জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ মৃত্যু নহয়৷ এই ৰহস্য মৃত্যুৰ পৰ্দা যেন এখন এখনকৈ উঠিছে৷ শেহতীয়াকৈ সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি ৭৫ মিনিট ধৰি পানীত ডুব গৈ আছিল জুবিন গাৰ্গ৷ সেই ৭৫ মিনিটত জুবিনক সহায় কৰিবলৈ আগুৱাই যোৱা নাছিল আশে পাশে থকা কোনো এজন সহযোগীয়েই৷ য়ট পাৰ্টীত জুবিনৰ সৈতে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ ওপৰিও আছিল সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা আৰু সন্দীপন গাৰ্গ৷
১২ তাৰিখে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বীট ইতিমধ্যেই দাখিল কৰা হৈছে৷ যিকোনো ব্যক্তিয়ে ইচ্ছা কৰিলে এই চাৰ্জশ্বীটৰ প্ৰতিলিপিৰ বাবে আবেদনো কৰিব পাৰিব৷ চাৰ্জশ্বীটৰ প্ৰতিলিপিৰ বাবে বিভিন্নজনে আদালতত আবেদন কৰিছে৷ ইয়াৰ মাজত একাংশ অধিবক্তাও আছে৷ সূত্ৰৰ খবৰ অনুসৰি এই চাৰ্জশ্বীটত স্পষ্টকৈ উল্লেখ আছে যে জুবিন গাৰ্গক সুস্থ মগজুৰে প্লেনিং কৰি হত্যা কৰা হৈছিল৷ এই হত্যাকাণ্ডত প্ৰৱাসী অসমীয়া লগত থকাৰ বাবে জগৰীয়া হৈছে যদিও তেওঁলোক প্ৰকৃততে দায়ী নহয় বুলি দাবী কৰিছে সূত্ৰৰ খবৰে৷ শ্যামকানু আৰু সিদ্ধাৰ্থই প্লেনিং কৰি এই হত্যাকাণ্ড সংঘটিত কৰিছে৷
চাৰ্জশ্বীটতো এই তথ্যই আছে বুলি দাবী কৰিছে সূত্ৰটোৱে৷ সিদ্ধাৰ্তই দীৰ্ঘদিন ধৰি জুবিনৰ ধনৰ লুণ্ঠন চলাই আহিছিল৷ শেহতীয়াভাৱে জুবিনে এইসমূহ তথ্য জানি সিদ্ধাৰ্থক ধনৰ হিচাপো বিচাৰিছিল৷ কিন্তু সিদ্ধাৰ্থই ধনৰ হিচাপ জুবিনক নিদিলে৷ তাৰ ওপৰিও শ্যামকানুৰো জুবিনৰ প্ৰতি কোনো ভালভাৱ পূৰ্বৰে পৰাই নাছিল৷ এই কথা চাৰ্জশ্বীটৰ পূৰ্বেও শ্যামকানুৰ নিজা ভতিজী সৃজনী ভাস্ব মহন্তইয়ো জনাইছে৷ জুবিনে মুকলিকৈ বহু সময়ত শ্যামকানুৰ কৰ্মকাণ্ডক সমালোচনা কৰিছিল৷ জুবিনক কেৱল পণ্যৰ দৰেহে ব্যৱহাৰ কৰিছিল শ্যামকানুৱে৷ জুবিনেও এই ব্যৱহাৰৰ কথা জানিছিল সেয়ে বহু সময়ত সুযোগ বুজি মুকলিকৈ শ্যামকানুক অপমানো কৰিছিল৷ শেহতীয়াভাৱে সিদ্ধাৰ্থ আৰু শ্যামকানুৱে জুবিনক শেষ কৰি দিয়াৰ পাঙ একেলগেই পাতে৷ জুবিনক শেষ কৰাৰ এই প্লেনিঙত সিদ্ধাৰ্থ আৰু শ্যামকানুৱে ব্যৱহাৰ কৰিলে অমৃতপ্ৰভা আৰু শেখৰকো৷ অসমৰ পৰা আঁতৰাই নি ছিংগাপুৰত এই পৰিকল্পনা ৰচা খুবেই সহজ হৈছিল শ্যামকানু আৰু সিদ্ধাৰ্থৰ৷
ছিংগাপুৰলৈ অনুষ্ঠান পৰিবেশনৰ বাবে লৈ যোৱা জুবিন গাৰ্গক এজন শিল্পীক দিবলগীয়া নূন্যতম সন্মানখিনিও দিয়া নাছিল শ্যামকানুৱে৷ থাকিবৰ বাবেও দিয়া নাছিল হোটেলৰ ছিংগল কোঠা৷ জুবিন গাৰ্গক থাকিবলৈ দিয়া হোটেলত সিদ্ধাৰ্থ আৰু শেখৰ এটা পৃথক কোঠাত, সন্দীপন গাৰ্গক এটা পৃথক কোঠা আৰু জুবিন গাৰ্গক থাকিবলৈ দিয়া হৈছিল অমৃতপ্ৰভাক৷ অমৃতপ্ৰভাক পৰিকল্পিতভাৱেই শ্যামকানুৱে জুবিনৰ সৈতে এটা কোঠা দিছিল৷ আৰু এই ব্যৱস্থা দেখি নিজেও আচৰিত হৈছিল জুবিন গাৰ্গ৷ সেই নিশাই জুবিনক অত্যধিক সুৰাপান কৰোৱাইছিল অমৃতপ্ৰভাই৷ অমৃতপ্ৰভাৱ এই নিৰ্দেশ দিছিল শ্যামকানুৱে৷ জুবিন থকা হোটেললৈ নিশা শ্যামকানুও আহিছিল৷ শ্যামকানুৱেই জুবিনলৈ লৈ আহিছিল বিশেষ সুৰা৷ যি সুৰা ছিংগাপুৰত উপলব্ধই নহয়৷ আৰু জুবিনক নিশা অত্যধিক সুৰাপান কৰোৱাত তথ্য আছে তেওঁৰ পোষ্টমৰ্টেম ৰিপৰ্টতেই৷ কাৰণ মৃত্যুৰ পাছত তেওঁৰ শৰীৰত এলক’হলৰ পৰিমাণ ৩৬০তকৈ অধিক৷
এইসমূহ তথ্য যদি আদালতত সঁচা প্ৰমাণিত হয় তেন্তে কঠোৰতকৈ কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে সিদ্ধাৰ্থ আৰু শ্যামকানুৰ বিৰুদ্ধে৷ ইতিমধ্যেই সিদ্ধাৰ্থ, শ্যামকানু, অমৃতপ্ৰভা, শেখৰৰ বিৰুদ্ধে লগোৱা হৈছে BNS ১০৩ ধাৰা৷ এই ধাৰা হত্যাৰ ষড়যন্ত্ৰত লগোৱা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ