অষ্টম দৰমহা কমিছন বাস্তৱায়নৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীয়ে পাব এই সুবিধা৷ পিয়নৰ পৰা কেৰাণী, অফিচাৰ অষ্টম দৰমহা কমিছন বাস্তবায়নৰ পাছত পাব বৰ্ধিত দৰমহা৷ জানি থওক কোন পদৰ ব্যক্তিয়ে কিমান বেছি দৰমহা পাব?
প্ৰধানমন্ত্ৰীয়ে দিছে এই অনুমোদন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত কেন্দ্ৰীয় মন্ত্ৰিসভাই অষ্টম দৰমহা ‘Terms of Reference’ (TOR) ত অনুমোদন দিছে৷ এই সিদ্ধান্তই ১ কোটিতকৈ বেছি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ বাবে ভাল খবৰ আনিছে৷ বিগত ১০ মাহ ধৰি এই ঘোষণাৰ অপেক্ষাত আছিল৷ চৰকাৰে আনুষ্ঠানিকভাৱে মঙলবাৰে ২৮ অক্টোবৰত ইয়াত অনুমোদন কৰিছে৷
টাৰ্ম অফ ৰেফাৰেন্স কি?
টাৰ্ম অফ ৰেফাৰেন্স হৈছে সেই কাঠামো যাৰ ওপৰত ভিত্তি কৰি দৰমহা কমিছন গঠন কৰা হৈছে৷ অৰ্থাৎ ই মূলত দৰমহা, ভাট্টা আৰু পেঞ্চন বৃদ্ধি পৰিমাণ নিৰ্ধাৰণ কৰে৷ ইতিমধ্যেই চৰকাৰে এই বিষয়টো স্পষ্ট কৰিছে৷ যেতিয়া কমিছন আৰু উন্নয়ন আৰু কল্যাণমূলক প্ৰকল্পসমূহত ব্যয় কৰাৰ ক্ষমতা বিবেচনা কৰে৷ অষ্টম দৰমহা কমিছনৰ বাস্তৱায়নৰ পাছত নিম্নলিখিত কৰ্মচাৰীয়ে ইয়াৰ সুবিধা পাব৷ সুবিধা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীয়ে৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ কৰ্মচাৰীয়ে৷ ৰে’লৱে, ডাক বিভাগ আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে৷
কেতিয়া দৰমহা বৃদ্ধি পাব?
কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ভিত্তি হব ফিটমেণ্ট ফেক্টৰ৷ সপ্তম দৰমহা কমিছনৰ এই ফেক্টৰটো 2.57 নিৰ্ধাৰণ কৰা হৈছিল৷ উদাহৰণস্বৰূপে যদি এজন কৰ্মচাৰীৰ মূল দৰমহা হয় ২০,০০০ টকা তেন্তে নতুন দৰমহা হব 20,000 × 2.57 = 51,400 টকা৷ যদি এইবাৰ চৰকাৰে ফিটমেণ্ট ফেক্টৰ আৰু বৃদ্ধি কৰে তেতিয়া দৰমহা আৰু বেছি হব৷
অষ্টম দৰমহা কমিছন কেতিয়া কাৰ্যকৰ কৰা হ’ব?
চৰকাৰৰ মতে অষ্টম দৰমহা কমিছন ২০২৬ চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰ হব৷ কিন্তু কমিছনক তেওঁলোকৰ প্ৰতিবেদন জমা দিয়াৰ বাবে ১৮ মাহ সময় দিয়া হৈছে৷ এইসমূহ সম্ভৱত ২০২৭ চন বা ২০২৮ চনত মাজত এই দৰমহা লাভ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















