ফ্লেট ক্ৰয়, ঘৰ নিৰ্মাণ অথবা মাটি ক্ৰয়ৰ বাবে বহুতেই গৃহঋণৰ ওপৰত ভৰসা কৰে৷ দীৰ্ঘম্যাদত কম সুদৰ হাৰত লোৱা হয় হোম লোন৷ এইক্ষেত্ৰত মূলত ঋণগ্ৰহিতাসকলে সময়মতে লোনৰ মাহিলি কিস্তি প্ৰদান কৰিব লাগে৷ ইয়াৰ মাধ্যমেৰেই ঋণগ্ৰহিতাই সমস্ত লোনৰ অংক আৰু সুদ সংশ্লিষ্ট আৰ্থিক প্ৰতিষ্ঠানক উভতাই দিব লাগে৷ বেংকে সাধাৰণতে ঋণ পৰিশোধৰ পাছত সম্পত্তিৰ ওপৰত থকা নিজৰ আধিপত্য গৃহমালিকক এৰি দিয়ে৷
গৃহঋণত সুদৰ হাৰ নিৰ্ধাৰণৰ সময়ত ঋণদাতাসকলৰ পক্ষৰ পৰা কেইবাটাও বিষয় বিবেচনা কৰা হয়৷ এইসমূহৰ মাজত অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য হৈছে ক্ৰেডিট স্কোৰ৷ ইয়াৰোপৰি ঋণৰ অংক, এল টি ভি ৰেছিঅ, চাকৰি আৰু সুদৰ হাৰৰ ধৰণ বিবেচনা কৰা হয়৷
৭৫ লাখ টকাৰ ওপৰত অংকৰ বাবে হোম লোনৰ সুদৰ হাৰ
ৰাষ্ট্ৰায়ত্ত বেংক
এক সংবাদসংস্থাৰ সূত্ৰৰ খবৰ অনুসৰি বৰ্তমান ষ্টেট বেংক অফ ইণ্ডিয়াই ৭৫ লাখ টকাতকৈ বেছি পৰিমাণে গৃহঋণ ল’লে
৮.৫০ শতাংশৰ পৰা ৯.৮৫ শতাংশ পৰ্যন্ত সুদ দিব লাগিব৷ বেংক অফ বৰোদাত ঘৰৰ ঋণৰ বাবে সুদৰ হাৰ আছে ৮.৪০ শতাংশৰ পৰা ১০.৯০ শতাংশ পৰ্যন্ত৷ ইউনিয়ন বেংক অফ ইণ্ডিয়াত গৃহঋণৰ সুদৰ হাৰ হৈছে ৮.৩৫ শতাংশৰ পৰা ১০.১৫ শতাংশ পৰ্যন্ত৷ বেংক অফ ইণ্ডিয়াত গৃহঃঋণৰ ক্ষেত্ৰত ৮.৪০ শতাংশৰ পৰা ১০.৮৫ শতাংশ পৰ্যন্ত সুদ আছে৷ কানাড়া বেংকৰ গৃহঃঋণৰ বাবে সুদ ৮.৪০শতাংশৰ পৰা ১১.১৫ শতাংশ পৰ্যন্ত নিৰ্ধাৰণ কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই৷ ইউতো বেংকৰ পৰা গৃহঋণ ল’লে ঋণগ্ৰহিতাই দিব লাগিব ৮.৪৫ শতাংশৰ পৰা ১০.৩০ শতাংশ পৰ্যন্ত সুদ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ