• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ পৰা নেপাল যাবলৈ নালাগে কোনো ভিছা, পাছপৰ্ট কিয় নালাগে? নেপালে কিয় অন্য দেশৰ সৈতে যুদ্ধ কৰিবলৈকো ভাৰতৰ অনুমতি ল’ব লাগে?

ভাৰতৰ পৰা নেপাল যাবলৈ নালাগে কোনো ভিছা, পাছপৰ্ট কিয় নালাগে? নেপালে কিয় অন্য দেশৰ সৈতে যুদ্ধ কৰিবলৈকো ভাৰতৰ অনুমতি ল’ব লাগে?

11 months ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

18 minutes ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

59 minutes ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

2 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

2 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

3 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

4 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

5 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

6 hours ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

6 hours ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

7 hours ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

8 hours ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ পৰা নেপাল যাবলৈ নালাগে কোনো ভিছা, পাছপৰ্ট কিয় নালাগে? নেপালে কিয় অন্য দেশৰ সৈতে যুদ্ধ কৰিবলৈকো ভাৰতৰ অনুমতি ল’ব লাগে?

ভাৰতৰ পৰা নেপাল যাবলৈ নালাগে কোনো ভিছা, পাছপৰ্ট কিয় নালাগে? নেপালে কিয় অন্য দেশৰ সৈতে যুদ্ধ কৰিবলৈকো ভাৰতৰ অনুমতি ল’ব লাগে?

editor by editor
September 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ভাৰতৰ পৰা নেপাল যাবলৈ নালাগে কোনো ভিছা, পাছপৰ্ট কিয় নালাগে? নেপালে কিয় অন্য দেশৰ সৈতে যুদ্ধ কৰিবলৈকো ভাৰতৰ অনুমতি ল’ব লাগে?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক বহু পুৰণি৷ দৃঢ়ও এই সম্পৰ্ক৷ দুই দেশৰ মাজত সীমান্তও উন্মুক্ত৷ ভাৰত আৰু নেপালৰ মাজত যাতায়াতৰ বাবে কোনো ভিছা বা পাছপৰ্টৰো প্ৰয়োজন নাই৷ কিন্তু ১৯৫০ চনত হোৱা সেই শান্তি চুক্তিক লৈ বহুবাৰ প্ৰশ্ন উত্থাপন কৰি আহিছে নেপালে৷ সেই চুক্তিত প্ৰকৃততে কি হৈছিল?

নেপাল আৰু ভাৰতৰ মাজত আছে ১ হাজাৰ ৭৫১ কিঃমিঃ দীৰ্ঘ সীমান্ত৷ ভাৰতৰ উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, বিহাৰ, ছিকিম আৰু পশ্চিমবংগই নেপালৰ সৈতে সীমান্ত ভাগ কৰি আছে৷ দুই দেশৰ মাজত আছে বাণিজ্যিক সম্পৰ্কও৷ একেলগে দুই দেশৰ নাগৰিকক ভিছা কিংবা পাছপৰ্টৰো প্ৰয়োজন নাই৷ ১৯৫০ চনত হোৱা শান্তি চুক্তিৰ বাবেই দুই দেশৰ সীমা সম্পূৰ্ণ উন্মুক্ত৷ ৭৫ বছৰ পূৰ্বে এনে কি বুজাপৰা হৈছিল নেপাল আৰু ভাৰতৰ মাজত?

ভাৰত আৰু নেপালে ১৯৫০ চনৰ ৩১ জুলাইত মৈত্ৰী আৰু শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল৷ দুই দেশৰ মাজত শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজায় ৰখাৰ মূলত এই চুক্তি৷ ভাৰত আৰু নেপালৰ মাজত দীৰ্ঘ কেইবা দশক ধৰি ধাৰ্মিক, সাংস্কৃতিক আৰু পাৰিবাৰিক সম্পৰ্ক আছে৷ নেপালে ভাৰতৰ ওপৰত বহু বাণিজ্য আৰু কৰ্মসংস্থানৰ বাবে নিৰ্ভৰশীল৷ হাজাৰ হাজাৰ নেপালী লোকে ভাৰতত কৰ্মৰত আৰু ভাৰতীয়ইয়ো নেপালত ব্যৱসায়ৰ কামত যাতায়াত কৰে৷ ভাৰতৰ বাবে নেপাল এখন বাফাৰ ষ্টেট৷ অৰ্থাৎ চীন আৰু ভাৰতৰ মাজত অৱস্থিত চুবুৰীয়া বন্ধু৷ ১৯৫০ চনৰ বুজাপৰা অনুসৰি নেপালে যেতিয়া অন্য কোনো দেশৰ যুদ্ধ কৰে তাৰ পূৰ্বে ভাৰতৰ পৰা অনুমতি ল’ব লাগে৷

ভাৰত আৰু নেপালৰ নাগৰিকৰ দুই দেশতেই সম্পত্তি, বাণিজ্য, বাসস্থানৰ অধিকাৰ আছে৷ অৰ্থাৎ এজন নেপালী লোকে ভাৰতত সম্পত্তি কিনিব পাৰে৷ এজন ভাৰতীয়ই নেপাললৈ গৈ স্থায়ীভাৱে বসবাস কৰিব পাৰে৷ দুই দেশে যি কোনো সময়ত এই সন্ধিত সাল সলনি আনিবলৈ আৰ্জি জনাব পাৰে৷

এই বুজাপৰা সলনি কৰাৰ দাবী উঠিছে একাধিকবাৰ৷ নেপালৰ বক্তব্য, ১৯৫০ চনত যেতিয়া এই চুক্তি হৈছিল তেতিয়া নেপালত ৰাজতন্ত্ৰ আছিল৷ ইয়াৰোপৰি নেপালৰ অভিযোগ, অধিকাংশ ক্ষেত্ৰতেই সন্ধিৰ দোহাই দি ভাৰতে নেপালক সৰু ৰাষ্ট্ৰ বুলি বহতীয়া হ’বলৈ বাধ্য কৰায়৷

সন্ধিৰ ২, ৬ আৰু ৭ নম্বৰ অনুচ্ছেদক লৈ বাৰে বাৰে আপত্তি দৰ্শাইছে নেপালে৷ অনুচ্ছেদ২ অনুসৰি দুই দেশৰ চৰকাৰ আৰু অন্য কোনো দেশৰ সৈতে হোৱা মতভেদৰ বিৱৰণ এখন দেশে অন্য দেশক জনাব লাগে৷ নিজৰ মাজতো যদি কেতিয়াবা মতপাৰ্থক্যই দেখা দিয়ে তেতিয়া আলোচনা পৰামৰ্শৰ মাধ্যমেৰে সেয়া দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে দুই দেশেই৷

চীন, পাকিস্তান কিংবা আমেৰিকাৰ সৈতে কোনো বাণিজ্যিক বা কূটনৈতিক সম্পৰ্ক তৈয়াৰ কৰিবলৈ হলে নেপালে ভাৰতৰ সৈতে আলোচনা কৰিব লাগে৷ তেওঁলোকে স্বাধীন বিদেশ নীতিত আঘাতপ্ৰাপ্ত হৈছে বুলি ধাৰণা কৰে নেপালে৷ ১৯৯৪ চনত অভিযোগ যে ১৯৫০ চনত ভাৰত নেপাল চুক্তি তুলনাত ভাৰতৰ বাবে বেছি অনুকূল৷ ৰাজনৈতিক লাভ হয় একতৰফা৷

১৯৮৮ চনত চীনৰ পৰা হাঁথিয়াৰ ক্ৰয় কৰিছিল নেপালে৷ ভাৰতে সেই ঘটনাক ১৯৫০ চনৰ চুক্তিৰ লংঘন হিচাপে উল্লেখ কৰিছিল৷ ইয়াত দুই দেশৰ বাণিজ্যত প্ৰভাৱ পৰিছিল৷ নেপালৰ দাবী চিনৰ পৰা হাঁথিয়াৰ ক্ৰয় কৰা চুক্তি লঙ্ঘন কৰা হয়৷ চীনৰ পৰা হাঁথিয়াৰ কিনাৰ বাবে ভাৰতক জৱাবদিহি কৰিবলৈ বাধ্য নহয় বুলি দাবী কৰিছে নেপাল চৰকাৰে৷ ইয়াৰ পাছতেই ভাৰতৰ নেপাল সীমান্তৰ পৰগমন পয়েণ্ট ১৭ মাহৰ বাবে বন্ধ কৰা হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!
বাণিজ্য

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

August 1, 2026
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?
ভাৰত

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

August 1, 2026
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?
বাণিজ্য

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

August 1, 2026
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?
বিনোদন

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

August 1, 2026
Next Post
১৫০০ পৰিয়ালৰ মূৰৰ ওপৰত এখন ছাদ, এমুঠি অন্নকে ধৰি সকলো দায়িত্ব ল’লে কিং খানে, নিঃশব্দেই মানৱসেৱা বাদশ্বাহ শ্বাহৰুখৰ

১৫০০ পৰিয়ালৰ মূৰৰ ওপৰত এখন ছাদ, এমুঠি অন্নকে ধৰি সকলো দায়িত্ব ল’লে কিং খানে, নিঃশব্দেই মানৱসেৱা বাদশ্বাহ শ্বাহৰুখৰ

শুক্ৰবাৰে শশী যোগ, দেৱী লক্ষ্মীৰ কৃপাদৃষ্টি পাব এই ৫ৰাশিৰ জাতকে

শুক্ৰবাৰে শশী যোগ, দেৱী লক্ষ্মীৰ কৃপাদৃষ্টি পাব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.