যৌনতাক লৈ অকপট আলোচনাৰ স্থান আজিৰ আধুনিক সমাজতো খুবেই কম৷ যৌন আলোচনাক লৈ সমালোচনা কৰা মানুহৰ অভাৱ নাই৷ জনসমক্ষে যৌনতা আৰু যৌনজীৱনক লৈ আলোচনা কৰিবলৈ সংকোচবোধ কৰে প্ৰায় মানুহেই৷ সমাজৰ এই নিয়ম ভাঙি যৌনতাক মুকলিকৈ আলোচনা কৰি চৰ্চালৈ আহিছে এগৰাকী নাৰী৷ তেওঁ আন কোনো নহয় তেওঁ সীমা আনন্দ৷
ভাৰতীয় সংস্কৃতিত প্ৰকাশ্যে যৌনতাক লৈ কথা ক’বলৈ গৈ মাত কঁপি উঠা নাই সীমাৰ৷ বৰঞ্চ সকলোকে এই বিষয়ত মুক্ত আলোচনাৰ বাবে আহ্বান জনাইছে সীমাই৷ পডকাষ্টৰ পৰা ইউটিউব সকলোতে তেওঁ যৌনতা আৰু সম্পৰ্কক লৈ খোলাখুলি কথা পতাৰো আহ্বান জনাইছে৷ যৌনতাক লৈ থকা হাজাৰ মিথো ভাঙিছে সীমাই৷ যৌনতাৰ পাঠ পঢ়াবলৈ নিজৰ ইউটিউব চেনেল খুলিছে সীমাই৷ তাতেই আলোচনাত বহিছে লেখিকা তথা যৌনশিক্ষা প্ৰদানকাৰী সীমাই৷
নিজৰ জীৱনৰ অন্তৰংগ মুহূৰ্তক লৈয়ো মুকলি আলোচনা কৰিবলৈ দ্বিধাবোধ ৰখা নাই সীমাই৷ ফেছবুক, ইউটিউবত সীমাৰ একাধিক ভিডিঅ’ক লৈ সেয়ে নাক কোঁচাইছে বহুজনে৷ ৬৩ বছৰীয়া সীমাই যৌনতাক মেলি ধৰিছে বুলি বহুতেই ভাষ্যও প্ৰদান কৰিছে৷ সীমাই নিজেও এই বিষয়ত অকপট স্বীকাৰোক্তিও দিছে৷ এই ভিডিঅসমূহক যৌনগন্ধী বুলি সমালোচনা কৰিলেও সীমাই কৈ থকা প্ৰতিটো কথাই বাস্তৱত নগ্ন সত্য সেয়া কোনেও অস্বীকাৰো কৰিব পৰা নাই৷
কান্ধ পৰ্যন্ত বগা চুলিৰে সীমাৰ ব্যক্তিত্বইয়ো বহুজনক আকৰ্ষিত কৰিছে৷ ৬৩ বছৰ বয়সতো সীমাৰ মেদহীন শৰীৰে আকৰ্ষিক কৰিছে বহু যুৱকক৷ মেলা চুলি, কঁপালত বেছিভাগ সময়তে বগা ফোঁট আৰু ওঁঠত ডাঠ ৰঙা লিপষ্টিকেৰে সীমাৰ এক আকৰ্ষণীয় ৰূপ৷ সেয়াই তেওঁ নিজস্বতা৷ দেখনীয়াৰ শাৰী পিন্ধি ভিডিঅ’সমূহতো তেওঁ বিভিন্ন ভংগীমাৰে বহে৷ তেওঁৰ বাচনভংগী, সন্মোহনী কণ্ঠশ্বৰে ধৰি ৰাখে দৰ্শকক৷ তেওঁক লৈ সমালোচনা কৰিলেও তেওঁৰ ভিডিঅ’সমূহৰ দৰ্শকো কিন্তু কম নহয়৷
সম্প্ৰতি এক সাক্ষাৎকাৰলৈ আহি সীমাই কেইবাটাও বিস্ফোৰক মন্তব্য ৰাখিছে৷ সামাজিক মাধ্যমত তেওঁৰ সেই মন্তব্যসমূহ খুবেই ভাইৰেলো হৈছে৷ বিতৰ্কৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে তেওঁৰ বক্তব্য৷ শাৰীৰিক সম্পৰ্ক, সম্পৰ্ক, জীৱন আৰু মানুহৰ চাহিদাৰ দৰে সংবেদনশীল বিষয়ক লৈ মুক্ত আলোচনা কৰাৰ লগতে ব্যক্তিগত অভিজ্ঞতাৰ কথাও তুলি ধৰিছে তেওঁ৷
সীমাই জনাইছে যে তেওঁক এজন ১৫বছৰ বয়সীয়া কিশোৰে প্ৰেমৰ প্ৰস্তাৱ দিছিল৷ ৬৩ বছৰৰ সীমা কিমান আকৰ্ষণীয় সেয়া মুকলিকৈ জনাই প্ৰপোজ কৰিছিল ১৫বছৰীয়া কিশোৰে৷ সীমাতকৈ চাৰি গুণ সৰু সেই যুৱকৰ কথা কৈ সাক্ষাৎকাৰত প্ৰেমৰ বিষয়টোক আৰু শাৰীৰিক আকৰ্ষণৰ কথা মুকলিকৈ বুজাই দিছে সীমা আনন্দে৷
সীমাৰ এই সাক্ষাৎকাৰক লৈ বহু নেটনাগৰিকে কৈছে যে এই ধৰণৰ আলোচনা সামাজিক মাধ্যমত বিনোদনৰ বাবে চলি থকাটো উদ্বেগৰ বিষয়৷ নাবালকসকলৰ সৈতে সম্পৰ্কিত বিষয়সমূহক এনেকৈ পাতলভাৱে আলোচনা কৰাটো উচিতো নহয় বুলি দাবী বহুতৰে৷
কিন্তু যৌনতাক লৈ মুক্ত মনৰ সীমাই বয়সৰ গণ্ডিত যৌনতাক ধৰি ৰাখিবলৈ মন কৰা নাই৷ যৌনতাত নাৰী-পুৰুষৰ সমান অধিকাৰৰ প্ৰসংগও সীমাই বাৰে বাৰে কৈছে৷ কেনেকৈ যৌনতাক উপভোগ কৰিব পাৰি সেই বিষয়েও মুকলিকৈ কৈছে সীমা আনন্দে৷ সীমা আনন্দ লণ্ডনপ্ৰৱাসী৷ সামাজিকমাধ্যমত প্ৰতিদিনে তেওঁ যৌনতাক লৈ নানান পৰামৰ্শ দি আহিছে৷ তেওঁ ভাৰতীয় পৌৰাণিক কাহিনীবিদ হোৱাৰ ওপৰিও সীমা এগৰাকী প্ৰতিষ্ঠিত লেখিকাও৷ দ্যা আৰ্টছ অফ চিডাকথন নামৰ এখন গ্ৰন্থও প্ৰকাশ কৰিছে সীমাই৷ মহাভাৰত, ৰামায়ণ, তান্ত্ৰিক দৰ্শন, কামসূত্ৰ আৰু ভগবদগীতাৰ ওপৰিও নানান বিশ্লেষণমূলক আলোচনাও কৰি থাকে তেওঁ৷ তেওঁ এনে এগৰাকী বিশেষজ্ঞ যিয়ে শাৰীৰিক ঘনিষ্ঠতা আৰু মানুহৰ চাহিদাৰ বিষয়সমূহক প্ৰকাশ্যে তুলি ধৰি মিছা লজ্জা ভঙাৰো চেষ্টা কৰিছে৷
লেখিকা সীমা আনন্দৰ মত, কামসূত্ৰ আৰু তান্ত্ৰিক দৰ্শনক অশ্লীলতাৰ দৃষ্টিকোণেৰে চোৱাটো ভুল৷ বৰং চেতনা আৰু শক্তি হিচাপে চাব লাগে৷ স্পষ্টবাদী হোৱাৰ বাবে তেওঁক বহুতেই লক্ষ্য কৰিও লৈছে৷ কামৰ দেৱী, যৌনতাৰ প্ৰতীক বুলিও বহুতে তেওঁক আখ্যা দিছে সামাজিকমাধ্যমত৷
সকলো সমালোচনা নেওচি সীমাই বুজাই দিছে যৌন আকাঙ্ক্ষা ভুল নহয়, যৌন আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ৷ সেয়ে কুণ্ঠাহীনভাৱে তেওঁ এই প্ৰচাৰ চলাই যাব বুলিও জনাইছে৷ তেওঁৰ মতে, ভাৰতীয় সংস্কৃতিত যৌনতাক কেতিয়াও অপবিত্ৰ বা ভুল বুলি কোৱা হোৱা নাই৷ ই জীৱনৰ এক স্বাভাৱিক আৰু পবিত্ৰ অংশ বুলিও দাবী কৰিছে সীমাই৷ সীমাৰ নিজৰ বৈবাহিক জীৱনো এখন খোলা কিতাপৰ দৰে৷ তেওঁৰ স্বামী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী৷ আৰু তিনি সন্তানো আছে সীমাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















