ বাবে৷ সিংহ ৰাশিত সূৰ্য অত্যন্ত শক্তিশালী স্থানত থাকিব৷ ইয়াৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত কামৰ বাবে স্বীকৃতি পাব৷ কেতুৰ প্ৰভাৱত আধ্যাত্মিক চেতনা জাগ্ৰত হব৷ আৰ্থিকভাৱে লাভ কৰিব৷ আত্মীয়ৰ সৈতে বিবাদ দূৰ হব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ অৰ্থনৈতিক পৰিস্থিতি লাভজনক হব৷ বিশেষকৈ যিসকলে ব্যৱসায় কৰিছে তেওঁলোকৰ দীৰ্ঘদিনৰ কোনো সমস্যা দূৰ হব৷ কামৰ পথৰ সকলো বাধা দূৰ হব৷ সাফল্যৰ পথত আগুৱাই যাব৷ নতুন উপাৰ্জনৰ ৰাস্তা আপোনাৰ সন্মুখত খুলি যাব৷ প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন পাব পাৰে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ দশম ঘৰত যুঁটি গঠন কৰিব সূৰ্য আৰু কেতুৱে৷ ইয়াৰ ফলত কেৰিয়াৰত বৃহৎ সাফল্যই অপেক্ষা কৰিছে আপোনাৰ বাবে৷ অফিচত নিজৰ পৰিশ্ৰমৰ সুফল পাব৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ জুনিয়ৰসকলৰ সন্মুখত আপোনাৰ কামক উদাহৰণ হিচাপে তুলি ধৰা হব৷ সমাজত প্ৰতিপত্তি বাঢ়িব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷
মকৰ ৰাশি
সূৰ্য আৰু কেতুৰ যুঁটিৰ প্ৰভাৱত কেৰিয়াৰ, শিক্ষা আৰু ব্যৱসায়ত বৃহৎ উন্নতি কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি অফিচত ডাঙৰ কামৰ দায়িত্ব পাব পাৰে৷ আপোনাৰ প্ৰমোছন হব পাৰে৷ এই সময়ত উপাৰ্জন বহু পৰিমাণে বৃদ্ধি পাব৷ আইনী সমস্যা থাকিলে দূৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















