প্ৰেম, সুখ, আকাংক্ষা, ভোগ বিলাসিতাৰ প্ৰতীক শুক্ৰ৷ তাৰ অধীন নক্ষত্ৰ, পূৰ্বাষাঢ়া৷ চলিত বছৰৰ শেষত পূৰ্বাষাঢ়া নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই৷ ৩০ ডিচেম্বৰ ২০২৫ মঙলবাৰে নিশা ১০.০৫ মিনিটত পূৰ্বাষাঢ়া নক্ষত্ৰত প্ৰৱেশ কৰিব দৈত্যগুৰুৱে৷ এই গোচৰৰ প্রভাৱ পৰিব চাৰি ৰাশিৰ জাতকৰ জীৱনত৷ কেইবাটাও ৰাশিৰ জাতকৰ বাবে এই পৰিবৰ্তন ইতিবাচক হ’ব বুলি ধাৰণা৷ কৰ্মক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰিব পাৰিব৷ আৰ্থিক প্ৰবাহ বৃদ্ধি পাব পাৰে৷ সম্পত্তি ক্ৰয় কৰিব পাৰে৷ প্ৰেমৰ সম্পৰ্ক পূৰ্বতকৈ আৰু গভীৰ আৰু মধুৰ হৈ উঠিব৷ মানসিক শান্তিও বৰ্তি থাকিব৷
কোন ৪ ৰাশিৰ জাতকৰ বাবে শুভ সময় আৰম্ভ হ’ব?
তুলা ৰাশি
শুক্ৰৰ স্থান পৰিবৰ্তন, তুলা ৰাশিৰ জাতকৰ বাবে ইতিবাচক হব৷ বৈবাহিক সুখ আৰু ভালপোৱা বৃদ্ধি পাব৷ ব্যৱসায়ত লাভৰ পথ খুলিব৷ মনত জোৰ বজায় ৰাখক৷ মানসিক শান্তিও বৃদ্ধি পাব৷ দীৰ্ঘদিন ৰৈ থকা কাম এই সময়ত সম্পন্ন হব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ গোচৰে শুভ ফল কঢ়িয়াই আনিব৷ জীৱনত নতুন আশা আৰু দিশা দেখা পাব৷ সাফল্যৰ পথ সুগম হব পাৰে৷ উচ্চশিক্ষাৰ বাবে বিদেশ ভ্ৰমণৰ যোগ আছে৷ কেৰিয়াৰত উন্নতিৰ নতুন সুযোগ তৈয়াৰ হব পাৰে৷ দীৰ্ঘদিন ৰৈ থকা কাম সম্পন্ন হব৷ প্ৰেমৰ সম্পৰ্কত বেমেজালি কমিব৷
মীন ৰাশি
শুক্ৰৰ গোচৰত মীন ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক পৰিবৰ্তন আহিব৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হব৷ যি আপোনাৰ ক্ৰাছ, তেওঁলোকে আপোনাৰ প্ৰতি আকৃষ্ট হব পাৰে৷ অবিবাহিতসকলে নতুন সম্পৰ্কত সোমাই পৰিব পাৰে৷ সৃজনশীল কামৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাব৷ অৰ্থ উপাৰ্জনৰ বাবে বহু পথ খুলি যাব৷
বৃষ ৰাশি
শুক্ৰৰ পূৰ্বাষাঢ়াৰ গোচৰ বৃষ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হব পাৰে৷ তেওঁলোকৰ জীৱনলৈ হঠাৎ অৰ্থৰ প্ৰবাহ বৃদ্ধি পাব পাৰে৷ প্ৰেমৰ সম্পৰ্ক পূৰ্বতকৈ আৰু গভীৰ আৰু মধুৰ হৈ উঠিব৷ সম্পত্তি কিনাৰ বাবে এই সময় শুভ৷ মানসিক শান্তিও থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















