বৰ্তমান সময়ত সকলোৱে নিজৰ উপাৰ্জন সুৰক্ষিত কৰিব খোজে। বহুতে চেষ্টা কৰিও সফল হব নোৱাৰে। মাহৰ শেষত আপুনি কিমান দৰমহা পাইছে তাতকৈ বেছি গুৰুত্বপূৰ্ণ কথা হৈছে আপুনি কিমান সঞ্চয় কৰিছে। জৰুৰী পৰিস্থিতিত আপোনাৰ হাতত কিমান ফাণ্ড আছে সেয়াই প্ৰকৃত বিষয়। বজাৰত বিনিয়োগৰ বাবে একাধিক অপছন আছে। আজি আমি সকলোতকৈ নিৰাপদ বিকল্প SIP and PPF সম্পৰ্কে এই প্ৰতিবেদনত উল্লেখ কৰিছো। বছৰি ৯০,০০০ টকা জমা কৰিলে ১৫ বছৰত কোন স্কিমত আপুনি বেছি লাভ পাব?
ভৱিষ্যতৰ বাবে মোটা অংকৰ ফাণ্ড গঢ়ি তুলিবলৈ বেছি দৰমহা বা খুবেই ডাঙৰ অংকৰ ধনৰ প্ৰয়োজন নহয়। আপুনি যদি নিয়মিতভাৱে অলপ অলপকৈ বিনিয়োগ কৰি যায় তেতিয়া দীৰ্ঘম্যাদত ভাল অংকৰ ধন লাভ সম্ভৱ। উভয়েই নিয়মিত বিনিয়োগৰ উপায় হলেও ৰিটাৰ্ণৰ দিশৰ পৰা SIP আৰু PPFৰ মাজত পাৰ্থক্য আছে। ইয়াত SIPৰ ৰিটাৰ্ণ বছৰি ১২ শতাংশ ধৰা হৈছে। মাহিলী ৭৫০০ টকা বিনিয়োগ হিচাপে গণনা কৰা হৈছে। কাৰণ মুঠ বাৰ্ষিক বিনিয়োগ ৯০,০০০ টকা।
SIP ত কিমান ৰিটাৰ্ণ পোৱা যাব
১৫ বছৰ ধৰি প্ৰতিমাহে ৭৫০০ টকাকৈ SIPত বিনিয়োগ কৰিয়ে যদি গড়ে ১২শতাংশ ৰিটাৰ্ণ পোৱা যায় তেতিয়া আপোনাৰ মুঠ ফাণ্ড প্ৰায় ৩৭.৮লাখ টকা পৰ্যন্ত হব পাৰে। এই সময়ত আপুনি মুঠ বিনিয়োগ কৰিব মাত্ৰ ১৩.৫ লাখ টকা। কিন্তু কম্পাউণ্ডিঙৰ জোৰত আপোনাৰ টকা প্ৰায় তিনিগুণ বাঢ়ি যায়।
PPF ফাণ্ডত কিমান ৰিটাৰ্ণ পোৱা যাব
যদি আপুনি৯০,০০০ টকা বছৰি PPFত জমা কৰে তেতিয়া ৭.১ শতাংশ সুদৰ হাৰত ১৫ বছৰত আপোনাৰ ফাণ্ড প্ৰায় ২৪.৪ লাখ টকা হব। ইয়াতো আপোনাৰ মুঠ বিনিয়োগ থাকিব ১৩.৫ লাখ টকা। নিৰ্দিষ্ট সুগ থকাত বৃদ্ধিৰ সীমাবদ্ধতা থাকে। অর্থাৎ, একে পৰিমাণে বিনিয়োগ কৰাৰ পাছতো ৰিটাৰ্ণৰ দিশৰ পৰা SIP, PPF-ৰ তুলনাত বহু বেছি লাভজনক প্ৰমাণিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ