বছৰটোৰ শেষৰটো অমাবস্যা কেতিয়া! ৰাশি অনুসাৰে দান কৰি অৰ্জন কৰক পূণ্য
হিন্দু শাস্ত্ৰত পূৰ্ণিমা আৰু অমাবস্যাৰ গুৰুত্ব অধিক। এই দুয়োটা দিনতে বহু শুভ অশুভ কাৰ্য সমাপন হয়। বছৰত ১২ টা অমাবাস্যা আৰু পূৰ্ণিমা আহে। ইতিমধ্যে ১১ টা অমাবাস্যা হৈ গৈছে। পাছে বছৰৰ শেষৰটো তথা পুহ মাহৰ অমাবাস্যা কেতিয়া। ইয়াৰ গুৰুত্ব কি!
এইবাৰৰ পুহ মাহৰ অমাবস্যা ১৯ ডিচেম্বৰ তাৰিখে পৰিছে। বৈদিক শাস্ত্ৰ অনুসৰি, কাইলৈ পুৱা ৪ বাজি ৫৯ মিনিটৰ পৰা অমাবস্যা তিথি আৰম্ভ হব আৰু ২০ ডিচেম্বৰ তাৰিখে পুৱা ৭ বাজি ১২ মিনিটত অন্ত পৰিব।
দুদিনীয়া হলেও এইবাৰৰ পুহ মাহৰ অমাবস্যা ব্ৰত তথা পূজা ১৯ তাৰিখে সম্পন্ন হব। এইবাৰৰ অমাবস্যা কিছু বিশেষ। মান্যতা অনুসৰি ৰাশি অনুযায়ী দান কাৰ্য সম্পন্ন কৰিলে পিতৃ ঋণ, গুৰু ঋণ, দেৱ ঋণ আদিৰ পৰা মুক্ত পাব পাৰি।
মেষ ৰাশি- এইবাৰৰ অমাবস্যাত মেষ ৰাশিৰ লোকে গৰম বস্ত্ৰ, কম্বল, খাদ্য আদি দান কৰিব।
বৃষ ৰাশি- এই ৰাশিৰ লোকে কাইলৈ ধন অথবা অন্ন দান কৰিব।
মিথুন ৰাশি- মিথুন ৰাশিৰ লোকে কুহিয়াৰৰ ৰস, পানী আদি দান কৰিব।
কৰ্কট ৰাশি- এই ৰাশিৰ লোকে বছৰৰ অন্তিমটো অমাবাস্যাত বগা খাদ্য আৰু বগা বস্ত্ৰ দান কৰিব।
সিংহ ৰাশি- এই ৰাশিৰ লোকে গুড়, বুট, মৌ আদি দান কৰিব পাৰে।
কন্যা ৰাশি- এই ৰাশিৰ লোকে ঘিউৰে বনোৱা খাদ্য দান কৰিব।
তুলা ৰাশি- তুলা ৰাশিৰ লোকে বগা বস্ত্ৰ দান কৰাৰ লগতে ব্ৰাহ্মণক খাদ্য খুৱাব।
বৃশ্চিক ৰাশি- এই ৰাশিৰ লোকে গুড়, ৰঘা বস্ত্ৰ দান কৰিব।
ধনু ৰাশি- এই ৰাশিৰ লোকে মিঠাই, কল, হালধীয়া বস্ত্ৰ আদি দান কৰিব পাৰে।
মকৰ ৰাশি- এই ৰাশিৰ লোকে তিল দান কৰিব পাৰে।
কুম্ভ ৰাশি- এই ৰাশিৰ লোকে ধনৰ লগতে জোতা-চেণ্ডেল আদি দানি কৰিব পাৰে।
মীন ৰাশি- গৰম বস্ত্ৰ, খাদ্য আৰু পানী দান কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















