ব্ৰেইন টিউমাৰ এক জটিল অসুখ৷ এই ৰোগৰ ফান্দত পৰিলে প্ৰাণ লৈয়েই টনাআঁজোৰা হয়৷ সেয়ে এই ৰোগক লৈ সাৱধান হোৱা জৰুৰী৷ ভাল খবৰ হৈছে এই ৰোগ আৰম্ভণিতে ধৰা পৰিলে দ্ৰুত চিকিৎসা কৰা সম্ভৱ৷ ইয়াৰ পৰা মুক্তি পোৱাও সম্ভৱ৷ কিন্তু আৰম্ভণিতে কেনেকৈ এই ৰোগ ধৰা পেলাব? জানি থওক ব্ৰেইন টিউমাৰৰ কিছু লক্ষণ৷ এইসমূহ দেখিলেই দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লওক৷
চকুৰে ধোঁৱা ধোঁৱা দেখা
হঠাৎ চকুৰে ধোঁৱা ধোঁৱা দেখিছে নেকি? তেন্তে সাৱধান হওক৷ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷ কাৰণ ইয়াৰ কাৰণ হ’ব পাৰে ব্ৰেইন টিউমাৰ৷ এইক্ষেত্ৰত বহু সময়ত দুটা চকুৰেই আপুনি ধোঁৱা ধোঁৱা দেখিব পাৰে৷ চকুৰ সমস্যা বুলি বহুতে এই বিষয়ক আওকান কৰি চলে৷
বাৰে বাৰে মূৰৰ বিষ
মাইগ্ৰেইন থাকিলে মাজে মাজে মূৰৰ বিষ হয়৷ কোনো কাৰণ অবিহনেই যদি দৈনিক মূৰৰ বিষ আৰম্ভ হৈ যায় তেতিয়া সাৱধান হওক৷ কাৰণ, টিউমাৰৰ বাবে এই অসুবিধা হ’ব পাৰে৷ শীঘ্ৰেই সেয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷
বমি হোৱা
মূৰৰ বিষৰ সৈতে বমি হলে ৰৈ নাথাকিব৷ কাৰণ ইও ব্ৰেইন টিউমাৰৰ লক্ষণ হ’ব পাৰে৷ এই পৰিস্থিতিত দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লওক৷
কথা পাহৰি যোৱা
বহু সময়ত টিউমাৰৰ বাবেও বহু কথা মানুহে পাহৰি যায়৷ আনকি কোনো কামত ফকাচ কৰিবলৈ যাওঁতেও সমস্যা হয়৷ সেয়ে দৈনন্দিন এই সমস্যাই দেখা দিলে লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক৷
হঠাৎ মুড ছুইং
বাৰে বাৰে মুড ছুইঙেও কিন্তু এই সমস্যাৰেই ইংগিত বহন কৰে৷ ইয়াৰ পিছত একাধিক কাৰণ থাকিব পাৰে৷ এটা কাৰণ ব্ৰেইন টিউমাৰো হ’ব পাৰে৷ সেয়ে সাবধান হৈ চিকিৎসকৰ পৰামৰ্শ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















