আপুনি যদি নিয়মিত বিনিয়োগ কৰে তেন্তে দীৰ্ঘম্যাদি মোটা ৰিটাৰ্ণ পোৱা যায়৷ এই কথা কয় বিনিয়োগ বিশেষজ্ঞই৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ অৱশ্যে সমস্যাও আছে৷ শ্বেয়াৰ বজাৰৰ অস্থিৰতাৰ কাৰণে বহুতেই শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিবলৈ অনিচ্ছুক৷ যিসকলে বিনিয়োগৰ ওপৰত নিৰাপদ ৰিটাৰ্ণ বিচাৰিছে তেওঁলোকৰ বাবে পোষ্ট অফিচৰ ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পসমূহ ভাল বিকল্প৷ চৰকাৰ সমৰ্থিত হোৱাত এই প্ৰকল্পসমূহে নিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰে৷ তেনে এটি প্ৰকল্প হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড৷ এই প্ৰকল্পটোৱে দীৰ্ঘম্যাদত এক বৃহৎ কৰ্পাছ তৈয়াৰ কৰাত সহায় কৰিব পাৰে৷
পি পি এছত কিমান সুদ দিয়ে সেই সম্পৰ্কে বহুতেই জানিবলৈ আগ্ৰহী৷ পিপিএফত বাৰ্ষিক ৭.১ শতাংশ সুদৰ হাৰ প্ৰদান কৰে৷ এয়া এটা চক্ৰবৃদ্ধি বাৰ্ষিক সুদৰ হাৰ৷ গুৰুত্বপূৰ্ণ বিষয় হৈছে পি পি এফত আৰ্জিত সুদ কৰমুক্ত৷ ইয়াত সৰ্বনিম্ন পৰিমাণ ৫০০ টকা জমা কৰিব পাৰে৷ এটা আৰ্থিক বছৰত পিপিএফত সৰ্বনিম্ন ৫০০ টকা জমা কৰিব পাৰে৷ এটা আৰ্থিক সৰ্বোচ্চ পৰিমাণো জমা কৰিব পাৰে৷ বিনিয়োগকাৰীয়ে এই পৰিমাণ এককালীন বা কিস্তিত জমা কৰিব পাৰে৷ পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত কৰা বিনিয়োগ কৰমুক্ত৷
কোনে বিনিয়োগ কৰিব পাৰে?
প্ৰাপ্তবয়স্ক ভাৰতীয়া নাগৰিকে এই প্ৰকল্পৰ অধীনত এটা একাউণ্ট খুলিব পাৰে৷ এজন অভিভাৱক বা মানসিক ভাৰসাম্যহীন ব্যক্তিৰ নামতো একাউণ্ট খুলিব পাৰে৷ এজন ব্যক্তিয়ে কেৱল এটাহে পিপিএফ একাউণ্ট খুলিব পাৰে৷ ম্যাদপূৰ্তিৰ সময়কাল এটা পাব্লিক প্ৰভিডেণ্ট ফাণ্ড একাউণ্ট ১৫ বছৰৰ ভিতৰত মেচিওৰ হয়৷ ইয়াৰ পাছত পোষ্ট অফিচত আবেদন কৰি ম্যাদপূৰ্তিৰ সময়কাল ৫ বছৰলৈ বঢ়াবও পাৰি৷ ২৫ বছৰত মাহিলী ১১০০০ টকাকৈ বিনিয়োগ কৰিলে বাৰ্ষিক বিনিয়োগ হ’ব ১,৩২, ০০০ টকা৷ ইয়াত মুঠ বিনিয়োগ হ’ব ৩৩,০০,০০০ টকা৷ ম্যাদপূৰ্তিৰ পৰিমাণ ৯০, ৭১,০৫৩ টকা আৰু মুঠ সুদৰ আয় ৫৭, ৭১, ০৫৩ টকা৷
পিপিএফত ৯০ লাখ টকাৰ তহবিল তৈয়াৰ কৰিবলৈ যদি পিপিএফৰ মাধ্যমেৰে ২৫ বছৰত ৯০ লাখ টকাৰ তহবিল তৈয়াৰ কৰিব খোজে তেন্তে এই স্কিমত প্ৰতিমাহে ১১,০০০ টকা বিনিয়োগ কৰিব লাগিব৷ এই বিনিয়োগত প্ৰতি বছৰে ১,৩২,০০০ টকা বিনিয়োগ কৰিব লাগে৷ ১৫ বছৰৰ পাছত ম্যাদপূৰ্তিৰ সময়কাল বঢ়োৱাৰ বাবে পোষ্ট অফিচত আবেদন কৰিব লাগে৷ এই বিনিয়োগৰ পৰা ২৫ বছৰত আপোনাৰ লাভ হ’ব ৯, ০৭১, ০৫৩ টকা লাভ হ’ব৷ এই বিনিয়োগৰ মাজত থাকিব ৩৩ লাখ টকা আৰু সুদৰ পৰা আয় হ’ব ৫,৭৭১, ০৫৩ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ