লিভাৰ আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ৷ ই তেজ পৰিষ্কাৰ কৰা, খাদ্য হজমত সহায় কৰা আৰু শৰীৰক শক্তি যোগান ধৰাৰ কাম কৰে৷ লিভাৰৰ কোষত কৰ্কটৰ বীজাণুৱে বাঁহ বান্ধিলে প্ৰাৰম্ভিক অৱস্থাত বহুতেই গম নাপায়৷ ফলত চিকিৎসাত দেৰী হৈ পৰে৷ লিভাৰত এই ৰোগ হলে প্ৰথমে কিছু প্ৰাথমিক সংকেত পঠিয়াই৷ যি সময়ত গুৰুত্ব দিলে দ্ৰুত ৰোগ চিহ্নিত কৰা সম্ভৱ হৈ পৰে৷ এইক্ষেত্ৰত কি কি লক্ষণ দেখিলে সতৰ্ক হব?
১. ভোক কমি যোৱা বা খোৱাবোৱাত অনীহাঃ যদি হঠাৎ খাদ্য খোৱাৰ ইচ্ছা কমি যায় বা সামান্য খালেই পেট ভৰি যায় বা খাদ্যৰ গোন্ধত অৰুচি আহে তেতিয়া সেয়া লিভাৰৰ সমস্যাৰ ইংগিত হব পাৰে৷ কৰ্কটৰ প্ৰাথমিক পৰ্যায়ত এই লক্ষণ খুবেই সাধাৰণ৷
৪. খুব সহজে ক্লান্ত হৈ যোৱাঃ যথেষ্ট টোপনিৰ পাছত দিনজুৰি দুৰ্বল লগা. শৰীৰত এনাৰ্জি কমি যোৱা বা কামত মন নবহা এইসমূহ লিভাৰৰ কৰ্কটৰ লক্ষণ হব পাৰে৷ লিভাৰে যেতিয়া ঠিকমতে কাম কৰিব নোৱাৰে তেতিয়া শৰীৰত টক্সিন জমা হৈ ক্লান্তি বাঢ়ি যায়৷
৫. চকু বা ছালত হালধীয়া ভাৱঃ লিভাৰৰ সমস্যাত চকু, ছাল, মুখত হালধীয়া ৰঙে দেখা দিয়ে৷ প্ৰস্ৰাৱৰ ৰং গাঢ় হৈ যায় আৰু আৰু মলৰ ৰং পাতল হৈ পৰে৷ ই লিভাৰৰ গুৰুতৰ সমস্যাৰ অন্যতম ইংগিত৷
লিভাৰ কৰ্কট যিমানেই সোনকালে ধৰা পৰে সিমানেই চিকিৎসা কৰাৰ সুযোগ পোৱা যায়৷ প্ৰাথমিক পৰ্যায়ত ৰোগ চিনাক্ত হলে কৰ্কট বিয়পি পৰাৰ পূৰ্বেই চিকিৎসা আৰম্ভ কৰা সম্ভৱ আৰু ৰোগী সুস্থ হোৱাৰ সম্ভাৱনা বহু পৰিমানে বাঢ়ি যায়৷ কিন্তু লক্ষণসমূহ অৱহেলা কৰিলে ৰোগ ধৰা পৰাত দেৰী হলে চিকিৎসা বহুপৰিমাণে কঠিন হৈ পৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















